ব্যক্তিগত বিমান সংস্থা স্পাইচজেটৰ ক্ৰমবৰ্ধমান পৰিচালনাগত সংকটৰ বাবে তীব্ৰ দুৰ্ভোগৰ সন্মুখীন হ’বলগীয়া হৈছে যাত্ৰীসকল। একাধিক বিমানৰ উৰণ বাতিল আৰু বিলম্ব হোৱাৰ পাছতো বিমান সংস্থাটোৰ পৰা কোনো আগতীয়া জাননী, বিকল্প ব্যৱস্থা অথবা টিকটৰ ধন ঘূৰাই পোৱাৰ স্পষ্ট তথ্য লাভ নকৰাত যাত্ৰীসকলে নিজাকৈয়ে বিমানৰ স্থিতি জানিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বিমানবন্দৰত উপস্থিত হোৱাৰ পূৰ্বে যাত্ৰীসকলক পৰ্যাপ্ত তথ্য প্ৰদান কৰা হৈছে নে নাই, তাক লৈ এতিয়া স্পাইচজেটৰ বুকিং পদ্ধতি আৰু যাত্ৰীসেৱা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।
দীপাৱলী উপলক্ষে ঘৰলৈ যাবলৈ স্পাইচজেটৰ টিকট বুক কৰা মাৰ্কেটিং পেছাটোৰে জড়িত ছিমৰন জুনেজাই অভিযোগ কৰে যে তেওঁৰ বিমান বাতিল হোৱাৰ বিষয়ে সংস্থাটোৰ পৰা কোনো আনুষ্ঠানিক জাননী লাভ কৰা নাছিল। তেওঁ কয় যে বিমান সংস্থাটোৱে তেওঁক সম্পূৰ্ণ আন্ধাৰত ৰাখিছিল আৰু কোনো পৰৱৰ্তী যোগাযোগো কৰা নাছিল। জুনেজাই জানিব পাৰে যে তেওঁৰ পৰিচিত আন এগৰাকী ব্যক্তিয়েও বিমান বাতিল হোৱাৰ কথা নজনাকৈয়ে একেখন বিমানত উঠিবলৈ সাজু হৈ আছিল, যাৰ ফলত তেওঁ নিজেই সেই ব্যক্তিগৰাকীক অৱগত কৰিবলগীয়া হয়। গ্ৰাহক সেৱাৰ সৈতে যোগাযোগ কৰিবলৈ যাওঁতেও স্বয়ংক্ৰিয় ‘বট’ ব্যৱস্থাই কোনো সহায় নকৰা বুলি উল্লেখ কৰি তেওঁ কয় যে অনলাইনত বিমানৰ স্থিতি পৰীক্ষা কৰা ব্যৱস্থাটোও কাম কৰা নাছিল আৰু বাতিল হোৱা বিমানসমূহ তালিকাৰ পৰা আঁতৰাই দিয়া যেন অনুভৱ হৈছিল। অৱশেষত সংস্থাটোৰ ৱেবছাইটত নিজৰ বিমান নম্বৰটো পৃথককৈ অনুসন্ধান কৰিহে তেওঁ বিমান বাতিল হোৱাৰ কথা জানিব পাৰে। তৃতীয় পক্ষৰ অনলাইন ট্ৰেভেল প্লেটফৰ্মৰ কাষ চপাৰ পাছতহে তেওঁ টিকটৰ ধন ঘূৰাই পায় যদিও একে পৰিস্থিতিৰ সন্মুখীন হোৱা তেওঁৰ এগৰাকী বন্ধুৱে এতিয়াও ধন ঘূৰাই পোৱাৰ অপেক্ষাত আছে বুলি তেওঁ জানিবলৈ দিয়ে।
পৰিচালনাগত অনিশ্চয়তা আৰু নিষেধাজ্ঞা থকা পথসমূহতো টিকট বুকিং অব্যাহত ৰখাক লৈ নতুন প্ৰশ্নৰ উদয় হৈছে। ২২ নৱেম্বৰ দেওবাৰে স্পাইচজেটৰ অনলাইন বুকিং প্ৰক্ৰিয়া পৰ্যালোচনা কৰোঁতে দেখা যায় যে যাত্ৰীসকলে অহা ২৪ নৱেম্বৰৰ দিল্লী-ডুবাই আৰু দিল্লী-মুম্বাই বিমানৰ বাবে কোনো বিশেষ সতৰ্কবাণী নোহোৱাকৈয়ে ধন পৰিশোধৰ পৰ্যায়লৈকে বুকিং আগবঢ়াব পাৰিছে। উল্লেখযোগ্য যে গ্ৰাউণ্ড-হেণ্ডলিং সংস্থা ডানাটাৰ ১৪ নিযুত দিৰহাম অৰ্থাৎ প্ৰায় ৩৫.৮ কোটি টকা অনাদায় হৈ থকাৰ বাবে যোৱা ১২ নৱেম্বৰত ডুবাই এয়াৰপ’ৰ্টছে স্পাইচজেটৰ চেক-ইন সেৱা স্থগিত ৰাখিছিল। এই পদক্ষেপৰ ফলত ডুবাইৰ পৰা দিল্লী, মুম্বাই, জয়পুৰ আৰু অমৃতসৰ সংযোগী একাধিক বিমান বাতিল হোৱাৰ লগতে ভাৰতমুখী উৰণসমূহো ব্যাহত হৈছিল। এনে পৰিস্থিতিত কোনো স্পষ্ট সতৰ্কবাণী নোহোৱাকৈ টিকট বিক্ৰী কৰি থকা কাৰ্যই যাত্ৰীসকলক সেৱাৰ প্ৰকৃত স্থিতি সম্পৰ্কে কিদৰে অৱগত কৰা হৈছে, তাক লৈ সন্দেহৰ সৃষ্টি কৰিছে।
