• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

শান্ত অসমত বিষবাষ্প বিয়পাইছে মমতাই

ভাস্কৰজ্যোতি বৰা by ভাস্কৰজ্যোতি বৰা
August 3, 2018 4:36 pm
Mamata-678x381
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশ হ’ল। ৩০ জুলাইৰ দিনা পুৱা ১০ বজাত দেশৰ মহাপঞ্জীয়ক শৈলেশ আৰু এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই সম্পূৰ্ণ খচৰা ৰাজহুৱা কৰাৰ লগে লগে ৰচিত হ’ল এক সোণালী মুহূৰ্ত। সমগ্ৰ অসমবাসী কেইবা দশক ধৰি ককবকাই থকা বিদেশী সমস্যাৰ সমাধানৰ এক আনুষ্ঠানিক ঢাপ যেন এই মুহূৰ্ত। ইয়াৰ সাক্ষী হৈ ৰ’ল ৰাজ্যখনৰ সকলো লোক।

খচৰা প্ৰকাশৰ পিছত সম্পূৰ্ণ শান্তি বিৰাজ কৰিছে অসমত। নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলৰ মাজতো কোনো ভয় বা শংকাৰ পৰিৱেশ সৃষ্টি হোৱা নাই। পূৰ্বৰ সকলো আশংকা নাইকিয়া কৰিলে অসমৰ গণতান্ত্ৰিক ৰাইজে। সকলোবোৰ ঠিকেই আছে। কিন্তু, অসমৰ এন আৰ চিক লৈ কুটিল অভিসন্ধি কৰিছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে।

Apply Now

৩০ জুলাইত এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ হোৱাৰ কিছু সময়ৰ পিছৰ পৰা বিষবাষ্প বিয়পাবলৈ অপচেষ্টা চলাইছে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে এনেকুৱা এক  পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে যে- এন আৰ চি-এ গৃহযুদ্ধৰ সূচনা কৰিব। এখন ৰক্তাক্ত সমাজৰ ফালে লৈ যাব। তেওঁ স্পষ্টভাৱেই কৈছে- অসমত গৃহযুদ্ধৰ সূচনা হ’ব বুলি।

কেৱল মন্তব্য দিয়েই ক্ষান্ত হোৱা নাই মুখ্য মন্ত্ৰীগৰাকী। বিজেপিবিৰোধী আন ৰাজনৈতিক দলৰ সৈতে লগ লাগি বিষয়টো অধিক জটিল কৰি তুলিব বিচাৰিছে। বিজেপিৰ বিৰুদ্ধে অসমৰ এন আৰ চিক তেওঁ ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। যিকোনো প্ৰকাৰে এন আৰ চি বন্ধ কৰা আৰু অসমত অশান্তিৰ সূত্ৰপাত ঘটাবলৈ প্ৰতি মুহূৰ্ততে চেষ্টা কৰিছে মমতা বেনাৰ্জীয়ে। ৩০ জুলাইৰ পৰা এতিয়ালৈকে এন আৰ চিক লৈ মমতা বেনাৰ্জীয়ে কি কৰিছে সকলোৱে দেখিছে। অসমত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছে। তৃণমূল কংগ্ৰেছত পদত্যাগৰ জোৱাৰ উঠিছে। ইজনৰ পিছত সিজন নেতাই দল ত্যাগ কৰিছে। তৎসত্বেও থমকি ৰোৱা নাই মমতা বাহিনী।

অসমত এন আৰ চিক লৈ সম্পূৰ্ণ শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰি থকাৰ সময়ত উগ্ৰ বিভেদকামী দৃষ্টিভংগীৰে আহিছিল তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধিৰ দল। সেই প্ৰতিনিধি দলটোক শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰৰপৰাই অসম চৰকাৰে ওভতাই পঠিয়াইছে। প্ৰতিনিধি দলটোৱে বিমান বন্দৰত কি পৰিস্থিতি উদ্ভৱ কৰিলে সেয়া টেলিভিচনৰ পৰ্দাত সমগ্ৰ দেশবাসীয়ে দেখিলে।

এতিয়া প্ৰশ্ন হৈছে যে- তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটোক বৰাকৰ জনসাধাৰণে আদৰণি জনাইছিলনে? আমি পোৱা খবৰ অনুসৰি বৰাকৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত তৃণমূল কংগ্ৰেছৰ ভূমিকাক লৈ কোনো সদভাৱ নাই। বৰঞ্চ তেওঁলোকে মমতা বেনাৰ্জীৰ কাৰ্য্যত ক্ষুব্ধ হৈহে পৰিছে। খচৰা প্ৰকাশ হোৱাৰ পিছত বৰাকৰ পৰিৱেশ সম্পূৰ্ণ শান্ত। খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা সকলো উদ্বিগ্ন নহয়। কাৰণ উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া বিধি-ব্যৱস্থা আৰু চৰকাৰৰ আশ্বাসত আশ্বস্ত হৈছে তেওঁলোক। প্ৰকৃত বৈধ ভাৰতীয় নাগৰিকৰ নাম কোনো প্ৰকাৰে কৰ্তন নহয় চূড়ান্ত এন আৰ চিৰ পৰা। চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত হ’বই। কেৱল মমতা বেনাৰ্জীয়েহে এন আৰ চিক লৈ সমস্যা দেখিছে।

ৰাজ্যখনৰ দীৰ্ঘদিনীয়া অবৈধ বিদেশীৰ সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ হ’বই লাগিব। তাৰ কোনো বিকল্প নাই। যিহেতু উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ আৰু নিৰৱচ্ছিন্ন তদাৰকিৰ মাজত এন আৰ চিৰ কাম চলিছে। তাত একোৱেই সুৰুঙা নাই।

সকলো দল-সংগঠনৰ সহমতৰ ভিত্তিত এন আৰ চিৰ নিয়মাৱলী যুগুত কৰা হৈছে। এতিয়া এই এন আৰ চি মানৱতাবিৰোধী বুলি পশ্চিম বংগৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কৰা মন্তব্য গৰিহণাৰ যোগ্য। ৰাজনৈতিক লাভালাভৰ বাবে কি কৰিব নোৱাৰে ৰাজনীতিবিদে? তাৰেই জলন্ত প্ৰমাণ মমতা বেনাৰ্জী।

বৰ্তমান এন আৰ চিক লৈ খঙত জ্বলিপকি থকা মমতা বেনাৰ্জীয়ে মনত পেলাওক ২০০৫ চনৰ ৪ আগষ্টৰ দিনটো। সেইদিনা তেওঁ লোকসভাৰ মজিয়াত কি কৰিছিল? পশ্চিম বংগত বাংলাদেশীৰ অবৈধ প্ৰব্ৰজনে ধ্বংসলীলা চলাইছে বুলি সজোৰে উত্থাপন কৰিব বিচাৰিছিল। সদনত তেওঁ ২২ মিনিটত ১৪বাৰ চিঞৰি চিঞৰি কৈছিল যে- পশ্চিম বংগলৈ অবাধ অনুপ্ৰৱেশ হৈছে। পশ্চিম বংগৰ ভোটাৰ তালিকাত বৃহৎসংখ্যক বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলিও দাবী কৰিছিল। তেতিয়া মমতা বেনাৰ্জীক উভতি ধৰিছিল চি পি আই (এম)ৰ সাংসদ বাসুদেৱ আচাৰ্যই। অৰ্থাৎ ভাৰতবৰ্ষলৈ প্ৰতিবেশী বাংলাদেশৰ পৰা অবৈধ প্ৰব্ৰজন হোৱাৰ কথা দেশৰ সংসদৰ মজিয়াত দাঙি ধৰিছিল মমতা বেনাৰ্জীয়ে।

আৰু তেওঁ ভালকৈয়ে জানে- পশ্চিম বংগতকৈ অসমত বাংলাদেশী অনুপ্ৰৱেশৰ সমস্যা অধিক ভয়াৱহ। আজি এন আৰ চি-এ গৃহযুদ্ধৰ সূচনা কৰিব বুলি কওঁতে এবাৰলৈ হ’লেও নেত্ৰীগৰাকীয়ে মনত পেলাওক ১৩ বছৰৰ আগৰ এই দিনটোৰ কথা!

মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছ আজি এক অসমবিৰোধী শক্তি হিচাপে থিয় হোৱাতো অতি দুৰ্ভাগ্যজনক। এখন ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ এনে দায়িত্বহীন মন্তব্য আৰু কাৰ্য্য গভীৰ উদ্বেগৰ বিষয়। অৱশ্যে ইয়াৰ বিৰুদ্ধে অসমৰ জনসাধাৰণে উচিত প্ৰত্যুত্তৰ দিছে। তেওঁৰ প্ৰৰোচনাত প্ৰৰোচিত হোৱাতো দূৰৈৰে কথা, শান্তি-শৃংখলা আৰু সংযম বজাই ৰাখি দেখুৱাই দিছে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিক হিচাপে কেনেদৰে দায়িত্ব পালন কৰিব লাগে।

আমি আমাৰ বিধি-ব্যৱস্থাক সন্মান জনাব লাগিব। তাৰ জৰিয়তে কাম-কাজ কৰিব লাগিব। বিভেদকামী শক্তিক প্ৰতিহত কৰাৰ বাবেও অসমৰ সৰ্বস্তৰৰ লোক সজাগ থাকিব লাগিব। আমাক এখন শুদ্ধ এন আৰ চি লাগে। শুদ্ধ এন আৰ চিৰ কামত বাধা দিয়া কোনো শক্তিকে প্ৰশ্ৰয় দিব নোৱাৰি। অপশক্তিক ওফৰাবই লাগিব।

এখন শুদ্ধ এন আৰ চিৰ জৰিয়তে বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। তাক বাধা দিয়াসকল কোন হ’ব? নিশ্চিতকৈ সেয়া অসমবিৰোধী চক্ৰ।

এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ সংবাদমেল আৰম্ভ হৈছিল আমাৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশে’ৰে। আমি আশাবাদী জাতীয় সংগীতৰ মৰ্মকথা সুৰক্ষিত হ’ব এন আৰ চিৰ জৰিয়তে। এতিয়া অপেক্ষা মাথো চূড়ান্ত এন আৰ চিলৈ।

(লেখক গুৱাহাটীস্থিত এজন জ্যেষ্ঠ সাংবাদিক। ই মে‘ইল: [email protected])

ভাস্কৰজ্যোতি বৰা

ভাস্কৰজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd