লবিয়াৰ নিমন্ত্ৰণী পত্ৰৰ নামতো এতিয়া চাইবাৰ অপৰাধীৰ নতুন কৌশল। হোৱাটছএপত অহা এখন বিয়াৰ কাৰ্ডৰ ফাইল ডাউনলোড কৰিয়েই বিপদত পৰিল গুজৰাটৰ এজন ব্যক্তি। নিমিষতে তেওঁৰ বেংক একাউণ্টৰ পৰা উধাও হ’ল ১০ লাখ ২ হাজাৰ টকা। ঘটনাৰ তদন্ত চলাই উত্তৰ প্ৰদেশৰ পৰা এজন ২৮ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ঘটনাটো সংঘটিত হৈছে গুজৰাটৰ ছুৰাটত। আৰক্ষীৰ তথ্য অনুসৰি, ব্যক্তিগৰাকীৰ হোৱাটছএপলৈ ‘wedding invitation.APK’ নামৰ এটা ফাইল আহিছিল। বিয়াৰ নিমন্ত্ৰণী পত্ৰ বুলি ধাৰণা কৰি তেওঁ ফাইলটো খুলিবলৈ ডাউনলোড কৰে। কিন্তু সেয়া কোনো সাধাৰণ নিমন্ত্ৰণী পত্ৰ নাছিল। ফাইলটোৰ ভিতৰত লুকুৱাই ৰখা হৈছিল ক্ষতিকাৰক এপ্লিকেচন পেকেজ কিট অৰ্থাৎ APK। এই ফাইলটো ম’বাইলত প্ৰৱেশ কৰাৰ পিছতে চাইবাৰ অপৰাধীসকলে তেওঁৰ ফোনটোৰ নিয়ন্ত্ৰণ লাভ কৰা বুলি সন্দেহ কৰা হৈছে।
ইয়াৰ সুযোগ লৈ প্ৰৱঞ্চকসকলে ব্যক্তিগৰাকীৰ অজ্ঞাতে বেংক একাউণ্টৰ পৰা ধন উলিয়াই নিয়ে। মুঠ ১০ লাখ ২ হাজাৰ টকা হেৰুৱাৰ পিছত ঘটনাটোক লৈ আৰক্ষীৰ কাষ চাপে ভুক্তভোগী। তদন্তত পোহৰলৈ আহে যে প্ৰৱঞ্চনাৰ ধন এটা একাউণ্টৰ পৰা আন এটা একাউণ্টলৈ স্থানান্তৰ কৰি অপৰাধৰ ধন সংগ্ৰহৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰা হৈছিল।
ঘটনাৰ অনুসন্ধান চলাই ছুৰাট আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাই উত্তৰ প্ৰদেশৰ বিজনৌৰৰ পৰা দেৱেন্দ্ৰ মালিক নামৰ ২৮ বছৰীয়া যুৱকজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ অভিযোগ অনুসৰি, চাইবাৰ প্ৰৱঞ্চকৰ দলটোক নিজৰ বেংক একাউণ্ট ব্যৱহাৰ কৰিবলৈ দিছিল ধৃত যুৱকজনে। প্ৰৱঞ্চনাৰ জৰিয়তে সংগ্ৰহ কৰা ধন তেওঁৰ একাউণ্টত জমা হোৱাৰ পিছত সেই ধন উলিয়াই চক্ৰটোৰ আন সদস্যসকলক গতাই দিছিল। ইয়াৰ বিনিময়ত প্ৰৱঞ্চনাৰ ধনৰ প্ৰায় ২০ শতাংশ কমিছন লাভ কৰিছিল তেওঁ।
ইফালে, এই ঘটনাৰ সৈতে জড়িত আন অভিযুক্তসকলৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। তেওঁলোক এতিয়াও পলাতক অৱস্থাত আছে। এই ঘটনাই পুনৰ এবাৰ হোৱাটছএপত অহা অপৰিচিত ফাইল ডাউনলোড কৰাৰ ক্ষেত্ৰত সতৰ্ক থকাৰ প্ৰয়োজনীয়তা স্পষ্ট কৰি তুলিছে। বিশেষকৈ APK ফাইলৰ জৰিয়তে অহা বিয়াৰ নিমন্ত্ৰণী পত্ৰ বা আন কোনো নথি পৰীক্ষা নকৰাকৈ ম’বাইলত ডাউনলোড কৰাটো বিপদজনক হ’ব পাৰে।


