• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডাঃ হাবেই টেৰণ-কাবান কিলিংপি বিতৰ্ক: তেজৰ সম্পৰ্ক প্ৰমাণিত হ’লে শিশুটিৰ ভৰণ-পোষণৰ দায়িত্ব ল’ব উপাধ্যক্ষই!

দীঘলীয়া শুনানিৰ অন্তত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবেই টেৰণ জড়িত থকা এটা গোচৰত পাঁচ বছৰীয়া শিশুটিৰ প্ৰকৃত পিতৃত্ব নিৰ্ণয়ৰ বাবে ডিএনএ পৰীক্ষা কৰোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছে কাৰ্বি লংৰি ক্ৰে-হেম আমেইয়ে। উভয় পক্ষই এই পৰীক্ষাৰ বাবে পাৰস্পৰিক সন্মতি প্ৰদান কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2026 5:04 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীঘলীয়া শুনানিৰ অন্তত অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপি বিধায়ক ডাঃ হাবেই টেৰণ জড়িত থকা এটা গোচৰত পাঁচ বছৰীয়া শিশু এটিৰ প্ৰকৃত পিতৃত্ব নিৰ্ণয়ৰ বাবে ডিএনএ পৰীক্ষা কৰোৱা হ’ব বুলি ঘোষণা কৰিছে কাৰ্বি লংৰি ক্ৰে-হেম আমেইয়ে।

 

Apply Now

শুনানিৰ অন্তত সংবাদ মাধ্যমক অৱগত কৰি কেএলকেএইচএ-ৰ সভাপতি মেনছিং টেৰণে কয় যে আলোচনাত দুয়োগৰাকী ব্যক্তি পূৰ্বে সম্পৰ্কত থকাৰ কথা স্পষ্ট হৈছে। অৱশ্যে শিশুটিৰ প্ৰকৃত পিতৃত্ব সম্পৰ্কীয় প্ৰশ্নটো কেৱল ডিএনএ পৰীক্ষাৰ ফলাফল অহাৰ পাছতহে নিষ্পত্তি হ’ব। টেৰণে জানিবলৈ দিয়া মতে, শিশুটি তেওঁলোকৰ সম্পৰ্কৰ পৰাই জন্ম হৈছিল নে নাই, সেয়া নিশ্চিত কৰিবলৈ উভয় পক্ষই পাৰস্পৰিক সন্মতিৰে ডিএনএ পৰীক্ষা কৰাবলৈ মান্তি হৈছে।

 

কেএলকেএইচএ-ৰ সভাপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে যদিহে ডিএনএ পৰীক্ষাত শিশুটিৰ সৈতে তেওঁলোকৰ তেজৰ সম্পৰ্ক প্ৰমাণিত হয়, তেন্তে উপাধ্যক্ষ ডাঃ হাবেই টেৰণে শিশুটিৰ ভৰণ-পোষণ আৰু লালন-পালনৰ দায়িত্ব গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। এতিয়া গোচৰটোৰ পৰৱৰ্তী পদক্ষেপ নিৰ্ধাৰণত ডিএনএ পৰীক্ষাৰ ফলাফল অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ইফালে, এই ঘটনাৰ সম্ভাব্য ৰাজনৈতিক প্ৰভাৱ বিশেষকৈ পৰীক্ষাৰ ফলাফলে অসম বিধানসভাৰ উপাধ্যক্ষ হিচাপে ডাঃ হাবেই টেৰণৰ সাংবিধানিক পদত কোনো প্ৰভাৱ পেলাব নেকি তাক লৈও ব্যাপক চৰ্চা চলিছে। অৱশ্যে এতিয়ালৈকে এই শুনানি প্ৰক্ৰিয়াত তেওঁৰ সাংবিধানিক পদত অব্যাহত থকা বা নথকা সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। পৰৱৰ্তী সকলো অগ্ৰগতি ডিএনএ পৰীক্ষাৰ ফলাফল আৰু সংশ্লিষ্ট পক্ষসমূহৰ পদক্ষেপৰ ওপৰত নিৰ্ভৰ কৰিব।

 

উল্লেখযোগ্য যে এগৰাকী মহিলাই অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপি বিধায়ক ডাঃ হাবেই টেৰণৰ বিৰুদ্ধে তেওঁৰ সৈতে সম্পৰ্ক স্থাপন কৰি এটি সন্তান জন্ম দিয়া আৰু পাছলৈ তেওঁলোকৰ পৰা আঁতৰি যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। যোৱা ২৪ নৱেম্বৰত ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত কাবান কিলিংপি নামৰ মহিলাগৰাকীয়ে অভিযোগ কৰে যে ক’ভিড-১৯ মহামাৰীৰ সময়ত চিকিৎসা সেৱা আগবঢ়াই থকা অৱস্থাত তেওঁ টেৰণৰ সংস্পৰ্শলৈ আহিছিল।

 

কিলিংপিয়ে দাবী কৰে যে পৰৱৰ্তী সময়ত টেৰণে তেওঁৰ সৈতে সম্পৰ্ক গঢ়ি তুলি বিবাহৰ প্ৰতিশ্ৰুতি দিছিল আৰু গুৱাহাটীত এটা ভাৰাঘৰত থকাৰ ব্যৱস্থা কৰি দিছিল। এই সম্পৰ্কৰ বাবেই পূৰ্বৰ স্বামীৰ সৈতে তেওঁৰ বৈবাহিক জীৱন বিচ্ছেদ হোৱা বুলিও মহিলাগৰাকীয়ে অভিযোগ কৰে। তেওঁ দাবী কৰা মতে, টেৰণৰ সৈতে থকা সম্পৰ্কৰ পৰা তেওঁৰ এটা পাঁচ বছৰীয়া পুত্ৰ সন্তান আছে। কিন্তু বিধায়ক আৰু পাছলৈ অসম বিধানসভাৰ উপাধ্যক্ষ হোৱাৰ পাছৰে পৰা টেৰণে তেওঁক এৰাই চলিবলৈ আৰম্ভ কৰে আৰু তেওঁৰ সমস্যাৰ সমাধান কৰিবলৈ অস্বীকাৰ কৰে। আনকি তেওঁক সাক্ষাৎ কৰিবলৈ যাওঁতে নিৰাপত্তাৰক্ষী নিয়োগ কৰি তেওঁক ওভতাই পঠিওৱা হৈছিল বুলিও কিলিংপিয়ে অভিযোগ তোলে।

 

মহিলাগৰাকীয়ে কয় যে তেওঁ ন্যায় বিচাৰি অসম ৰাজ্যিক মহিলা আয়োগ, কাৰ্বি আংলং জিলা আৰক্ষী, বিজেপিৰ জিলা নেতৃত্ব, কাৰ্বি ছাত্ৰ সন্থা, কাৰ্বি মহিলা ন্যায় মঞ্চ আৰু কাৰ্বি পৰম্পৰাগত আইন সংস্থাকে ধৰি কেইবাটাও কৰ্তৃপক্ষ আৰু সংগঠনৰ কাষ চাপিছিল যদিও কোনো সকাহ নাপালে। ইয়াৰ বিপৰীতে টেৰণৰ নিৰ্দেশত আন ব্যক্তিৰ জৰিয়তে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি হাৰাশাস্তি কৰা হৈছে বুলিও তেওঁ অভিযোগ কৰে। পূৰ্বৰ বিবাহৰ এটি সন্তান আৰু টেৰণৰ বুলি দাবী কৰা আনটি সন্তান এই দুয়োটা সন্তানৰ ভৱিষ্যতক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ নিজৰ নিৰাপত্তাক লৈও শংকা ব্যক্ত কৰে। লগতে ন্যায় বিচাৰি মহিলাগৰাকীয়ে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষীৰ হস্তক্ষেপ কামনা কৰাৰ লগতে সমগ্ৰ অসমৰ দল-সংগঠনৰ সহযোগিতা বিচাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাঃ হাবেই টেৰণ-কাবান কিলিংপি বিতৰ্ক: তেজৰ সম্পৰ্ক প্ৰমাণিত হ’লে শিশুটিৰ ভৰণ-পোষণৰ দায়িত্ব ল’ব উপাধ্যক্ষই!

ডাঃ হাবেই টেৰণ-কাবান কিলিংপি বিতৰ্ক: তেজৰ সম্পৰ্ক প্ৰমাণিত হ’লে শিশুটিৰ ভৰণ-পোষণৰ দায়িত্ব ল’ব উপাধ্যক্ষই!

November 28, 2026 5:04 pm
সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কত কেন্দ্ৰৰ পক্ষত ডিএমকে! ষ্টেলিনৰ দলৰ সিদ্ধান্তত অস্বস্তিত বিৰোধী ঐক্যজোঁট ‘ইণ্ডিয়া’

সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কত কেন্দ্ৰৰ পক্ষত ডিএমকে! ষ্টেলিনৰ দলৰ সিদ্ধান্তত অস্বস্তিত বিৰোধী ঐক্যজোঁট ‘ইণ্ডিয়া’

November 28, 2026 4:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd