• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

প্ৰত্যৰ্পন নে প্ৰত্যাৱৰ্তন! হাছিনাৰ বাংলাদেশলৈ উভতি যোৱা সম্পৰ্কত স্থিতি স্পষ্ট কৰিলে ভাৰতে

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে ইয়াৰ আঁৰত ভাৰতৰ হাত একেবাৰেই নাই আৰু বাংলাদেশ চৰকাৰে মিছা কথা কৈছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 26, 2026 3:01 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৬ ডিচেম্বৰত বাংলাদেশলৈ উভতি যাব বিচাৰিছে শ্বেখ হাছিনাই। ইফালে ভাৰতক দোষাৰোপ কৰিছে বাংলাদেশৰ বিএনপি চৰকাৰে। তাৰিক ৰহমান নেতৃত্বাধীন চৰকাৰে নিজৰ দেশৰ সকলো অশান্তিৰ বাবে ভাৰতক দোষাৰোপ কৰিছে। এনে পৰিস্থিতিত হাছিনাৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত ভাৰতে এক বৃহৎ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে।

১৯৭১ চনৰ ১৬ ডিচেম্বৰত মুক্তিযোদ্ধাসকলে পাকিস্তান সেনাক পৰাস্ত কৰিছিল। সেইদিনা পাকিস্তান সেনাই আত্মসমৰ্পণ কৰে আৰু স্বাধীন বাংলাদেশ সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ হয়। বাংলাদেশে সেই দিনটো বিজয় দিৱস হিচাপে পালন কৰে। হাছিনাই সেইদিনটোতে বাংলাদেশলৈ উভতি যাব বিচাৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে ইয়াৰ আঁৰত ভাৰতৰ হাত একেবাৰেই নাই আৰু বাংলাদেশ চৰকাৰে মিছা কথা কৈছে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে হাছিনাই নিজৰ ইচ্ছামতে বাংলাদেশলৈ উভতি যাব বিচাৰে। ইয়াৰ লগত তেওঁৰ প্ৰত্যৰ্পণৰ বিষয়টোৰ কোনো সম্পৰ্ক নাই।

Apply Now

২০২৪ চনৰ ৫ আগষ্টৰ পৰা ভাৰতত আশ্ৰয় গ্ৰহণ কৰি থকা শ্বেখ হাছিনাক ২০২৪ চনৰ আন্দোলন দমনৰ সময়ত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত ২০২৫ চনৰ নৱেম্বৰ মাহত বাংলাদেশৰ আদালতে তেওঁৰ অনুপস্থিতিত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। অৱশ্যে হাছিনাই সকলো অভিযোগ অস্বীকাৰ কৰিছে।

তেওঁ বাংলাদেশলৈ উভতি আহি আদালতৰ ওচৰত আত্মসমৰ্পণ কৰিব বিচাৰিছে বুলিও কয়। ১৬ ডিচেম্বৰত এখন সংবাদমেলত হাছিনাক দেশলৈ উভতি অহাৰ পৰিকল্পনা সন্দৰ্ভত সোধাত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে কয় যে বিষয়টো শ্বেখ হাছিনা আৰু বাংলাদেশ চৰকাৰৰ মাজৰ। এই সন্দৰ্ভত তেওঁৰ  একো ক’বলগীয়া নাই।

ইতিমধ্যে শ্বেখ হাছিনাক বাংলাদেশলৈ ঘূৰাই নিয়াৰ বাবে ভাৰতত প্ৰত্যৰ্পণৰ অনুৰোধ দাখিল কৰিছে ঢাকাই। ভাৰতে কয় যে বাংলাদেশৰ এই অনুৰোধ প্ৰতিষ্ঠিত আইনী প্ৰক্ৰিয়া অনুসৰি পৰীক্ষা কৰা হৈছে। ৰণধীৰ জয়ছোৱালে কয় যে এই বিষয়টো এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে বিবেচনা কৰা হৈছে।

তেওঁৰ ভাষাত, “যদি কোনো নাগৰিকে ভ্ৰমণৰ নথি-পত্ৰ লৈ স্বেচ্ছাই নিজৰ দেশলৈ উভতি যাব বিচাৰে, তেন্তে প্ৰত্যৰ্পণৰ অনুৰোধৰ পৰা সেয়া সম্পূৰ্ণ বেলেগ বিষয়।” হাছিনাৰ দেশলৈ ঘূৰি যোৱাৰ পৰিকল্পনাৰ পৰিপ্ৰেক্ষিতত এই মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

ইয়াৰ পূৰ্বে হাছিনাৰ অধিবক্তাই দিল্লীত থকা বাংলাদেশ উচ্চায়ুক্তৰ সৈতে যোগাযোগ কৰি ঘৰলৈ উভতি যোৱাৰ প্ৰক্ৰিয়াটো সহজ কৰি তুলিছিল। তেওঁলোকে নতুন পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰৰ বাবে আবেদন কৰিছিল।

সম্প্ৰতি বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত সংঘটিত আক্রমণক লৈও দিল্লীয়ে উদ্বেগ প্রকাশ কৰিছে৷ বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত সংঘটিত হিংসাৰ ঘটনাক লৈ ভাৰত স্বাভাৱিকতে উদ্বিগ্ন বুলি মন্তব্য কৰে ৰনধীৰ জয়ছোৱালে। এনে ঘটনাৰ পুংখানুপুংখ তদন্ত কৰি দোষীক বিচাৰৰ আওতালৈ আনিবলৈ বাংলাদেশ চৰকাৰক আহ্বান জনাইছে কেন্দ্ৰই।

তদুপৰি অহা ১২ ডিচেম্বৰত ম্যাদ উকলি যোৱা গংগাৰ জল আৱন্টন চুক্তি সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে কয় যে গংগাকে ধৰি সীমা অতিক্ৰম কৰা নদীসমূহৰ সমস্যা সমাধানৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত এক প্ৰতিষ্ঠিত ব্যৱস্থা আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰত্যৰ্পন নে প্ৰত্যাৱৰ্তন! হাছিনাৰ বাংলাদেশলৈ উভতি যোৱা সম্পৰ্কত স্থিতি স্পষ্ট কৰিলে ভাৰতে

প্ৰত্যৰ্পন নে প্ৰত্যাৱৰ্তন! হাছিনাৰ বাংলাদেশলৈ উভতি যোৱা সম্পৰ্কত স্থিতি স্পষ্ট কৰিলে ভাৰতে

November 26, 2026 3:01 pm
ৰাষ্ট্ৰীয় নিৰাপত্তাক জলাঞ্জলি: চীনৰ চোৰাংচোৱা কেলেংকাৰীৰ মাজতে হোৱাঙক এনভিডিয়াৰ শীৰ্ষ আসনত বহুৱালে ট্ৰাম্পে!

ৰাষ্ট্ৰীয় নিৰাপত্তাক জলাঞ্জলি: চীনৰ চোৰাংচোৱা কেলেংকাৰীৰ মাজতে হোৱাঙক এনভিডিয়াৰ শীৰ্ষ আসনত বহুৱালে ট্ৰাম্পে!

November 26, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd