• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাতৰ তলুৱাত লৈ শব্দ লিৰিকি বিদাৰি চাব নাজানিলে সাহিত্য নিলিখাই ভাল : ডঃ ৰমেশ পাঠক

মিণ্টু দাস by মিণ্টু দাস
July 9, 2018 10:09 am
akhil bharatiya sahitya parshad
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘সাহিত্য এক কলা। ই প্ৰচাৰৰ জয়ঢোল নহয়। সাহিত্যিকসকল সামাজিকভাৱে দায়বদ্ধ হ’ব লাগিব। সমসাময়িক সমাজ ব্যৱস্থাৰ বিষয়ে সাহিত্যিকসকলৰ স্পষ্ট অভিমত থাকিব লাগিব। তেওঁলোকে বাৰ্তা বহন কৰিব লাগিব,’- এই মন্তব্য বিশিষ্ট গৱেষক, ভাষাবিদ, সাহিত্যাচাৰ্য ডঃ ৰমেশ পাঠকৰ।

দেওবাৰে নগাঁও লক্ষীনগৰস্থিত হোমিঅপেথিক চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ নগাঁও জিলা শাখাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ আলোচনা চক্ৰ উদ্বোধন কৰি বিশিষ্ট গৱেষক, ভাষাবিদ ডঃ পাঠকে কয় যে-হাতৰ তলুৱাত লৈ শব্দ লিৰিকি-বিদাৰি চাব নাজানিলে সাহিত্য নিলিখাই ভাল। কবিতাত নোকোৱাখিনিহে প্ৰকৃত কথা।

Apply Now

বিশিষ্ট গৱেষকগৰাকীয়ে বৈদ্যুতিন মাধ্যমৰ বৰ্ণাশুদ্ধিৰ সম্পৰ্কটো আক্ষেপ প্ৰকাশ কৰে। তেওঁ অসমীয়া ভাষা তথা উপভাষাসমূহৰ সম্পৰ্কত আলোকপাত কৰে।

‘সাম্প্ৰতিক অসমীয়া সাহিত্য আৰু নবীন সাহিত্যিক’ শীৰ্ষক আলোচনা চক্ৰত আলোচক হিচাপে অংশগ্ৰহণ কৰি ‘দৈনিক অসম’ৰ সাংবাদিক চন্দনজ্যোতি বৰাই কয় যে সাম্প্ৰতিক অসমীয়া সাহিত্যৰ আত্মীয়তা অসমৰ চিন্তাধাৰাৰ সৈতে গভীৰ নহয়। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ মহৎ সাহিত্যৰ লগত অসমৰ বৰ্তমানৰ সাহিত্যই ফেৰ মাৰিব পৰা নাই যেন অনুভৱ হয়।

সাংবাদিক বৰাই ১৮৩৬ চনৰ পৰা ১৮৭৩ চন পৰ্যন্ত অসমত বাংলা ভাষা প্ৰচলন হোৱাৰ বাবে অসমীয়া সাহিত্য বহু পিচুৱাই যোৱা বুলি উল্লেখ কৰি কয় যে বৰ্তমানেও অসমৰ জাতীয় জীৱনলৈ অহা এনে সংকটৰ বিৰুদ্ধে আমি সাহিত্যৰ মাধ্যমেৰেও যুঁজ দিব লাগিব। যদিও বস্তু নিৰ্ভৰ সমাজত সাহিত্যৰ পৰিসীমা সীমিত, কিন্তু মানুহৰ শুদ্ধিকৰণো সাহিত্যৰ লক্ষ্য হোৱা উচিত।

আলোচনা চক্ৰৰ আন এগৰাকী আলোচক আছাম টকচৰ সাংবাদিক জ্যোতি প্ৰসাদ বৰাই কয় যে সাহিত্যই নতুন চিন্তাৰ বাট মুকলি কৰে। সাম্প্ৰতিক অসমীয়া সাহিত্যিকসকলে সমাজৰ সমস্যাৰ লগতে একেবাৰে খাটি খোৱা মানুহৰ জীৱনচৰ্যাক অকৃত্ৰিমভাৱে উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে।

আলোচনা চক্ৰখন সঞ্চালনা কৰি সহকাৰী অধ্যাপক ডঃ বসন্ত বৰাই কয় যে সাহিত্যত চিৰন্তনৰূপটোক আগবঢ়াই লৈ যাবলৈ নব প্ৰজন্মক বাট দেখুৱাব লাগিব অগ্ৰজ সকলে। সাহিত্য মানে সস্তীয়া জনপ্ৰিয়তা নহয়। সাহিত্য মানে প্ৰচাৰ নহয়। সাহিত্য চৰ্চাৰ বাবে লাগিব অধ্যয়ণ পুষ্ট মন আৰু জাতীয় সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল মনোভাব। অনুষ্ঠানটোত অংশগ্ৰহণ কৰি অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ ৰাজ্যিক সভাপতি ধীৰেন শৰ্মাই লোক পিয়লত অসমীয়া ভাষী লোকৰ সংখ্যা কমি যোৱা প্ৰসংগত উদ্বেগ প্ৰকাশ কৰে। তেওঁ অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমে নতুন প্ৰজন্মৰ সাহিত্যিকসকলৰ লগত জ্যেষ্ঠ সাহিত্যিকসকলৰ সমন্বয়ৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰাৰ উদ্দেশ্যৰে এই আলোচনা চক্ৰ অনুষ্ঠিত কৰা বুলি মন্তব্য কৰে।

বিশিষ্ট গল্পকাৰ তথা অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ নগাঁও জিলা শাখাৰ সভাপতি ভদ্ৰেশ্বৰ ৰাজখোৱাই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটোৰ আঁত ধৰে সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে। অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক মৃণালিনী দেৱীয়ে ভাষণ প্ৰদান কৰি কয় যে আমি মহাপুৰুষ সকলে যি আদৰ্শ-পথ দেখুৱাই গৈছে সেই পথৰে বাট বুলিব লাগিব। আমি মহাপুৰুষৰ আদৰ্শৰে সময় বালি খোজ ৰাখিব নোৱাৰিলেও চেষ্টা কৰা উচিত। অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত অহা বিভিন্ন সংকটক সৰ্বতো প্ৰকাৰে প্ৰতিহত কৰিব লাগিব বুলি মন্তব্য কৰি তেওঁ অখিল ভাৰতীয় সাহিত্য পৰিষদৰ দৰে অনুষ্ঠানসমূহক এই ক্ষেত্ৰত নেতৃত্ব ল’বলৈ আহ্বান জনায়। অনুষ্ঠানত পৰিষদৰ লক্ষ্য-উদ্দেশ্যৰ বিষয়ে বাখ্যা কৰে ৰাজ্যিক সচিব কমল কলিতাই।

অনুষ্ঠানটোত পৰিষদৰ ক্ষেত্ৰীয় সম্পাদক অমল দত্ত, জ্যেষ্ঠ সাংবাদিক-শিক্ষাবিদ ডঃ আবু হানিফা, ডাঃ মৃদু প্লাৱন বৰা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ইপিনে আলোচনা চক্ৰৰ পিচত অনুষ্ঠিত অনুষ্ঠানত শাখাৰ মাহেকীয়া বৈঠকত পঠিত উৎকৃষ্ট গল্প, কবিতা, প্ৰবন্ধ আৰু বিশেষ নিবন্ধৰ বাবে ক্ৰমে ডিম্বেশ্বৰ শইকীয়া, বিজন পাটৰ, যতীন্দ্ৰ কুমাৰ পাৰৈ আৰু কাৰুণ্য ভট্টাচাৰ্যক বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানতে অৱসৰপ্ৰাপ্ত অধ্যক্ষ দধিমোহন বৰা আৰু ধৰ্মেশ্বৰী বৰাৰ দুখন গ্ৰন্থ ক্ৰমে ‘অনুভূতিৰ দুবৰীত নিয়ৰৰ ফুল’ আৰু ‘মহৎলোকৰ অমৃত বাণী’ উন্মোচন কৰে বিশিষ্ট গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱা আৰু নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দিলীপ শৰ্মাই।

উন্মোচকৰ ভাষণত ৰাজখোৱাই কয় যে  সম্পূৰ্ণ জীৱনটোৱেই উপন্যাস, এটা অংশ চুটি গল্প আৰু মূল আত্মাটো হৈছে কবিতা। ভাষা মন্থন কৰিহে কবিতাৰ সৃষ্টি কৰিব পাৰি। পৰাণ দাসৰ পৰিচালনাত গীতাঞ্জলি দেৱীয়ে পৰিবেশন কৰা বৰগীতৰে শুভাৰম্ভ হোৱা গ্ৰন্থ উন্মোচনৰ অনুষ্ঠানত জাগৃতি কলিতাৰ নৃত্যই সকলোকে মুগ্ধ কৰে।

ইপিনে বিয়লি অনুষ্ঠিত নৱ প্ৰজন্মৰ কবি সন্মিলনৰ সঞ্চালনা কৰে মিঠুন বৰাই। কবি সন্মিলনত দুকুৰিৰো অধিক কবিয়ে কবিতা পাঠ কৰে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd