• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমাজকৰ্মী সঞ্জয় ঘোষক হত্যা! ২৯ বছৰৰ পাছত যাৱজ্জীৱন কাৰাদণ্ড আলফা নেতা ফটিক হাতীমতাক

এই গোচৰৰ তদন্ত কৰি থকা চিবিআইয়ে ১৯৯৯ চনত সঞ্জয় হত্যাকাণ্ডৰ অভিযোগনামা দাখিল কৰিছিল। আলফাৰ মুৰব্বী পৰেশ বৰুৱাকে ধৰি ১১জন লোকক অপৰাধী বুলি উল্লেখ কৰিছিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2026 8:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু চৰ্চিত সমাজকৰ্মী সঞ্জয় ঘোষৰ হত্যাকাণ্ডত প্ৰায় তিনি দশকৰ পিছত ন্যায় লাভ কৰিলে মৃতকৰ পৰিয়ালে। গুৱাহাটীৰ বিশেষ চিবিআই আদালতে ১৯৯৭ চনত মাজুলীত সঞ্জয় ঘোষক হত্যা কৰাৰ অপৰাধত নিষিদ্ধ সংগঠন আলফাৰ নেতা ফটিক হাতীমতাক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। যোৱা ২০ নৱেম্বৰত আদালতে তেওঁক দোষী সাব্যস্ত কৰিছিল।

১৯৯৭ চনৰ ৪ জুলাইত সঞ্জয় ঘোষে মাজুলীত নদীৰ খহনীয়া ৰোধ আৰু গ্ৰাম্য উন্নয়ন বাবে কাম কৰি আছিল। তেওঁ স্বেচ্ছাসেৱী সংস্থা এভাৰ্ড-এন -ই ৰ সচিব আছিল। অস্ত্ৰধাৰী আলফা উগ্ৰপন্থীয়ে তেওঁক আৰু তেওঁৰ স্থানীয় সহযোগী চন্দন দলেক মাজুলীৰ পৰা অপহৰণ কৰে।

চন্দন পিছত পলায়ন কৰিবলৈ সক্ষম হ’ল যদিও সঞ্জয়ে ঘূৰি নাহিল। অপহৰণৰ এমাহৰ পাছত আলফাই দাবী কৰিছিল যে অপহৰণৰ নিশা সঞ্জয়ক হত্যা কৰি মৃতদেহ ব্ৰহ্মপুত্ৰত পেলাই দিয়া হৈছিল। তেওঁৰ মৃতদেহ কেতিয়াও উদ্ধাৰ হোৱা নাছিল। চিবিআইৰ তদন্তত প্ৰকাশ পাইছে যে অপহৰণৰ নিশা তেওঁক এখন নাৱেৰে লৈ যোৱা হৈছিল আৰু হত্যা কৰা হৈছিল।

Apply Now

এই গোচৰৰ তদন্ত কৰি থকা চিবিআইয়ে ১৯৯৯ চনত সঞ্জয় হত্যাকাণ্ডৰ অভিযোগনামা দাখিল কৰিছিল। আলফাৰ মুৰব্বী পৰেশ বৰুৱাকে ধৰি ১১জন লোকক অপৰাধী বুলি উল্লেখ কৰিছিল। এই তালিকাত ফটিক হাতীমতাৰ নামো আছিল। ২০১১ চনৰ নৱেম্বৰ মাহত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

ফটিকৰ বিৰুদ্ধে একাধিক ধাৰাত গোচৰ ৰুজু হৈছিল। গুৱাহাটীৰ বিশেষ চিবিআই আদালতে কয় যে ভাৰতীয় দণ্ডবিধিৰ ৩৬৪ (হত্যাৰ উদ্দেশ্যেৰে অপহৰণ) আৰু ৩৪ (সাধাৰণ উদ্দেশ্য সিদ্ধিৰ বাবে কৰা অপৰাধ) ধাৰাত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণিত হৈছে। যোৱা ২০ নৱেম্বৰত আদালতে তেওঁক দোষী সাব্যস্ত কৰে। অৱশেষত আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে এই গোচৰটো অসমত উগ্ৰপন্থী প্ৰসাৰৰ সময়ত সাধাৰণ নাগৰিকক অপহৰণ আৰু হত্যাৰ অন্যতম চৰ্চিত গোচৰ হিচাপে পৰিচিত। ৰায়দানৰ পিছতে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কয়, “ফটিক হাতীমতা নিৰ্দোষী। অৱশ্যে আদালতৰ ৰায়দানৰ ওপৰত কোনো মন্তব্য কৰা উচিত নহয়।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমাজকৰ্মী সঞ্জয় ঘোষক হত্যা! ২৯ বছৰৰ পাছত যাৱজ্জীৱন কাৰাদণ্ড আলফা নেতা ফটিক হাতীমতাক

সমাজকৰ্মী সঞ্জয় ঘোষক হত্যা! ২৯ বছৰৰ পাছত যাৱজ্জীৱন কাৰাদণ্ড আলফা নেতা ফটিক হাতীমতাক

November 29, 2026 8:01 am
 “অসম আৰু জম্মু-কাশ্মীৰৰ নতুন মানচিত্ৰ চালেই চৰকাৰৰ উদ্দেশ্য স্পষ্ট!” দিল্লীৰ ৰাষ্ট্ৰীয় সন্মিলনত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ বিস্ফোৰক অৰুন্ধতী ৰয়

 “অসম আৰু জম্মু-কাশ্মীৰৰ নতুন মানচিত্ৰ চালেই চৰকাৰৰ উদ্দেশ্য স্পষ্ট!” দিল্লীৰ ৰাষ্ট্ৰীয় সন্মিলনত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ বিস্ফোৰক অৰুন্ধতী ৰয়

November 28, 2026 9:33 pm
জুবিনৰ হত্যাকাণ্ডৰ অভিযুক্তৰ জামিনৰ শুনানিৰ পূৰ্বে জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগীৰ প্ৰতিবাদ

জুবিনৰ হত্যাকাণ্ডৰ অভিযুক্তৰ জামিনৰ শুনানিৰ পূৰ্বে জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগীৰ প্ৰতিবাদ

November 28, 2026 9:30 pm
‘পঞ্চায়ত ছিজন ৫’-ৰ প্ৰচাৰত ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছেন: এইবাৰ কি নতুন কাহিনী লৈ আহিছে টিভিএফ?

‘পঞ্চায়ত ছিজন ৫’-ৰ প্ৰচাৰত ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছেন: এইবাৰ কি নতুন কাহিনী লৈ আহিছে টিভিএফ?

November 28, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমাজকৰ্মী সঞ্জয় ঘোষক হত্যা! ২৯ বছৰৰ পাছত যাৱজ্জীৱন কাৰাদণ্ড আলফা নেতা ফটিক হাতীমতাক

সমাজকৰ্মী সঞ্জয় ঘোষক হত্যা! ২৯ বছৰৰ পাছত যাৱজ্জীৱন কাৰাদণ্ড আলফা নেতা ফটিক হাতীমতাক

November 29, 2026 8:01 am
 “অসম আৰু জম্মু-কাশ্মীৰৰ নতুন মানচিত্ৰ চালেই চৰকাৰৰ উদ্দেশ্য স্পষ্ট!” দিল্লীৰ ৰাষ্ট্ৰীয় সন্মিলনত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ বিস্ফোৰক অৰুন্ধতী ৰয়

 “অসম আৰু জম্মু-কাশ্মীৰৰ নতুন মানচিত্ৰ চালেই চৰকাৰৰ উদ্দেশ্য স্পষ্ট!” দিল্লীৰ ৰাষ্ট্ৰীয় সন্মিলনত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ বিস্ফোৰক অৰুন্ধতী ৰয়

November 28, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd