• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমৰ মহাবিদ্যালয়ত ষাণ্মাসিক ব্যৱস্থা : প্ৰতিশ্ৰুতি আৰু পৰিণাম

শিৱজিত দত্ত by শিৱজিত দত্ত
August 15, 2018 1:19 pm
CollegeStudents
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ষাণ্মাসিক পদ্ধতিৰ সপক্ষে সাধাৰণতে উচ্চাৰিত যুক্তিসমূহ এনেধৰণৰ : ‘এই ব্যৱস্থাত  পাঠ্যক্ৰমৰ বোজা কম, ছাত্ৰ-ছাত্ৰীয়ে স্মৰণশক্তিতকৈ বুজাত গুৰুত্ব দিয়ে আৰু সোনকালে পৰীক্ষা অনুষ্ঠিত হয় কাৰণে নম্বৰো ভাল পায়I’

অসমৰ প্ৰেক্ষাপটত এই যুক্তিসমূহ কিদৰে কণাৰ ফৰ্মুটি পৰিণত হৈছে, তাকে দেখুৱাবৰ বাবে আমি এক উদাহৰণ দাঙি ধৰিব খোজোঁI

Apply Now

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ ইংৰাজী মেজৰৰ পঞ্চম ষাণ্মাসিকৰ এখন পেপাৰ উদাহৰণ হিচাপে লৈছোঁI ছাত্ৰ-ছাত্ৰীয়ে চাৰিমাহৰ ভিতৰত চাৰিখন পেপাৰ অধ্যয়্ন কৰি পৰীক্ষাৰ বাবে সাজু হ’ব লাগেI অৰ্থাৎ এখন পেপাৰৰ বাবে গড় হিচাপে সময় থাকে এমাহ বা চাৰি সপ্তাহI ধৰা হওক, নাটকৰ পেপাৰখনI ইয়াৰ চাৰিটা গোটত তেওঁলোকে পঢ়িব লাগে ইংৰাজী নাটকৰ ইতিহাস, শ্যেইক্সপীয়েৰৰ ‘কিং লীয়েৰ’ (লেখকৰ সবাতোকৈ দীঘল ট্ৰেজেদিখন!), বাৰ্নাৰ্ড শ্ব’ৰ ‘পিগ্মেলিয়ন’ আৰু ছেমুৱেল বেকেটৰ ‘ৱেটিং ফৰ্ গদো’I

অৰ্থাৎ ‘কিং লীয়েৰ’ৰ দৰে এখন নাটক অধ্যয়ন কৰি পৰীক্ষাৰ বাবে প্ৰস্তুত হ’বলৈ তেওঁলোকে পাব সৰ্বোচ্চ সাত দিনI সাত দিনৰ ভিতৰত এই বিয়াগোম নাটকখনৰ একাধিকবাৰ পাঠ পঢ়িব লাগিব, শ্যেইক্সপীয়েৰৰ নাট আৰু যুগ সম্পৰ্কে সম্যক ধাৰণা ল’ব লাগিব, সাহিত্যৰ আদৰ্শ শিক্ষানুসাৰে নাটখন সম্পৰ্কে প্ৰসিদ্ধ সমালোচকৰ অভিমত অধ্যয়ন কৰিব লাগিব, প্ৰশ্নোত্তৰ সাজু কৰিব লাগিব আৰু এইবোৰ আকৌ দোহাৰিবও লাগিবI সাতদিনৰ ভিতৰত ইমানসোপা কাম সম্ভৱনে– যি সময়ছোৱাত তেওঁলোকে কলেজলৈও আহি থাকিব লাগে? সাধাৰণ মেধাৰ ছাত্ৰ-ছাত্ৰীৰ কথা বাদেই, মেধাৱীসকলেও এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ‘কিং লীয়েৰ’ৰ গভীৰ অধ্যয়নৰ পথ পৰিহাৰ কৰি কেইটামান প্ৰশ্নোত্তৰ সাজু কৰি ভাটৌ পণ্ডিত সাজিবলৈ বাধ্য হয়I ভৱিষ্যতে এনে ছাত্ৰই আমাক সাহিত্যৰ দিগ-দৰ্শন দিব বুলি ভাবিবই নোৱাৰিI অৰ্থাৎ এই পদ্ধতিয়ে পাঠ্যক্ৰমৰ বোজা কমাইছে বুলি বিশ্বাস কৰিব পৰা নাযায়I

বাৰ্ষিক পদ্ধতিত একোটা পাঠৰ সৈতে আন্তৰিক সম্পৰ্ক গঢ়ি তোলাৰ অৱকাশ আছিলI মোৰ নিজৰ মনত পৰে যে ‘পেৰেডাইজ্ লস্ত’ আকৌ পঢ়িব নাপাম বুলি ভাৱ হোৱাত পৰীক্ষা দি উঠি মই উচুপিছিলোঁ। তাৰ কেবাটাও পৃষ্ঠাৰ গদ্যানুবাদ কৰিছিলোঁ। অসমত ছেমিষ্টাৰ পদ্ধতিত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠৰ সৈতে গভীৰ আন্তৰিক সম্পৰ্ক গঢ়াৰ অৱকাশতো নায়েই; ভালকৈ বুজি-বাজি লোৱাৰ বাবেও সময় তেনেই তাকৰ। প্ৰসিদ্ধ সমালোচকৰ আলোচনা মনোযোগেৰে অধ্যয়ন কৰি পাঠ সম্পৰ্কীয় জ্ঞান সমৃদ্ধ কৰাৰতো প্ৰশ্নই নুঠে। ফলত পাঠৰ পৰা দূৰৈত থাকিয়ে লৰালৰিকৈ নিৰ্বাচিত প্ৰশ্নৰ সহায়িকা পুথিয়ে আগবঢ়োৱা উত্তৰ শিৰোধাৰ্য কৰিবলৈ তেওঁলোক প্ৰৰোচিত হয়। এনেকৈ সৃষ্টিশীলতা আৰু মৌলিকতাৰ কণ-কঠীয়া মৰাৰ ব্যৱস্থা কৰা হৈছে।

আকৌ একোটা ছেমিষ্টাৰতে অৰ্থাৎ চাৰিমাহৰ ভিতৰতে দুটাকৈ ছেছনেল পৰীক্ষা আৰু এটা ষাণ্মাসিক সামৰণি পৰীক্ষা দিবলগীয়া কৰি ছাত্ৰ-ছাত্ৰীক গভীৰ জ্ঞানৰ অনুসন্ধানৰ পথৰ পৰা ঠেলা মাৰি আতৰাই দিয়া হৈছে। শিক্ষাৰ ঠাইত পৰীক্ষাৰ প্ৰকোপ বাঢ়িছে! তাৰ মাজতে আছে চেমিনাৰ, গৃ্হকৰ্ম, দলগত আলোচনা আদিৰ হেঁচা। এইসোপা বোজা লৈ ছাত্ৰ-ছাত্ৰীয়ে বুজাৰ অনুশীলন কৰিব নে ভাটৌ-পণ্ডিত হোৱাৰ সুগম পথত ভৰি দিব?

লগতে আছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যাধিক্যৰ প্ৰশ্ন। মই কাম কৰা মহাবিদ্যালয়খনত চাৰি হেজাৰ ছাত্ৰ-ছাত্ৰী। কেৱল কলা শাখাৰ প্ৰথম ষাণ্মাসিকতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এহেজাৰৰ বেছি। চাৰিগৰাকী নিয়মীয়া (পঞ্চম পদটো খালী হৈ আছে) আৰু দুগৰাকী ঠিকাভিত্তিক অধ্যাপক-অধ্যাপিকাই এহেজাৰ ছাত্ৰ-ছাত্ৰীৰ চেমিনাৰ পতা সম্ভৱ নে? পাতিলে কিমান দিন লাগি যাব ভাবক। ইমানবোৰ ছাত্ৰ-ছাত্ৰীৰ দুটাকৈ ছেছনেল পৰীক্ষা আৰু এটাকৈ ষাণ্মাসিকান্ত পৰীক্ষাৰ বহী চোৱা, উপস্থিতি গণনা কৰা, বিশ্ববিদ্যালয়ে দিয়া ফৰ্মত তেওঁলোকৰ অভ্যন্তৰীণ মূল্যায়নৰ নম্বৰ ভৰোৱা আদিৰ কথা নক’লোঁৱেই বা।

তদুপৰি আমাৰ মহাবিদ্যালয়বোৰত আছে উচ্চতৰ মাধ্যমিক শ্ৰেণী দুটাৰ অতিৰিক্ত হেঁচা। যুগ্ম ষাণ্মাসিকত যেতিয়া এই শ্ৰেণী দুটাৰ চূড়ান্ত পৰীক্ষা চলে তেতিয়া স্নাতক পৰ্যায়ৰ ছেমিষ্টাৰ ব্যৱস্থাই লেঙেৰাই লেঙেৰাই খোজ দিবলৈ বাধ্য হৈ যায়। উক্ত পৰীক্ষাবোৰত নানা ৰকমে জড়িত হৈ পৰা অধ্যাপক-অধ্যাপিকাই কিদৰে সূচাৰুৰূপে ছেমিষ্টাৰ ব্যৱস্থা আগ বঢ়াই নিব পাৰে?

অৰ্থাৎ কায়িক আৰু বিদ্যায়তনিক- দুয়োবিধ আন্তঃগাঁথনি পৰ্যাপ্ত মাত্ৰাত নথকা সত্ত্বেও আমাৰ ওপৰত এই ব্যৱস্থা জাপি দিয়া হ’ল। এই ব্যৱস্থাই পাঠ্যক্ৰমৰ বোজা কমাব আৰু বুজাৰ অভ্যাস বঢ়াব বোলা কথাটো আচলতে এক অতিৰঞ্জিত আৰু ভুৱা প্ৰচাৰ। ই নিশ্চিতৰূপেই ছাত্ৰ-ছাত্ৰীৰ মৌলিকতা, সৃষ্টিশীলতা আৰু গভীৰ জিজ্ঞাসা খতম কৰিব। পাঠ্যক্ৰমৰ বোজা যথেষ্ট কমাই দিয়া হ’লে, ব্যৱস্থাটো চাগৈ কিছু কৃতকাৰ্য হ’লহেঁতেন। কিন্তু, তাকে নকৰি ছাত্ৰ-ছাত্ৰীৰ মূৰৰ ওপৰত যে পাঠ্যক্ৰম পাণ জপাদি জাপিছে সেইকথা উদাহৰণসহ ওপৰত দেখুৱাই আহিছোঁ।

ৰং-চঙেৰে কোৱাভাতুৰী ঢকাৰ এই ব্যৱস্থা কিয় অনা হ’ল বাৰু? শিক্ষাৰ মান উন্নত কৰিবলৈ? আমাৰ সংক্ষেপ আলোচনাই দেখুৱাইছে যে শিক্ষাৰ মান উন্নত হোৱাৰ বিশেষ কোনো অৱকাশ নাই এই ব্যৱস্থাত। আচলতে নব্য-উদাৰবাদী অৰ্থনীতিৰ স্বাৰ্থতে চেনিৰ উপৰুৱা লেপনেৰে এই তিতা আমাক খুওৱা হৈছে। ব্যৱস্থাটোৱে এক গুলীত দুই চিকাৰ কৰিছে। কেনেকৈ? প্ৰথমতে, নব্য-উদাৰবাদী অৰ্থনীতিৰ মতে শিক্ষা হৈছে এক অনুৎপাদনশীল ক্ষেত্ৰ। কাজেই চৰকাৰে এই ক্ষেত্ৰত ব্যয় সংকোচন কৰিব লাগে। ফলত বিশ্ববিদ্যালয়সমূহলৈ আৰ্থিক অনুদান কমাই অনা হৈছে আৰু তেওঁলোকক স্ব-নিৰ্ভৰশীল হ’বলৈ ইছাৰা দিয়া হৈছে।

ধনৰ সংকটত পৰা বিশ্ববিদ্যালয়ে এতিয়া কিদৰে জোৰা-টাপলি মাৰে? সেয়েহে আগমন ঘটিল ছেমিষ্টাৰ ব্যৱস্থাৰ। এতিয়া দুবাৰ দুবাৰ নামভৰ্তি আৰু দুবাৰ দুবাৰ ফৰ্ম-ফিল্-আপৰ উপাৰ্জনেৰে বিশ্ববিদ্যালয়ে অলপ উশাহ ল’ব পাৰিছে।

দ্বিতীয়তে, ব্যৱস্থাটোৱে পৰীক্ষামুখী আৰু নম্বৰমুখী বোজাৰে ছাত্ৰ-ছাত্ৰীক এনেভাৱে কোঙা আৰু যান্ত্ৰিক কৰি ৰাখিব যে সিহঁতে জীৱন, জগত, সমাজৰ বিষয়ে মৌলিক চিন্তা আৰু প্ৰশ্ন কৰাৰ আগ্ৰহ, অভ্যাস আৰু আহৰি হেৰুৱাই পেলাব। নব্য-উদাৰবাদৰ সমৰ্থক শাসকপক্ষৰ বাবে এইটো মনঃপূত পৰিস্থিতি।

শিক্ষক-ছাত্ৰৰ অনুপাত উপযুক্ত নকৰাকৈ, উচ্চতৰ মাধ্যমিক শ্ৰেণীসমূহ মহাবিদ্যালয়ৰ পৰা আঁতৰাই নিদিয়াকৈ, আন্তঃগাঁথনি পৰ্যাপ্তভাৱে উন্নীত নকৰাকৈ, পাঠ্যক্ৰমৰ অযথা হেঁচা নকমোৱাকৈ, পৰীক্ষাৰ ঠাইত শিক্ষাৰ অগ্ৰাধিকাৰৰ পৰিস্থিতি তৈয়াৰ নকৰাকৈ আৰু শিকাৰুৰ মনত সমাজ-ব্যৱস্থাক প্ৰশ্ন কৰাৰ মানসিকতা ৰোপণ নকৰাকৈ ছেমিষ্টাৰ পদ্ধতিয়েই নহয়, কোনো পদ্ধতিয়েই কৃতকাৰ্য হ’ব নোৱাৰে। আগৰ বাৰ্ষিক ব্যৱস্থাৰ ত্ৰুটিসমূহ দূৰ কৰি তাক সমাজমুখী আৰু ফলপ্ৰসূ কৰাৰ থল নিশ্চয় আছিল। কিন্তু, সঠিক প্ৰস্তুতি আৰু নীতি অবিহনেই জাপি দিয়া ষাণ্মাসিক ব্যৱস্থাত আগৰ তুলনাত ত্ৰুটিৰ পৰিমাণ বৃদ্ধিহে হৈছে।

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক।

শিৱজিত দত্ত

শিৱজিত দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd