মহাৰাষ্ট্ৰৰ বন বিভাগে সাতাৰা জিলাৰ আদানী গ্ৰীণ এনাৰ্জিৰ ১৫০০ মেগাৱাটৰ তাৰালি পাম্পড ষ্ট’ৰেজ জলবিদ্যুৎ প্ৰকল্পৰ কাম শীঘ্ৰে বন্ধ কৰাৰ নিৰ্দেশ দিছে। সূত্ৰ অনুসৰি, সাতাৰা বন সংমণ্ডলৰ ডেপুটি কনজাৰ্ভেটৰ অৱ ফৰেষ্ট (ডিচিএফ) আৰু নেশ্যনেল ব’ৰ্ড ফৰ ৱাইল্ড লাইফৰ অনুমতি অবিহনে এই প্ৰকল্পৰ কাম আৰম্ভ হৈছিল। প্ৰকল্পটোৰ ব্যয় অস্বাভাৱিকভাৱে কমকৈ দেখুওৱাৰ বিতৰ্কৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
সূত্ৰ অনুসৰি, নিয়ম উলংঘা কৰাৰ অভিযোগ অস্বীকাৰ কৰিছে আদানী গ্ৰুপে। তেওঁলোকে দাবী কৰে যে প্ৰকল্পটোৰ কোনো অংশ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত নপৰে আৰু ইতিমধ্যে বন্যপ্ৰাণী বিভাগৰ পৰা ক্লিয়াৰেন্সৰ বাবে আবেদন সংশ্লিষ্ট ব’ৰ্ডত দাখিল কৰা হৈছে।
জানিব পৰা মতে, সাতাৰাৰ পাটান তালুকৰ সহ্যাদ্ৰী বাঘ সংৰক্ষিত বনাঞ্চলৰ ইক’-চেন্সিটিভ জ’নত এই প্ৰকল্পৰ কাম চলি আছিল। বন বিভাগে নেশ্যনেল ব’ৰ্ড ফৰ ৱাইল্ড লাইফৰ অনুমতি অবিহনে নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ বাবে ‘ষ্টপ-ৱৰ্ক’ জাননী জাৰি কৰিছে। ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত পৰিৱেশ নিষ্কাশনৰ সময়ত এই প্ৰকল্পৰ আনুমানিক ব্যয় আছিল ৫,৬৭৫ কোটি টকা। পিছলৈ ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত আদানী গ্ৰুপে ১০০ গুণ হ্ৰাস কৰি মাত্ৰ ৫৬.৭৫ কোটি টকা বুলি উল্লেখ কৰে।
সূত্ৰ অনুসৰি সাতাৰা বন বিভাগে বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘা কৰাৰ বাবে আদানী ৰিনিউৱেল এনাৰ্জি ৱান লিমিটেডলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়েও অগ্ৰাধিকাৰ ভিত্তিত বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে।
পৰিবেশ কৰ্মী আৰু স্থানীয় কৃষকসকলে পৰিৱেশৰ ক্ষতি আৰু তাৰালী বান্ধৰ জলসিঞ্চন ব্যৱস্থা ব্যাহত হোৱাৰ আশংকাত এই প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীক এজাহাৰ দাখিল কৰিছে।

