তিনিদিনীয়া ভাৰত ভ্ৰমণলৈ অহা ভুটানৰ প্ৰধান মন্ত্ৰী ছেৰিং টোবগেই শুকুৰবাৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰে।
সাক্ষাতৰ সময়ত দুয়ো গৰাকী নেতাই দেশ দুখনৰ মাজৰ বন্ধুত্বৰ সম্পৰ্কে আলোচনা কৰে আৰু দুয়ো দেশৰ মাজৰ কূটনৈতিক সম্পৰ্ক প্ৰতিষ্ঠাৰ সোণালী জয়ন্তী উদ্যাপন কৰাৰ সন্দৰ্ভত আলোচনা কৰে।
নিজৰ চৰকাৰী টুইটাৰ একাউণ্টত ভুটানী প্ৰধান মন্ত্ৰীগৰাকীয়ে লিখিছে: ‘‘ৰাষ্ট্ৰপতি ভৱনত হিজ এক্সিলেঞ্চি ৰামনাথ কোবিন্দক কালি সাক্ষাত কৰিলো। আমি ভাৰত আৰু ভুটানৰ মাজৰ শক্তিশালী বন্ধুত্বৰ সম্পৰ্কত আৰু দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰ পূৰ্তি কেনেদৰে উদ্যাপন কৰা হ’ব সেয়া আলোচনা কৰিলোঁ।’’
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভুটানী সহযোগীগৰাকীৰ সৈতে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা, নিৰাপত্তা, ৰণনীতিমূলক সহযোগিতা সম্পৰ্কত আলোচনা কৰে।
এই সম্পৰ্কে ভুটানী প্ৰধান মন্ত্ৰীগৰাকীয়ে তেওঁৰ টুইটাৰ একাউণ্টতো লিখিছে। যোৱা বছৰ ভাৰত-চীনৰ মাজত ৭৩ দিন ব্যাপি যুদ্ধংদেহী পৰিস্থিতিৰ সৃষ্টি হৈ থকা ডোকলামৰ ত্ৰি-দেশীয় সংযোগ-সীমাৰ বৰ্তমান অৱস্থা সম্পৰ্কেও দুয়োগৰাকী নেতাই আলোচনা কৰে।
ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজেও টোবগেক সাক্ষাত কৰি দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা আৰু গভীৰ কৰাৰ সম্পৰ্কে আলোচনা কৰে।
আজি পুৱা ভুটানৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীকো সাক্ষাত কৰে।
উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে ভুটানী প্ৰধান মন্ত্ৰীগৰাকী তিনি দিনীয়া কাৰ্যসূচী লৈ ভাৰতত উপস্থিত হৈছিল।
উল্লেখনীয় যে টোবগেই চলিত বৰ্ষৰ ফেব্ৰুৱাৰি মাহত গুৱাহাটীলৈকেও আহিছিল আৰু ‘এডভাণ্টেজ আছাম’ শীৰ্ষক বিশ্বৰ বিনিয়োগকাৰীসকলৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিছিল।
সেই শীৰ্ষসন্মিলনৰ অৱকাশত তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হৈছিল।