প্ৰতিদ্বন্দ্বীয়ে তেওঁক ৰিঙৰ বাহিৰত টেবুল এখনত দলিয়াই পেলাই দিছিল। সেই ভয়ংকৰ ষ্টাণ্টৰ কেইসপ্তাহমানৰ ভিতৰতে মাত্ৰ ৩৮ বছৰ বয়সত WWEৰ জনপ্ৰিয় ৰেচলাৰ ব্ৰনছন ৰিডৰ মৃত্যু হয়। তেওঁৰ প্ৰকৃত নাম জেৰমেইন হেলী। শুকুৰবাৰে (২৭ নৱেম্বৰ) নিশা ছ’চিয়েল মিডিয়াত এক বিবৃতিৰ জৰিয়তে ৱৰ্ল্ড ৰেছলিং এণ্টাৰটেইনমেণ্টে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে।
এক্স হেণ্ডেলত দিয়া এক বিবৃতিত ডব্লিউ ডব্লিউ ইয়ে লিখিছে, “জেৰমেইন হেলী (ব্ৰনছন ৰিড)ৰ মৃত্যুত আমি গভীৰভাৱে দুখী। চিকিৎসাজনিত জটিলতাৰ বাবে মাত্ৰ ৩৮ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। ৰিঙত তেওঁ আছিল বিশাল ব্যক্তিত্বৰ অধিকাৰী। কিন্তু তাতকৈও ডাঙৰ কথা তেওঁ আছিল এজন অসাধাৰণ লোক, পৰিয়ালৰ প্ৰতি সমৰ্পিত আৰু সহকৰ্মীসকলৰ অত্যন্ত প্ৰিয়।‘’
বিবৃতিটোত ব্ৰনছনৰ গৰ্ভৱতী পত্নী পেইজ, তেওঁলোকৰ কন্যা, পৰিয়ালৰ সদস্য, বন্ধু-বান্ধৱী, সহকৰ্মী আৰু অনুৰাগীসকলৰ প্ৰতি WWE-এ সমবেদনা প্ৰকাশ কৰে। অৱশ্যে সংস্থাটোৱে তেওঁৰ মৃত্যুৰ সঠিক কাৰণ বা ক’ত মৃত্যু হয় সেই সন্দৰ্ভত কোনো সবিশেষ তথ্য প্ৰদান কৰা নাই।
তেওঁৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ লগে লগে চলিত মাহৰ ৭ নৱেম্বৰৰ সেই ভয়ানক মেচখনৰ স্মৃতিবোৰ ঘূৰি আহিছে। চৌদি আৰৱৰ ৰিয়াদত অনুষ্ঠিত হোৱা ডব্লিউ ডব্লিউ ই ক্রাউন জুৱেলত অনুষ্ঠিত হোৱা বিশ্ব টেগ টিম চেম্পিয়নশ্বিপৰ খেলখনত তেওঁ ৰিঙৰ বাহিৰত সতীর্থ জে’ভন ইভান্স আৰু পেণ্টাৰৰ সৈতে মেচখনত হস্তক্ষেপ কৰে৷ সেই সময়ত তেওঁৰ প্ৰতিদ্বন্দ্বী ওবা ফেমিয়ে তেওঁক এন্ট্ৰেঞ্চ ষ্টেজৰ পৰা এখন টেবুলত পেলাই দিছিল। প্ৰথমতে পৰিকল্পিত ষ্টাণ্ট যেন লাগিছিল যদিও পিছত ৰিড গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ কথা প্ৰকাশ পাইছিল।
‘ৰেছলিং অবজাৰ্ভাৰ লাইভ’ৰ ব্রায়ান আলভাৰেজে এই কাণ্ডত ৰিডৰ কেইবাটাও পাচলি ভাঙি যোৱাৰ বাতৰি প্ৰকাশ কৰিছে। তেওঁৰ বৃক্কৰ গুৰুতৰ আঘাত পায়। ডেভ মেল্টজাৰৰ প্ৰতিবেদনতো একে ঘটনাৰ কথা উল্লেখ কৰা হৈছে।
আনহাতে ‘ফাইটফুল’ৰ শ্বেন ৰছ ছেপে দাবী কৰিছে যে মেচৰ পিছত WWE দলৰ বাকীসকল নিজৰ দেশলৈ উভতি আহিছিল যদিও ৰিড চৌদি আৰৱত থাকি যায়। তেওঁৰ সৈতে কোম্পানীটোৰ এজন জ্যেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বিষয়া আৰু চিকিৎসা দলৰ এজন সদস্যও আছিল। খবৰ অনুসৰি এসপ্তাহতকৈ অধিক সময় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। অস্ত্ৰোপচাৰ কৰি ঘৰলৈ উভতি অহাৰ পিছত সুস্থ হৈও উঠিছিল।
অৱশ্যে এটা কথা স্পষ্ট কৰাৰ প্ৰয়োজন যে সেই মেচখনত হোৱা আঘাতৰ প্ৰত্যক্ষ সম্পৰ্ক ব্ৰনছনৰ মৃত্যুৰ সৈতে আছে নে নাই সেয়া এতিয়াও নিশ্চিত কৰা নাই WWE-এ। কোম্পানীটোৰ বিবৃতিত ক্রাউন জুৱেলৰ কাণ্ডৰ কোনো উল্লেখো কৰা হোৱা নাই৷ ফলত বৰ্তমান ৰেচলাৰ মহলে চিকিৎসাজনিত জটিলতা আৰু মেচখনত হোৱা আঘাতৰ বিষয়ে পৃথকে পৃথকে চকু ৰাখিছে।
২০০৭ চনত ব্ৰনছনে পেছাদাৰী মল্লযুঁজত প্ৰৱেশ কৰে।২০১৯ চনত তেওঁ WWEত যোগদান কৰে।২০২১ চনত তেওঁ NXT নৰ্থ আমেৰিকান চেম্পিয়নশ্বিপ লাভ কৰে।
WWE is devastated to announce that Jermaine Haley, known to WWE fans as Bronson Reed, passed away earlier today.
Our thoughts and deepest condolences are with Jermaine’s family, friends and fans. https://t.co/5ttxdSi3kb
— WWE (@WWE) November 28, 2026
২০২২ চনৰ ডিচেম্বৰ মাহত তেওঁ WWE লৈ উভতি আহে। ২০২৪ চনত তেওঁ আন্দ্ৰে দ্য জায়েণ্ট মেম’ৰিয়েল বেটল ৰয়েল লাভ কৰে। শেহতীয়াকৈ তেওঁ ‘দ্য ভিজন’ গোটৰ সদস্য আছিল। লগাণ পল, অষ্টিন থিয়ৰী, ব্ৰাউন ব্ৰেকাৰ আৰু পল হেমেনৰ সৈতে কাম কৰিছে। ১৯৮৮ চনৰ ২৫ আগষ্টত অষ্ট্ৰেলিয়াৰ এডিলেইডত জন্ম ব্ৰনছনৰ। মাত্ৰ ৩৮ বছৰ বয়সতে তেওঁ প্ৰাণ হেৰুৱালে।


