• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

চৌদি আৰৱত পুনৰ হুথীৰ আক্ৰমণ; ৰিয়াদৰ বাণিজ্য কেন্দ্ৰত আহত ১১ জনৰ ভিতৰত ২ জন ভাৰতীয়, কি ক’লে নতুন দিল্লীয়ে?

দুজন ভাৰতীয় আহত হোৱাৰ খবৰ নিশ্চিত কৰিছে ৰিয়াদত থকা ভাৰতীয় দূতাবাসে। লগতে আহত ভাৰতীয় দুগৰাকীৰ লগতে তেওঁলোকৰ পৰিয়ালক সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে বুলিও জনোৱা হয়।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 25, 2026 7:56 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছৌদি আৰৱৰ ৰাজধানী ৰিয়াদৰ এটা টাৱাৰত যোৱা নিশা হুথী বিদ্ৰোহীয়ে আক্ৰমণ কৰে। য়েমেনত ইৰাণ সমৰ্থিত হুথী গোটৰ এই আক্ৰমণত মুঠ ১১ জন লোক আহত হয়। ইয়াৰে দুজন ভাৰতীয় নাগৰিক।

ভাৰতে এই ঘটনাক তীব্ৰ গৰিহণা দিছে। ইয়াৰ উপৰিও নতুন দিল্লীয়ে চৌদি আৰৱৰ অন্যান্য অসামৰিক, অৰ্থনৈতিক আৰু শক্তিৰ আন্তঃগাঁথনি লক্ষ্য কৰি আক্ৰমণৰ শীঘ্ৰে অন্ত পেলাবলৈও আহ্বান জনাইছে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি মঙলবাৰে হুথীয়ে ৰিয়াদৰ কিং আব্দুল্লা ফাইনেঞ্চিয়েল ডিষ্ট্ৰিকত আক্ৰমণ চলাইছিল। ছৌদি আৰৱৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি আহতসকলৰ ভিতৰত দুজন ছৌদি নাগৰিক, দুজন ভাৰতীয়, তিনিজন নেপালী আৰু চাৰিজন ইজিপ্তৰ নাগৰিক আছে।

Apply Now

ছৌদি প্ৰশাসনে য়েমেনৰ হুথী উগ্ৰপন্থীৰ এই আক্ৰমণক ‘সন্ত্রাসবাদী আক্ৰমণ’ বুলি চিনাক্ত কৰিছে। ঘটনাৰ পিছতে জৰুৰীকালীন সেৱাই ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। উদ্ধাৰৰ কাম আৰম্ভ কৰা হয়।

দুজন ভাৰতীয় আহত হোৱাৰ খবৰ নিশ্চিত কৰিছে ৰিয়াদত থকা ভাৰতীয় দূতাবাসে। লগতে আহত ভাৰতীয় দুগৰাকীৰ লগতে তেওঁলোকৰ পৰিয়ালক সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে বুলিও জনোৱা হয়। ইয়াৰ উপৰিও দূতাবাসে চৌদি আৰৱত বসবাস কৰা ভাৰতীয়সকলকো সজাগ থাকিবলৈ আৰু স্থানীয় নিয়ম-নীতি মানি চলিবলৈ পৰামৰ্শ দিছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ছৌদি আৰৱত এনেধৰণৰ আক্ৰমণে সাধাৰণ মানুহৰ জীৱন বিপন্ন কৰিছে। সেই দেশৰ সাৰ্বভৌমত্বকো ই উলংঘা কৰে। আঞ্চলিক নিৰাপত্তাও ব্যাহত হৈ পৰিছে। বিবৃতিটোত লগতে কোৱা হৈছে যে চৌদি আৰৱৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ অটল সমৰ্থন আছে। তদুপৰি নতুন দিল্লীয়ে অঞ্চলটোলৈ শান্তি শীঘ্ৰে ঘূৰি অহাৰ আশাও প্ৰকাশ কৰে।

উল্লেখ্য যে ফেব্ৰুৱাৰী মাহত আমেৰিকা আৰু ইজৰাইলে যৌথভাৱে ইৰাণক আক্ৰমণ কৰিছিল। ইয়াৰ পিছত মধ্যপ্ৰাচ্যত সংঘাত আৰম্ভ হয়। ইয়াৰ বাবে ছৌদি আৰৱতো হুথীৰ আক্ৰমণ বৃদ্ধি পাইছে।

নতুন দিল্লীয়ে সদায় আলোচনা আৰু কূটনীতিৰ জৰিয়তে সমস্যা সমাধানৰ পোষকতা কৰি আহিছে। তদুপৰি বাব-এল-মাণ্ডেব জলদ্বীপত এনেধৰণৰ আক্ৰমণে মুক্ত যাতায়তৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি বাৰে বাৰে সকীয়াই দিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৌদি আৰৱত পুনৰ হুথীৰ আক্ৰমণ; ৰিয়াদৰ বাণিজ্য কেন্দ্ৰত আহত ১১ জনৰ ভিতৰত ২ জন ভাৰতীয়, কি ক’লে নতুন দিল্লীয়ে?

চৌদি আৰৱত পুনৰ হুথীৰ আক্ৰমণ; ৰিয়াদৰ বাণিজ্য কেন্দ্ৰত আহত ১১ জনৰ ভিতৰত ২ জন ভাৰতীয়, কি ক’লে নতুন দিল্লীয়ে?

November 25, 2026 7:56 pm
ট্ৰেইন লেট হোৱাৰ বাবে ধৰিব নোৱাৰিলে বিমান; দম্পতীক ৬৩,১৯৯ টকা ক্ষতিপূৰণ দিব লাগিব ৰে’লৱেই

ট্ৰেইন লেট হোৱাৰ বাবে ধৰিব নোৱাৰিলে বিমান; দম্পতীক ৬৩,১৯৯ টকা ক্ষতিপূৰণ দিব লাগিব ৰে’লৱেই

November 25, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd