• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

এন আৰ চি : বিশ্বজুৰি চলোৱা অপপ্ৰচাৰৰ আঁৰত কোন অসম বিৰোধী চক্ৰ?

ভাস্কৰজ্যোতি বৰা by ভাস্কৰজ্যোতি বৰা
July 19, 2018 5:02 pm
avaaz.org on nrc in assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশলৈ মাজত মাত্ৰ ১০ দিন বাকী আছে। অসমবাসীৰ জাতীয় জীৱনৰ দলিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে প্ৰতিগৰাকী বৈধ ভাৰতীয়ই অতি আশাৰে অপেক্ষা কৰিছে। চূড়ান্ত খচৰাৰ সময় যিমানেই ওচৰ চাপি আহিছে, সিমানেই অসম বিৰোধী চক্ৰ সক্ৰিয় হৈ পৰিছে। অসমৰ খিলঞ্জীয়া লোকক শত্ৰু আচৰণ কৰি বিদেশী বাংলাদেশীক সুৰক্ষা দিবলৈ তৎপৰ হৈ পৰিছে এই চক্ৰ। আন্তৰ্জাতিক পৰ্যায়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে ব্যাপক চূড়ান্ত অপপ্ৰচাৰ চলাইছে এই চক্ৰই। শেহতীয়াকৈ ‘আৱাজ ডট অৰ্গ’ নামৰ ৱে’বছাইটটোৱে এন আৰ চিৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰে সমগ্ৰ অসমবাসীৰ চকু কঁপালত তুলিছে। এন আৰ চিত লাখ লাখ মুছলমান লোকৰ নাম কৰ্তন কৰা হৈছে বুলি প্ৰচাৰ চলাইছে ৱেবছাইটটোৱে। লাখ লাখ মুছলমানৰ নাম কৰ্তনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাই ‘আৱাজ’এ অভিযান চলাইছে। ‘ইণ্ডিয়া! ষ্টপ ডিলিটিং মুছলিম’ শিৰোনামৰ অনলাইন অভিযানত অংশগ্ৰহণ কৰিছে বিভিন্ন দেশৰ লোকে। ৱে’বছাইটটোৱে এনে এক ধাৰণা দিছে যে- উদ্দেশ্যপ্ৰণোদিতভাৱে এন আৰ চি কৰ্তৃপক্ষই বৈধ ভাৰতীয় মুছলমানৰ নাম কৰ্তন কৰিছে। ইয়াৰ ফলত এক অভূতপূৰ্ব পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলি ক’ব বিচাৰিছে। ‘আৱাজ’ৰ এই চূড়ান্ত মিথ্যাচাৰৰ প্ৰভাৱত বিশ্বৰ বিভিন্ন দেশৰ লোকে অসমত গোষ্ঠীগত নিষ্কাষণৰো আশংকা প্ৰকাশ কৰিছে। আনকি বহু লোকে এন আৰ চি কৰ্তৃপক্ষক এনে কামৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছে। অসমৰ পৰিস্থিতিৰ ওপৰত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰো হস্তক্ষেপ দাবী কৰিছে। ‘আৱাজ ডট অৰ্গ’এ কিহৰ কাৰণে এই অপপ্ৰচাৰ চলাইছে? ইয়াৰ অন্তৰালত কোন অপশক্তি জড়িত আছে? এই সকলোবোৰ কথা অসমৰ ৰাইজে বিচাৰ-বিবেচনা কৰিব লাগিব। এই অপপ্ৰচাৰক আওকাণ কৰি থাকিব নোৱাৰি। আমাৰ দেশৰ সম্পূৰ্ণ বিধি ব্যৱস্থাৰ মাজত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া চলিছে। উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰীক্ষণত এন আৰ চি কৰ্তৃপক্ষই কাম কৰিছে। এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া সকলো দল-সংগঠনৰ ঐকমত্যৰ ভিত্তিত হৈছে। এন আৰ চি কৰ্তৃপক্ষই এনেদৰে কাম কৰিছে যে- যাতে এজনো প্ৰকৃত ভাৰতীয়ৰ নাম এন আৰ চিৰ পৰা বাদ নপৰে আৰু এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয়। তাৰবাবে এন আৰ চিৰ নিয়ম-নীতি পানী নসৰকা কৰা আছে। যদিহে প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰে তেনেহ’লে তাক অন্তৰ্ভুক্ত কৰাৰ সকলো ব্যৱস্থাও ৰখা হৈছে। বিশেষকৈ উচ্চতম ন্যায়ালয়ৰ সম্পূৰ্ণ তদাৰকত হোৱা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত সন্দেহ কৰিবলগীয়া কোনো যুক্তিয়ে থাকিব নোৱাৰে।

তেতিয়াহ’লে আন্তৰ্জাতিক পৰ্যায়ত কিয় অপপ্ৰচাৰ চলোৱা হৈছে? ইয়াৰ মূল উদ্দেশ্য হৈছে- অসমৰ খিলঞ্জীয়া লোকৰ ৰক্ষাকবচ স্বৰূপ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মোৱা। ব্যাঘাত জন্মাব বিচৰা সকলৰ বিৰুদ্ধে সবল প্ৰতিবাদ হ’ব লাগে। ইতিমধ্যে এন আৰ চি কৰ্তৃপক্ষই ‘আৱাজ ডট অৰ্গ’ৰ ওপৰত চোকা নজৰ ৰাখিছে। ‘আৱাজ’ৰ অপপ্ৰচাৰৰ প্ৰত্যুত্তৰো দিছে। কিন্তু অপপ্ৰচাৰৰ বিৰুদ্ধে আমাৰ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰেও শক্তিশালী ভূমিকা গ্ৰহণ কৰিব লাগে।

Apply Now

ভাৰতবৰ্ষৰ ৰাজ্য এখনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণত বিসংগতি হোৱা বুলি আন্তৰ্জাতিক পৰ্যায়ত অপপ্ৰচাৰ চলোৱাৰ বিৰুদ্ধে কেন্দ্ৰ চৰকাৰে ‘আৱাজ ডট অৰ্গ’ক জাননী দিব পাৰে। প্ৰশ্ন কৰিব লাগে- সম্পূৰ্ণ বিধি ব্যৱস্থাৰ মাজেৰে চলি থকা এন আৰ চিৰ কাম-কাজক লৈ কি যুক্তিত এই অপপ্ৰচাৰ চলাইছে? এই অপপ্ৰচাৰত কোনে সাৰ-পানী যোগাইছে তাৰ তদন্ত হ’ব লাগে। দৃঢ়তাৰে এই কথা দাঙি ধৰিব লাগে যে- এন আৰ চি কোনো হিন্দু-মুছলমানৰ ভিত্তিত কৰা হোৱা নাই। স্বদেশী-বিদেশী প্ৰসংগক লৈহে এন আৰ চি উন্নীতকৰণ কৰা হৈছে।

যদিহে কেন্দ্ৰ চৰকাৰে এই ক্ষেত্ৰত শক্তিশালী প্ৰত্যুত্তৰ নিদিয়ে তেতিয়াহ’লে অপপ্ৰচাৰ একেদৰেই চলি থাকিব।

‘আৱাজ ডট অৰ্গ’ৰ ভূমিকাত ক্ষুব্ধ হৈ পৰিছে অসমৰ জাতীয় দল-সংগঠন। সকলোৱে একেমুখে ইয়াক গৰিহণা দিয়াৰ লগতে অপপ্ৰচাৰ বন্ধৰ দাবী তুলিছে। অসমত এই অপপ্ৰচাৰৰ বিৰুদ্ধে শক্তিশালী প্ৰতিবাদ হ’ব লাগে। আন্তৰ্জাতিক পৰ্যায়ত অসমৰ মান অৱনমিত কৰা এই অপশক্তিক উচিত প্ৰত্যুত্তৰ দিয়াৰ সময় আহিল।

জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ সময়ত আউল লগাব বিচৰা আন্তৰ্জাতিক চক্ৰৰ সৈতে ভাৰত তথা অসমৰো কোনোবা মহল জড়িত আছে নেকি? সেয়া আটাইতকৈ বিচাৰ্য্যৰ বিষয়।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগেও আমাৰ দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়লৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছিল। তেওঁলোকৰো কথা একেই আছিল। বহু বাঙালী মুছলমানৰ নাম কৰ্তন হ’ব বুলি আশংকা কৰিছিল ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে। সেই বাবে সন্দেহ হয়- আন্তৰ্জাতিক পৰ্যায়ত এই কাৰ্যকলাপৰ নেপথ্যত কোনোবা অসম বিৰোধী সাম্প্ৰদায়িক শক্তি জড়িত থাকিব পাৰে। যিসকলে অসমৰ বিদেশী সমস্যাৰ সমাধান নিবিচাৰে। যিসকলে বিদেশীৰ আগ্ৰাসনত খিলঞ্জীয়াৰ অস্তিত্ব নিঃশেষ হোৱা বিচাৰে। এন আৰ চিক লৈ ভয় খাইছে কোনে? বৈধ ভাৰতীয়ই এন আৰ চিত ভয় খোৱাৰ যুক্তি ক’ত? আতংকিত হৈছে কোন? যাৰ নাগৰিকত্বক লৈ সন্দেহ হৈছে তেওঁলোকহে শংকিত হৈছে।

সকলোৱে জানে যে- এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাসকল বিদেশী বুলি পৰিগণিত হ’ব পাৰে। বিদেশী বহিষ্কাৰৰ বাবে ৬বছৰীয়া অসম আন্দোলন হৈ গ’ল। ঐতিহাসিক অসম আন্দোলনৰ ফলত স্বাক্ষৰ হ’ল অসম চুক্তি। কিন্তু আজিও বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ কোনো কামেই আগনাবাঢ়িল। উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ আৰু নিৰীক্ষণৰ মাজেৰে এন আৰ চিৰ কাম সম্পন্ন হ’বলৈ আগবঢ়াত সমূহ অসমবাসীয়ে স্বস্তিৰ নিশ্বাস ল’ব বিচাৰিছে।

এন আৰ চিৰ পিছত হ’ব পৰা পৰিস্থিতিক লৈ কাল্পনিক জগত এখন সৃষ্টি কৰি অপপ্ৰচাৰ চলোৱা সকল অসমৰ খিলঞ্জীয়া লোকৰ শত্ৰু। তেওঁলোকক চিনাক্ত কৰিবই লাগিব। তেতিয়াহে ৰক্ষা পৰিব অসমীয়া জাতি।

(লেখক গুৱাহাটীস্থিত এজন জ্যেষ্ঠ সাংবাদিক। ই মে’ইল : [email protected])

ভাস্কৰজ্যোতি বৰা

ভাস্কৰজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd