• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিনৰ হত্যাকাণ্ডৰ অভিযুক্তৰ জামিনৰ শুনানিৰ পূৰ্বে জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগীৰ প্ৰতিবাদ

৩০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত চূড়ান্ত শুনানি, অভিযুক্তসকলে যাতে জামিন নাপায় তাৰ বাবে চৰকাৰক কঠোৰ স্থিতি গ্ৰহণৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2026 9:30 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্তসকলৰ জামিন আবেদনৰ চূড়ান্ত শুনানিৰ পূৰ্বে শনিবাৰে সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ‘জুবিন গাৰ্গ ন্যায় দাবী সমিতি’ৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী গণসমাৱেশৰ পৰা অহা ৩০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত হ’বলগীয়া শুনানিত অভিযুক্তসকলে যাতে জামিন লাভ কৰিব নোৱাৰে, তাৰ বাবে চৰকাৰক শক্তিশালী আৰু আপোচবিহীন স্থিতি গ্ৰহণৰ দাবী জনোৱা হয়।

উল্লেখ্য যে অহা ৩০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত আৰু শেখৰ গোস্বামীৰ লগতে ইতিমধ্যে জামিন লাভ কৰা অমৃতপ্ৰভা আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ চূড়ান্ত শুনানি অনুষ্ঠিত হোৱাৰ কথা। এই শুনানিৰ মাত্ৰ দুদিন পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক জুবিন অনুৰাগীয়ে জুবিন ক্ষেত্ৰত সমবেত হৈ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। সমবেত জনতাৰ ‘জুবিন দাৰ ন্যায় লাগিবই’ ধ্বনিৰে উত্তাল হৈ পৰে সমগ্ৰ পৰিৱেশ।

Apply Now

উল্লেখ্য যে ইয়াৰ পূৰ্বেও যোৱা ৬ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত অভিযুক্তসকলৰ জামিন আবেদনৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছিল। সেই সময়তো ৫ নৱেম্বৰত জুবিন গাৰ্গ ন্যায় দাবী সমিতিয়ে হাজাৰ হাজাৰ অনুৰাগীক লৈ জুবিন ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল। পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে শুনানি স্থগিত ৰাখি ৩০ নৱেম্বৰক পৰৱৰ্তী শুনানিৰ দিন হিচাপে নিৰ্ধাৰণ কৰে। সেয়েহে শনিবাৰৰ সমাৱেশৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে আদালত আৰু চৰকাৰলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে।

সমাৱেশত চৰকাৰক সকীয়াই দিয়া হয় যে কোনো কাৰণতে যাতে হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত কোনো লোকেই জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিব নোৱাৰে, তাৰ বাবে চৰকাৰী পক্ষই আদালতত শক্তিশালী আৰু আপোচবিহীনভাৱে যুক্তি দাঙি ধৰিব লাগিব।

ইয়াৰ লগতে ৩০ নৱেম্বৰৰ শুনানিত ভাৰত চৰকাৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ উপস্থিতি চৰকাৰে যিকোনো মূল্যৰ বিনিময়ত নিশ্চিত কৰিব লাগে বুলিও দাবী জনোৱা হয়। তেওঁ নিজে আদালতত উপস্থিত থাকি কাৰাগাৰত থকা অভিযুক্তসকলৰ লগতে ইতিমধ্যে জামিন লাভ কৰা অভিযুক্তসকলৰ বিৰুদ্ধেও দৃঢ়ভাৱে যুক্তি দাঙি ধৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

কোনো অভিযুক্তই যাতে আইনী সুৰুঙাৰে সাৰি যাব নোৱাৰে আৰু ইতিমধ্যে জামিন লাভ কৰাসকলৰ জামিনো বাতিল কৰি তেওঁলোকক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়, তাৰ বাবে চৰকাৰক পদক্ষেপ গ্ৰহণৰ আহ্বান জনোৱা হয়। অন্যথা ৰাজ্যজুৰি তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক তথা জুবিন গাৰ্গ ন্যায় দাবী সমিতিৰ অন্যতম আহ্বায়ক অখিল গগৈয়ে ৰাজ্যৰ ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁ অভিযোগ কৰে যে ৰাজ্যৰ গৰিষ্ঠসংখ্যক দল-সংগঠনে বিজেপি চৰকাৰৰ ওচৰত আঁঠু লৈছে। আনকি এসময়ত জুবিন গাৰ্গৰ ঘনিষ্ঠ হিচাপে পৰিচিত বহু লোকেও নিজৰ স্বাৰ্থৰ বাবে বিষয়টোৰ পৰা আঁতৰি গৈছে।

এনে পৰিস্থিতিত ৰাজনৈতিক স্বাৰ্থৰ ঊৰ্ধ্বত থাকি সকলো পক্ষ একত্ৰিত হোৱাৰ প্ৰয়োজন আছিল বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে জুবিনৰ ন্যায়ৰ দাবীত চলা আপোচবিহীন যুঁজখনত এতিয়া অসমৰ খাটি-খোৱা সাধাৰণ জনতাইহে একমাত্ৰ ভৰসা।

প্ৰতিবাদস্থলীত সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ অভিযোগ অনুসৰি, অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো চৰকাৰে কৌশলেৰে তল পেলাব বিচাৰিছে।

তেওঁ কয় যে অহা ৩০ নৱেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুখ্যমন্ত্ৰীয়ে নিজেই হত্যাকাৰী বুলি অভিহিত কৰা অভিযুক্তসকলৰ জামিন আবেদনৰ চূড়ান্ত শুনানি অনুষ্ঠিত হ’ব। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ প্ৰসংগ উল্লেখ কৰি অখিল গগৈয়ে কয় যে অভিযুক্তসকলে যদি সঁচাকৈয়ে জুবিন গাৰ্গক হত্যা কৰিছে, তেন্তে তেওঁলোকৰ জামিন মঞ্জুৰ হোৱাটো সমগ্ৰ অসমীয়া জাতিৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা হ’ব।

তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে এই প্ৰতিবাদ কেৱল এটা সাধাৰণ গণসমাৱেশ নহয়; বৰঞ্চ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অসমৰ জনতাৰ আৱেগ আৰু দৃঢ় স্থিতিৰ প্ৰতিফলন।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰৰ প্ৰথম অভিযোগকাৰী ৰাতুল বড়া, চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা, অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠক, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পাপু দত্ত আৰু পিণ্টু গগৈ, সাধাৰণ সম্পাদক আলামিন আহমেদ, জাতীয় যুৱ বাহিনীৰ কাৰ্যকৰী সভাপতি ৰাকেশ চক্ৰৱৰ্তী, আল মিস্তাফিজুৰ ৰহমান, ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতাকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱ প্ৰজন্মৰ লগতে আবাল-বৃদ্ধ-বনিতাই অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰি জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত ন্যায় নিশ্চিত কৰাৰ দাবী জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ই-ৰিক্সা চাৰ্জ দিবলৈ গৈয়েই অঘটন? ভয়ংকৰ অগ্নিকাণ্ড, ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ ৪ জনৰ মৃত্যু

ই-ৰিক্সা চাৰ্জ দিবলৈ গৈয়েই অঘটন? ভয়ংকৰ অগ্নিকাণ্ড, ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ ৪ জনৰ মৃত্যু

November 29, 2026 8:55 am
সমাজকৰ্মী সঞ্জয় ঘোষক হত্যা! ২৯ বছৰৰ পাছত যাৱজ্জীৱন কাৰাদণ্ড আলফা নেতা ফটিক হাতীমতাক

সমাজকৰ্মী সঞ্জয় ঘোষক হত্যা! ২৯ বছৰৰ পাছত যাৱজ্জীৱন কাৰাদণ্ড আলফা নেতা ফটিক হাতীমতাক

November 29, 2026 8:01 am
 “অসম আৰু জম্মু-কাশ্মীৰৰ নতুন মানচিত্ৰ চালেই চৰকাৰৰ উদ্দেশ্য স্পষ্ট!” দিল্লীৰ ৰাষ্ট্ৰীয় সন্মিলনত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ বিস্ফোৰক অৰুন্ধতী ৰয়

 “অসম আৰু জম্মু-কাশ্মীৰৰ নতুন মানচিত্ৰ চালেই চৰকাৰৰ উদ্দেশ্য স্পষ্ট!” দিল্লীৰ ৰাষ্ট্ৰীয় সন্মিলনত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ বিস্ফোৰক অৰুন্ধতী ৰয়

November 28, 2026 9:33 pm
জুবিনৰ হত্যাকাণ্ডৰ অভিযুক্তৰ জামিনৰ শুনানিৰ পূৰ্বে জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগীৰ প্ৰতিবাদ

জুবিনৰ হত্যাকাণ্ডৰ অভিযুক্তৰ জামিনৰ শুনানিৰ পূৰ্বে জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগীৰ প্ৰতিবাদ

November 28, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ই-ৰিক্সা চাৰ্জ দিবলৈ গৈয়েই অঘটন? ভয়ংকৰ অগ্নিকাণ্ড, ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ ৪ জনৰ মৃত্যু

ই-ৰিক্সা চাৰ্জ দিবলৈ গৈয়েই অঘটন? ভয়ংকৰ অগ্নিকাণ্ড, ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ ৪ জনৰ মৃত্যু

November 29, 2026 8:55 am
সমাজকৰ্মী সঞ্জয় ঘোষক হত্যা! ২৯ বছৰৰ পাছত যাৱজ্জীৱন কাৰাদণ্ড আলফা নেতা ফটিক হাতীমতাক

সমাজকৰ্মী সঞ্জয় ঘোষক হত্যা! ২৯ বছৰৰ পাছত যাৱজ্জীৱন কাৰাদণ্ড আলফা নেতা ফটিক হাতীমতাক

November 29, 2026 8:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd