• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ৰাজ্যজুৰি নিম্ন গৰ্ভাশয় কৰ্কটৰ ছিটা প্ৰদান কাৰ্যসূচী প্ৰৱৰ্তন কৰা প্ৰথম ৰাজ্য হ’ব ছিকিম

এন ই নাও নিউজ by এন ই নাও নিউজ
July 26, 2018 3:21 pm
Sikkim-vaccine-570x320
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহিলাসকলৰ নিম্ন গৰ্ভাশয়ৰ কৰ্কট (cervical cancer) ওপৰত এটা ছিটা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছে ছিকিম। অহা ৩০ জুলাইত ছিকিমৰ আটাইকেইখন জিলাতেই নিম্ন গৰ্ভাশয়ৰ প্ৰধান কাৰক ‘হিউমেন পেপিল’মা ভাইৰাছ’ৰ (HPV) ছিটা প্ৰদান কাৰ্যসূচীটো আনুষ্ঠানিক ভাৱে উন্মোচন কৰিব। কৰ্কট ৰোগ চিকিৎসাৰ এই অভিলাসী অভিযান আৰম্ভ কৰা ভাৰতৰ প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হ’বলৈ আগবাঢ়িছে ছিকিম।

উল্লেখ্য যে পাঞ্জাবৰ দুখন জিলাতো একেধৰণৰ কাৰ্যসূচী এটা পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হৈছে।

Apply Now

কিন্তু ছিকিমত এইটো কাৰ্যসূচী সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ কৰা হ’ব।

ৰাজ্যখনৰ ৯ৰ পৰা ১৪ বছৰীয়া বালিকা আৰু কিশোৰীক নিম্ন গৰ্ভাশয়ৰ কৰ্কটৰ পৰা ৰক্ষা কৰিব পৰা  এই ছিটা বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব।

উল্লেখ্য যে বিশ্বত মহিলাসকলক দ্বিতীয়টো অধিক আক্ৰান্ত কৰা কৰ্কট ৰোগ হৈছে নিম্ন গৰ্ভাশয়ৰ কৰ্কট।

বুধবাৰে গেংটকত অনুষ্ঠিত হিউমেন পেপিল’মা ভাইৰাছ ছিটা প্ৰদান সজাগতামূলক কৰ্মশালাত উপস্থিত থাকি এই কথা ঘোষণা কৰে ছিকিমৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলে।

এই কৰ্মশালাৰ আয়োজন কৰিছিল ছিকিম স্বাস্থ্য বিভাগে আৰু ইয়াৰ পৃষ্ঠপোষকতা কৰিছিল ইউনিচেফে।

সাংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰাজ্যিক প্ৰতিষেধক বিষয়া ফুমজে ডেনজংপাই জনাইছে যে হিউমেন পেপিল’মা ভাইৰাছ ছিটাৰ প্ৰকৃত মূল্য হৈছে ৩০০০ টকা কিন্তু কেন্দ্ৰীয় চৰকাৰে ইউনিচেফৰ পৰা ইয়াক ৪০০ টকাত ক্ৰয় কৰিছে আৰু ছোৱালীসকলে এই ছিটা বিনামূলীয়াকৈ লাভ কৰিব।

প্ৰথম ছিটা প্ৰদান আৰম্ভ হ’ব ৩০ জুলাইত আৰু ১৪ দিনত ৯ ৰ পৰা ১৪ বছৰৰ ভিতৰৰ সকলো ছোৱালীকে ছিটা প্ৰদান কৰা হ’ব।

ছিটাৰ দ্বিতীয়টো পালি ২০১৯ৰ ফেব্ৰুৱাৰিত প্ৰদান কৰা হ’ব।

উত্তৰ-পূৰ্বাঞ্চলৰ হকে নিয়োজিত ইউনিচেফৰ স্বাস্থ্য বিষয়া মৌলিক শ্বাহে জনাইছে যে  হিউমেন পেপিল’মা ভাইৰাছ ছিটা প্ৰদান কাৰ্যসূচীটো দেশৰ ভিতৰতে বৃহত্তম ৰাজহুৱা স্বাস্থ্য কাৰ্যসূচী।

উল্লেখ্য যে  হিউমেন পেপিল’মা ভাইৰাছ হৈছে নিম্ন গৰ্ভাশয়ৰ কৰ্কট ৰোগৰ প্ৰধান কাৰক। এইটো এটা সাধাৰণ ভাইৰাছ আৰু যৌন ক্ৰিয়াৰ সময়ত এই ভাইৰাছৰ সংক্ৰমণ ঘটে। কমবয়সত যৌন ক্ৰিয়া, বহু (যৌন) সংগিত্ব, ধঁপাতৰ ব্যৱহাৰ আদি নিম্ন গৰ্ভাশয়ৰ কৰ্কটৰ কেইটামান শংকাযুক্ত কাৰক।

বিশ্বত প্ৰতি বছৰ নিম্ন গৰ্ভাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ ৫.২ লাখ নতুন ঘটনা নিৰূপিত হয়। তাৰে ভিতৰত ২.৭ লাখ ৰোগীৰ মৃত্যু হয়। নিম্ন গৰ্ভাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত ৰোগী আৰু ৰোগীৰ মৃত্যুৰ ৮৫শতাংশ উন্নয়নশীল দেশসমূহত সংঘটিত হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd