২০০২ চনৰ গুজৰাটৰ সাম্প্ৰদায়িক হিংসাৰ ভয়ংকৰ স্মৃতিয়ে আজিও খেদি ফুৰিছে বিলকিছ বানুক। ন্যায়ৰ আশাত সুদীৰ্ঘ ২৪ বছৰ ধৰি চলাই অহা আইনী যুঁজৰ মাজতে পুনৰ চৰ্চালৈ আহিছে তেওঁৰ গোচৰ। এই গোচৰত দোষী সাব্যস্ত দুজন লোকক উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰাৰ পিছতে তীব্ৰ ক্ষোভ আৰু হতাশা প্ৰকাশ কৰিছে বিলকিছে। তেওঁ অভিযোগ কৰা মতে, তেওঁক কোনো জাননী নিদিয়াকৈয়ে এই সিদ্ধান্ত লোৱা হৈছে। আনকি আদালতত নিজৰ বক্তব্য দাঙি ধৰাৰ সুযোগো তেওঁ লাভ কৰা নাই। সেয়েহে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ সিদ্ধান্ত লৈছে বিলকিছ বানুৱে। নিজৰ সন্তানৰ সুৰক্ষা আৰু ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই এই যুঁজ অব্যাহত ৰাখিব বুলি স্পষ্ট কৰি দিছে তেওঁ।
মঙলবাৰে অধিবক্তাৰ জৰিয়তে প্ৰকাশ কৰা এক বিবৃতিত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিলকিছ বানুৱে। তেওঁৰ মতে, যোৱা ২৮ অক্টোবৰত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ বিষয়ে তেওঁ সংবাদমাধ্যমৰ বাতৰিৰ পৰাহে জানিব পাৰিছিল। তেওঁক কোনো আগজাননী নিদিয়াকৈ এইবাৰ দ্বিতীয়বাৰৰ বাবে এনে সিদ্ধান্ত লোৱা হৈছে বুলিও অভিযোগ কৰিছে বিলকিছে। তেওঁৰ বক্তব্য শুনিবলৈ এবাৰো আদালতলৈ মতা হোৱা নাই বুলি বিবৃতিটোত উল্লেখ কৰে।
উল্লেখ্য যে ২০০২ চনৰ গুজৰাটৰ সাম্প্ৰদায়িক হিংসাৰ সময়ত মাত্ৰ ১৯ বছৰ বয়সতে গণধৰ্ষণৰ বলি হৈছিল বিলকিছ বানু। সেই সময়তে তেওঁৰ পৰিয়ালৰ সাতগৰাকী সদস্যক হত্যা কৰা হৈছিল। নিহতসকলৰ ভিতৰত আছিল তেওঁৰ তিনি বছৰীয়া কন্যা ছালেহাও। সেই ভয়ংকৰ ঘটনাই তেওঁৰ পৰিয়াল, বিশ্বাস আৰু জীৱন সম্পূৰ্ণৰূপে থানবান কৰি পেলাইছিল। তেতিয়াৰ পৰাই ন্যায়ৰ আশাত আইনী যুঁজ অব্যাহত ৰাখিছে বিলকিছে।
যোৱা ২৮ অক্টোবৰত উচ্চতম ন্যায়ালয়ে এই গোচৰত দোষী সাব্যস্ত বিপিনচন্দ্ৰ যোশী আৰু প্ৰদীপ মোদিয়াক জামিন প্ৰদান কৰে। ২০১৭ চনৰ মে’ মাহত বোম্বে উচ্চ ন্যায়ালয়ে দুয়োকে দোষী সাব্যস্ত কৰাৰ ৰায় আৰু যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বাহাল ৰাখিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে দুয়োগৰাকী দোষীয়ে ইতিমধ্যে ১৭ বছৰতকৈ অধিক সময় কাৰাগাৰত কটাইছে। লগতে তেওঁলোকৰ আবেদনৰ সৈতে জড়িত কিছুমান আইনী আৰু তথ্যগত বিষয় পৰীক্ষা কৰাৰ প্ৰয়োজন আছে। সেই কাৰণতে আপাততঃ তেওঁলোকৰ শাস্তি স্থগিত ৰাখি জামিন প্ৰদান কৰা হৈছে।
আদালতৰ এই নিৰ্দেশৰ পিছতে নিজৰ লগতে পৰিয়ালৰ সুৰক্ষাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বিলকিছ বানুৱে। তেওঁৰ আশংকা, অভিযুক্তসকল কাৰাগাৰৰ বাহিৰত থকাৰ ফলত পুনৰ ভয় আৰু অনিশ্চয়তাৰ মাজত দিন কটাবলগীয়া হ’ব পাৰে। সন্তানক এনে এক পৰিৱেশত ডাঙৰ কৰিব নিবিচাৰে, য’ত প্ৰতিটো মুহূৰ্ততে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হয় বুলি প্ৰকাশ কৰিছে তেওঁ। বিশেষকৈ তিনি বছৰীয়া কন্যা ছালেহাৰ স্মৃতিয়েই তেওঁক ন্যায়ৰ যুঁজ অব্যাহত ৰখাৰ শক্তি যোগাই আহিছে।