ক্ৰমাৎ বৃদ্ধি পোৱা এই অৱ্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে যোৱা ১৭ নৱেম্বৰত স্পাইচজেটলৈ এখন কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। বিমান নিয়ন্ত্ৰক সংস্থাটোৱে একাধিক পৰিচালনাগত আৰু নিয়ামক নীতি উলংঘনৰ অভিযোগৰ ব্যাখ্যা বিচাৰি স্পাইচজেটক সাত দিনৰ সময়সীমা বান্ধি দিছে। এই জাননীখনত আঠটা মূল উদ্বেগজনক দিশ চিহ্নিত কৰা হৈছে, যাৰ ভিতৰত সময়মতে বিমান চলাচলৰ মান অৱনতি, বিমান বিলম্ব আৰু বাতিলৰ সংখ্যা বৃদ্ধি, অনুমোদিত সূচী অনুসৰি সেৱা চলাব নোৱাৰা আৰু সেৱা ব্যাহত হোৱাৰ সময়ত যাত্ৰীসকলক পৰ্যাপ্ত সুবিধা প্ৰদানত ব্যৰ্থতা অন্যতম। তদুপৰি সংস্থাটোৰ অধিকাংশ বিমান বৰ্তমান উৰণৰ পৰা বিৰত অৱস্থাত থকাৰ পাছতো সেইসমূহ বাণিজ্যিক সেৱালৈ ঘূৰাই অনাৰ কোনো বিশ্বাসযোগ্য পৰিকল্পনা দাখিল নকৰা, বিদেশী সেৱা প্ৰদানকাৰীক ধন পৰিশোধত বিলম্ব, বাধ্যতামূলক বীমা নবীকৰণক লৈ অনিশ্চয়তা আৰু বাৰে বাৰে সোঁৱৰাই দিয়াৰ পাছতো পূৰ্বৰ জৰিমনা আদায় নিদিয়াৰ দৰে বিষয়সমূহো ডিজিচিএ-য়ে উল্লেখ কৰিছে। ইয়াৰ উপৰি অনুসূচিত আন্তঃৰাষ্ট্ৰীয় উৰণৰ যোগ্যতা আৰু সৰু তথা দুৰ্গম চহৰসমূহক সংযোগ কৰা ৰুট ডিছপাৰ্চেল গাইডলাইনছ পালনৰ ক্ষেত্ৰতো প্ৰশ্ন উত্থাপন কৰা হৈছে। লক্ষণীয়ভাৱে, বৃহৎসংখ্যক বিমান বন্ধ হৈ থকাৰ ফলত যোৱা আগষ্ট মাহত ১.২ শতাংশ থকা স্পাইচজেটৰ ঘৰুৱা বজাৰৰ অংশীদাৰিত্ব চেপ্টেম্বৰ মাহত ০.৬ শতাংশলৈ অৱনমিত হৈছে।
পৰিচালনাগত এই গভীৰ সংকটৰ মাজতে নিজৰ আৰ্থিক স্থিতি সবল কৰাৰ চেষ্টা চলাইছে স্পাইচজেটে। যোৱা ১৮ নৱেম্বৰত সংস্থাটোৰ সঞ্চালক মণ্ডলীয়ে প্ৰয়োজনীয় অনুমোদন সাপেক্ষে বিভিন্ন বিত্তীয় মাধ্যমৰ জৰিয়তে ৫,৫০০ কোটি টকা পৰ্যন্ত পুঁজি সংগ্ৰহৰ এক প্ৰস্তাৱত অনুমোদন জনাইছে। সংস্থাটোৰ বিত্তীয় স্থিতি শক্তিশালী কৰা, বন্ধ হৈ থকা বিমানসমূহ পুনৰ সচল কৰা আৰু সেৱা সুস্থিৰ কৰাই এই পুঁজি সংগ্ৰহৰ লক্ষ্য। অৱশ্যে প্ৰস্তাৱত অনুমোদন জনোৱা মানেই এতিয়াই পুঁজি লাভ কৰাটো নুবুজায়। সেয়েহে বিত্তীয় পুনৰুজ্জীৱনৰ পৰিকল্পনাসমূহ বাস্তৱ ক্ষেত্ৰত সেৱাৰ মান উন্নয়নলৈ ৰূপান্তৰিত নোহোৱালৈকে স্পাইচজেটৰ সেৱাৰ বিশ্বাসযোগ্যতাক লৈ যাত্ৰীসকলৰ উদ্বেগ অব্যাহত থকাৰ সম্ভাৱনা আছে।


