দেশৰ ৰাজধানী দিল্লীত এটা ঘৰত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত ৪ জন লোকৰ মৃত্যু ঘটিছে। দেওবাৰে পুৱাৰ ভাগত দিল্লীৰ বিশ্বাস নগৰ অঞ্চলত সংঘটিত হয় এই ঘটনা।
জানিব পৰা মতে, এই ঘটনাত ২ জন লোক গুৰুতৰভাৱে আহত হৈছে। প্ৰাথমিক হিচাপ অনুসৰি এখন ই-ৰিক্সাৰ বেটাৰী চাৰ্জ কৰি থকা অৱস্থাত শ্বৰ্ট চাৰ্কিটৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে পুৱা দিল্লীৰ শ্বাহদৰা জিলাৰ বিশ্বাস নগৰৰ ১১ নম্বৰ লেনত সংঘটিত হয় এই দুৰ্ঘটনা। হঠাতে এটা ঘৰত অগ্নিকাণ্ড সংঘটিত হয়। পুৱা প্ৰায় ৪:১৫ বজাত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয়।
তথ্য লাভ কৰাৰ পিছতে চাৰিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী দ্ৰুতগতিত ঘটনাস্থলীত উপস্থিত হয়। পুৱা ৫ বজাৰ ভিতৰত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা কৰ্মীও এই তথ্য লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হয়।
আৰক্ষীয়ে জনোৱা মতে, অগ্নিকাণ্ডৰ ফলত থিতাতে ৪ জন লোকৰ মৃত্যু হয়। তদুপৰি আন দুজন লোক গুৰুতৰভাৱে আহত হয়। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান দুয়োৰে অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে।
প্ৰাথমিক অনুমান অনুসৰি ঘৰৰ ভিতৰত ই-ৰিক্সাৰ বেটাৰী চাৰ্জ কৰা হৈছিল। চাৰ্জিং পইণ্টত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সৃষ্টি হ’ব পাৰে। শ্বাহদৰাৰ উপ আৰক্ষী আয়ুক্ত ৰাজেন্দ্ৰ প্ৰসাদ মীনাই কয় যে এই ঘটনাৰ তদন্ত অব্যাহত আছে। অগ্নিকাণ্ডৰ আঁৰত আন কিবা কাৰণ আছে নেকি তাৰো তদন্ত চলি আছে।





