কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লেখিকা অৰুন্ধতী ৰয়ে ইয়াক গণতন্ত্ৰৰ কঁকাল ভঙা আৰু ‘চিৰদিনৰ বাবে ফেচীবাদ’ প্ৰতিষ্ঠা কৰাৰ দীৰ্ঘম্যাদী পৰিকল্পনা বুলি অভিহিত কৰিছে। শনিবাৰে নতুন দিল্লীস্থিত জৱাহৰ ভৱনত আয়োজিত লেখক, শিল্পী আৰু সাংস্কৃতিক কৰ্মীসকলৰ এখন ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰদান কৰি তেওঁ এই মন্তব্য কৰে।
অৰুন্ধতী ৰয়ে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণক কেৱল সমষ্টি আৰু সাংসদৰ সংখ্যা বৃদ্ধিৰ প্ৰক্ৰিয়া হিচাপে চোৱা উচিত নহয়। তেওঁৰ মতে, ইয়াৰ প্ৰকৃত উদ্দেশ্য হৈছে জাতি, ধৰ্ম আৰু সম্প্ৰদায়ৰ ভিত্তিত থকা বিভাজনসমূহ ৰাজনৈতিকভাৱে শক্তিশালী হোৱাকৈ নিৰ্বাচনী সমষ্টিৰ মানচিত্ৰ সলনি কৰা। “সমষ্টি পুনৰ নিৰ্ধাৰণে গণতন্ত্ৰৰ কঁকাল ভাঙি পেলাব” বুলি মন্তব্য কৰি ৰয়ে মহিলা সংৰক্ষণ বিধেয়কক লৈও প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় যে এই বিধেয়কখন কেৱল মহিলাৰ অধিকাৰৰ সৈতে জড়িত বুলি ৰাইজে বিশ্বাস কৰা উচিত নহয়; মহিলা সংৰক্ষণ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণক যিদৰে একেলগে আগবঢ়াই নিয়া হৈছে, তাৰ আঁৰত নতুনকৈ সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰাৰ ৰাজনৈতিক পৰিকল্পনা নিহিত হৈ আছে।
‘গণতান্ত্ৰিক ফেচীবাদ’ প্ৰতিষ্ঠাৰ অভিযোগ
বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিক ‘গণতান্ত্ৰিক ফেচীবাদ’ আখ্যা দি অৰুন্ধতী ৰয়ে কয় যে ফেচীবাদীসকলে গণতন্ত্ৰৰ প্ৰকৃত অৰ্থই শেষ কৰিবলৈ চেষ্টা চলাইছে। অসম আৰু জম্মু-কাশ্মীৰত পূৰ্বে সম্পন্ন হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে এই ৰাজ্যসমূহত সমষ্টিৰ নতুন মানচিত্ৰ চালেই চৰকাৰৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰিব পাৰি। জাৰ্মানীৰ নাজী শাসনৰ প্ৰসংগ টানি তেওঁ কয় যে তাত ফেচীবাদীসকলে নিজকে ‘ৰাষ্ট্ৰীয় সমাজবাদী’ বুলি কৈছিল যদিও তেওঁলোকৰ শাসনে সমাজবাদৰ অৰ্থই ধ্বংস কৰি পেলাইছিল। ভাৰততো সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু ৰাজনৈতিক প্ৰতিনিধিত্বক নিজৰ পক্ষত শক্তিশালী কৰাৰ চেষ্টা চলিছে বুলি তেওঁ অভিযোগ কৰে।
লেখক আৰু শিল্পীসকলৰ ভূমিকা সন্দৰ্ভতো মন্তব্য কৰি ৰয়ে কয় যে কিছুমান শিল্পী-সাহিত্যিকে চৰকাৰ আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজকে অপমানিত কৰিছে। ভাৰত বিশ্বৰ অন্যতম অসমান সমাজ বুলি উল্লেখ কৰি তেওঁ কয় যে দেশত আইনৰ শাসন এজন ব্যক্তিৰ জাতি, শ্ৰেণী, ধৰ্ম আৰু জনগোষ্ঠীয় পৰিচয়ৰ ভিত্তিত প্ৰভাৱিত হয়।
যুৱ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে নিৰীক্ষণ প্ৰযুক্তি ব্যৱহাৰৰ অভিযোগ
অৰুন্ধতী ৰয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ইজৰাইলৰ পৰা নিৰীক্ষণ ছফটৱেৰ ক্ৰয় কৰি যুৱ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰে। গাজাত ইজৰাইলৰ কাৰ্যকলাপৰ প্ৰসংগ উল্লেখ কৰি তেওঁ দাবী কৰে যে ভাৰত চৰকাৰে এনে ছফটৱেৰ আমদানি কৰিছে, যিবোৰ দেশৰ ভিতৰত অবৈধভাৱে ব্যৱহাৰ কৰা হৈছে। ককৰ’চ জনতা পাৰ্টীৰ প্ৰতিবাদী কাৰ্যসূচীৰ উদাহৰণ দি তেওঁ কয় যে এই প্ৰতিবাদসমূহত মুখমণ্ডল চিনাক্তকৰণ প্ৰযুক্তি (ফেচিয়েল ৰেকগনিচন টেকন’লজি) ব্যৱহাৰ কৰা হৈছিল। হাজাৰ হাজাৰ লোকক ‘বাৰে বাৰে অপৰাধ কৰা ব্যক্তি’ হিচাপে চিনাক্ত কৰাটো চৰকাৰে সাধাৰণ বিষয়ত পৰিণত কৰিছে যদিও কিহৰ ভিত্তিত এজন ব্যক্তিক তেনেকৈ চিহ্নিত কৰা হৈছে, সেয়া স্পষ্ট কৰা হোৱা নাই বুলি তেওঁ সমালোচনা কৰে। চৰকাৰে গঢ়ি তোলা এই দমনমূলক ব্যৱস্থাক সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কে অধিক সংগঠিত আৰু শক্তিশালী কৰি তুলিব বুলিও তেওঁ আশংকা ব্যক্ত কৰে।
নোটবন্দী, জম্মু-কাশ্মীৰ আৰু লকডাউনৰ সৈতে তুলনা
সমষ্টি পুনৰ নিৰ্ধাৰণক জনসাধাৰণৰ ওপৰত চৰকাৰৰ আকস্মিক আক্ৰমণৰ পৰিকল্পনা বুলি উল্লেখ কৰি ৰয়ে ইয়াক ২০১৬ চনৰ নোটবন্দী, ২০১৯ চনত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰ আৰু ২০২০ চনত চাৰি ঘণ্টাৰ জাননীত দেশজুৰি লকডাউন জাৰি কৰাৰ সৈতে তুলনা কৰে। চৰকাৰে নিজৰ সপক্ষে পৰ্যাপ্ত সাংসদ গোটাই লোৱা বুলি ধাৰণা কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাবলৈ আগবাঢ়িছে বুলি তেওঁ মন্তব্য কৰে। ৰয়ে কয় যে নোটবন্দীয়ে ভাৰতীয় অৰ্থনীতিত যেনে প্ৰভাৱ পেলাইছিল, সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক সংসদত গৃহীত হ’লে গণতন্ত্ৰতো ঠিক তেনে প্ৰভাৱেই পৰিব। নোটবন্দীয়ে দৰিদ্ৰসকলৰ কঁকাল ভাঙি তেওঁলোকক চৰকাৰী সাহায্যৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিলে বুলি অভিযোগ কৰি তেওঁ লগতে কয় যে নোটবন্দী আৰু নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপি বিশ্বৰ সবাতোকৈ ধনী ৰাজনৈতিক দলত পৰিণত হৈছে আৰু সেই ধন-প্ৰভাৱেৰে গণতন্ত্ৰত ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰা প্ৰতিষ্ঠানসমূহ দখল কৰিছে।
জৱাহৰ ভৱনত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় সন্মিলনত অশোক বাজপেয়ী, মৃদুলা গাৰ্গ, এম কে ৰাইনা, মল্লিকা সাৰাভাই, হুছেইন হাইদৰী, কাজী নীল, নেহা সিং ৰাথোৰ, গৌহৰ ৰাজা, জয় সেনগুপ্ত, এন এছ মাধৱন, গণেশ দেৱী আৰু খালিদ জাভেদকে ধৰি বহু বিশিষ্ট লেখক, কবি, চলচ্চিত্ৰ নিৰ্মাতা তথা সাংস্কৃতিক কৰ্মী উপস্থিত থাকে। অংশগ্ৰহণকাৰীসকলে সংবিধান, গণতন্ত্ৰ আৰু সৃষ্টিশীল স্বাধীনতা ৰক্ষাৰ বাবে একত্ৰিত হ’বলৈ আহ্বান জনায়।
নতুন ভোট নোপোৱাকৈয়ে বিজেপিয়ে পাব পাৰে অতিৰিক্ত আসন: অভিজিৎ দিপকে
আনহাতে, এক পৃথক বিবৃতিত ককৰ’চ জনতা পাৰ্টীৰ (চিজেপি) প্ৰতিষ্ঠাপক অভিজিৎ দিপকেই সমষ্টি পুনৰ নিৰ্ধাৰণক দলিত আৰু সাধাৰণ জনতাৰ বিৰুদ্ধে এক বৃহৎ ষড়যন্ত্ৰ আখ্যা দি ইয়াৰ বিৰুদ্ধে থিয় দিবলৈ ৰাইজক আহ্বান জনায়। সামাজিক মাধ্যম ‘এক্স’ত ‘সমষ্টি পুনৰ নিৰ্ধাৰণ: নতুন ভোট অৰ্জন নকৰাকৈয়ে বিজেপিয়ে কেনেকৈ অধিক আসন জিকিব পাৰে’ শীৰ্ষক এটা প’ষ্টযোগে দিপকেই এটা কাল্পনিক সমষ্টিৰ উদাহৰণ দাঙি ধৰে।
তেওঁৰ ব্যাখ্যা অনুসৰি, ধৰি লোৱা হওক এটা সমষ্টিত মুঠ ১,০০০গৰাকী ভোটাৰ আছে, য’ত বিজেপিয়ে ৪০০ ভোট আৰু বিৰোধীয়ে ৬০০ ভোট লাভ কৰে। বৰ্তমানৰ ব্যৱস্থাত ৬০০ ভোট পাই বিৰোধীয়ে সেই আসনখনত জয়ী হয়। কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত যদি সেই সমষ্টিটোক ৫০০–৫০০ ভোটাৰৰ দুটা ভাগত বিভক্ত কৰা হয়, তেন্তে ফলাফল সলনি হৈ বিজেপিয়ে এখন আৰু বিৰোধীয়ে এখন আসন লাভ কৰিব পাৰে। অৰ্থাৎ মুঠ ভোটাৰৰ সংখ্যা আৰু ভোটদানৰ ধৰণ একেই থকা সত্ত্বেও পূৰ্বে কোনো আসন নথকা অঞ্চল এটাত বিজেপিয়ে নতুনকৈ এখন আসন লাভ কৰিব। দিপকেই সতৰ্ক কৰি দিয়ে যে বিৰোধীয়ে নিজৰ পূৰ্বৰ ৰাজনৈতিক ভিত্তি ধৰি ৰাখিলেও সমষ্টিৰ সীমা সলনি হোৱাৰ ফলত বিজেপিয়ে নতুন নতুন অঞ্চলত আসন জয় কৰাৰ সুযোগ পাব।
মুখ্য নিৰ্বাচন আয়ুক্তৰ ভূমিকাক লৈ চিজেপিৰ আশুতোষ ৰংকাৰ প্ৰশ্ন
অভিজিৎ দিপকেৰ যুক্তিক সমৰ্থন জনাই চিজেপি নেতা আশুতোষ ৰংকাই কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক গৃহীত হ’লে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে সমগ্ৰ ভাৰতৰ নিৰ্বাচনী সমষ্টিৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰিব। এটা নিৰ্দিষ্ট নিৰ্বাচন আয়োগৰ নেতৃত্বত যেতিয়া সমগ্ৰ দেশৰ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ’ব, তেতিয়া ‘নিৰপেক্ষ সমষ্টি পুনৰ নিৰ্ধাৰণ’ কেনেকৈ নিশ্চিত হ’ব বুলি ৰংকাই প্ৰশ্ন উত্থাপন কৰে।





