• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ শ্ৰমিকৰ দৈনিক মজুৰি সাময়িকভাৱে ৩০ টকাকৈ বৃদ্ধি : শ্ৰমিকলৈ ‘ললিপপ’ আখ্যা প্ৰদেশ কংগ্ৰেছৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 7, 2018 5:19 pm
সাংসদ পল্লৱ লোচন দাসৰ ফাইল ফটো

সাংসদ পল্লৱ লোচন দাসৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাহ বাগিচাৰ কৰ্মীসকলক বেংক একাউণ্ট খোলোৱা আৰু ডিজিটেল লেনদেনৰ সৈতে চিনাকি কৰাই দিয়াৰ কথা কোৱা চৰকাৰখনে শ্ৰমিকসকলৰ প্ৰাপ্য মজুৰিকে ধৰি আন আন সমস্যা সমাধানত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে চাহ শ্ৰমিকৰ মজুৰি সাময়িকভাৱে ৩০ টকাকৈ বৃদ্ধিৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

শনিবাৰে দিচপুৰত এখন সংবাদমেল সম্বোধন কৰি চাহ শ্ৰমিকৰ মজুৰি সাময়িকভাৱে বৃদ্ধিৰ ঘোষনা কৰে শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাসে।

Apply Now

যোৱা ১৪ জুনত অনুষ্ঠিত মজুৰি পৰামৰ্শ আয়োগ (Wages Advisory Board) আৰু শ্ৰমিকৰ মাজত হোৱা আলোচনাৰ ভিত্তিত শ্ৰমিকসকলৰ মজুৰি চূড়ান্ত নোহোৱা পৰ্যন্ত এই সাময়িক বৃদ্ধি কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

মন্ত্ৰী দাসে সংবাদ মাধ্যমক জনোৱা অনুসৰি নতুন নিৰিখ অনুসৰি চাহ শ্ৰমিকৰ দৈনিক মজুৰি সমগ্ৰ অসমতে ৩০টকাকৈ বৃদ্ধি পাব।

উল্লেখযোগ্য যে, বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকসকলে দৈনিক ১৩৭ টকা আৰু বৰাক উপত্যকাৰ চাহ শ্ৰমিকসকলে আছিল ১১৫ টকাকৈ মজুৰি পায়। চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি ২০১৮ চনৰ পহিলা মাৰ্চৰ পৰা প্ৰযোজ্য হোৱাকৈ বাগিচাৰ শ্ৰমিকসকলে বৰ্ধিত মজুৰি লাভ কৰিব বুলি পল্লৱলোচন দাসে জানিবলৈ দিয়ে।

অৱশ্যে এই মজুৰি বৃদ্ধি চূড়ান্ত নহয় বুলি জানিবলৈ দি মন্ত্ৰী দাসে কয় যে বিভাগে অসম চৰকাৰৰ এজন জ্যেষ্ঠ বিষয়াৰ নেতৃত্বত এখন এজনীয়া কমিটী গঠন কৰি মজুৰিৰ লগতে শ্ৰমিকৰ অন্যান্য সা-সুবিধাসমূহৰ বিষয়টো পৰ্যালোচনা কৰাব। এজনীয়া কমিটীয়ে প্ৰতিবেদন দাখিল কৰাৰ পাছতহে মজুৰি আৰু অন্যান্য সা-সুবিধাসমূহ নিৰ্ধাৰণ কৰিব বুলি তেওঁ ব্যক্ত কৰে।

অৱশ্যে মজুৰি বৃদ্ধিৰ এই নিৰিখ ক্ষুদ্ৰ চাহ বাগিচা সমূহৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি জানিবলৈ দি মন্ত্ৰী দাসে কয় যে ক্ষুদ্ৰ চাহ বাগিচাসমূহৰ মজুৰি সম্পৰ্কত অহা ১৫ আগষ্টৰ ভিতৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।

ইয়াৰ উপৰি, চৰকৰে চাহ বাগিচাৰ সকলো শ্ৰমিকৰ বাবে দুটাকৈ বীমা যোজনাৰ ব্যৱস্থা কৰা বুলি মন্ত্ৰীজনে জানিবলৈ দিয়ে। এই বীমা যোজনাসমূহ প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু প্ৰধান মন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা। ইয়াৰে প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত শ্ৰমিক দুৰ্ঘটনাত পতিত হ’লে ২ লাখ টকাৰ আৰ্থিক সাহায্য আদায় কৰিব পাৰিব আৰু প্ৰধান মন্ত্ৰী জীৱনজ্যোতি সুৰক্ষা বীমা যোজনাৰ অধীনত শ্ৰমিকৰ যিকোনো ধৰণৰ মৃত্যু বা স্থায়ীভাৱে ঘুণীয়া হ’লে পৰিয়ালে ২ লাখ টকাৰ আৰ্থিক সাহায্য পাব বুলি জানিবলৈ দিয়ে। দুয়োটা বীমাৰ প্ৰিমিয়াম চৰকাৰে বহন কৰিব বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

একেখন সংবাদমেলতে বাগিচাৰ শ্ৰমিকৰ ভৱিষ্য নিধিৰ ধন সকলো বাগিচাই সময়মতে জমা কৰাটো চৰকাৰে সুনিশ্চিত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। লগতে ভৱিষ্য নিধিৰ ধন জমা নিদিয়া বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জনায়।

আনহাতে চাহ শ্ৰমিকৰ মজুৰি সাময়িকভাৱে ৩০ টকাকৈ বঢ়োৱাৰ কথাটোত ৰাজনীতিৰ গোন্ধ পাইছে প্ৰদেশ কংগ্ৰেছে। বিশেষকৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনক লক্ষ কৰি এই সাময়িক ললিপপ দিয়া হৈছে বুলি অনুমান কৰিছে কংগ্ৰেছে। প্ৰদেশ কংগ্ৰেছে কয় যে বিজেপিয়ে যোৱা বিধানসভাৰ নিৰ্বাচনৰ সময়ত চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিগত দুবছৰে কেৱল হোঁহকা-পিছলা কৰি থাকিল। এতিয়া এই ৩০ টকা প্ৰতাৰণামূলক ললিপপৰ বাদে আন একো নহয় বুলি কয় প্ৰদেশ কংগ্ৰেছে। দীৰ্ঘদিন ধৰি চাহ শ্ৰমিকসকলক নিচেই কম মজুৰিত কাম কৰিবলৈ বাধ্য কৰি অহা কংগ্ৰেছে অভিযোগ কৰি কয় যে বিজেপিয়ে চাহ উদ্যোগপতি/পুঁজিপতিসকলৰ স্বাৰ্থ ৰক্ষা কৰিবলৈকে চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি কৰা নাই। আৰু যেনেতেনে ২০১৯ চনলৈকে এইদৰে ললিপপ দি ৰাখিব খুজিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am
২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am
২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd