• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত ‘বন্ধ’ হৈ যাব ১০৮ সেৱা, আপদকালীন সাহায্যত ভয়ানক বিপৰ্য্যয়ৰ আশংকা!

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 23, 2018 9:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাইজৰ আপদকালীন সাহায্যৰ ক্ষেত্ৰত ভয়ংকৰ বিপৰ্য্যয়ৰ সৃষ্টি কৰি বন্ধ হৈ যাব পাৰে ১০৮ আৰু ১০২ এম্বুলেন্স সেৱা!

মুখ্য মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ বিৰুদ্ধে পোনপটীয়া অভিযোগ তুলি এই জৰুৰীকালীন সেৱাৰ সৈতে জৰিত সমূহ কৰ্মচাৰীয়ে অহা ৫ চেপ্তেম্বৰৰ পৰা ঘোষণা কৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতিয়ে প্ৰকট কৰি তুলিছে এই সম্ভাৱনা।

বৃহস্পতিবাৰে গুৱাহাটী প্ৰে’ছ ক্লাবত এখন সংবাদমেলযোগে এই ঘোষণা কৰে সৰ্বভাৰতীয় শ্ৰমিক সংগঠন নিখিল ভাৰত ট্ৰে’ড ইউনিয়ন কংগ্ৰেছ (AITUC)এ। ‘অসম চৰকাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱা বাবে ১০৮, ১০২ এম্বুলেন্স সেৱা আৰু ইমাৰজেন্সি ৰেচপনচ্ অফিচাৰসকলে অহা ৫ চেপ্তেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰিব,’ সংবাদমেলত ঘোষণা ইউনিয়নৰ অসম শাখাৰ সাধাৰণ সম্পাদক ৰমেন দাসৰ।

ৰাজ্যিক শ্ৰম আয়োগে যোৱা ৩০ জানুৱাৰিত Industrial Employment (Standing Order) Act 1946ৰ অধীনত দিয়া নিৰ্দেশনা অমান্য কৰি কৰ্মচাৰীক হাৰাশাস্তি কৰাৰ অভিযোগ কৰিছে শ্ৰমিক সংগঠনটোৱে। ‘সেৱা বিধি কাৰ্যকৰী নকৰি GVK-EMRIএ নিজ খেয়াল খুচিমতে কৰ্মচাৰীসকলক হাৰাশাস্তি কৰি আহিছে,’ শ্ৰমিক নেতাগৰাকীৰ অভিযোগ।

২০০৮ৰ পৰা ২০১৪ চনলৈ কৰ্মচাৰীসকলক প্ৰদান কৰি অহা দৰমহাৰ বাৰ্ষিক বৃদ্ধি (Annual Increment) ২০১৫-১৬ আৰু ২০১৬-১৭ বৰ্ষত প্ৰতিষ্ঠানটোৱে হঠাৎ বন্ধ কৰি দিয়াৰ পিছত কৰ্মচাৰীয়ে প্ৰতিবাদ কৰাত এই ধন মুকলি কৰি দিব বুলি লিখিত প্ৰতিশ্ৰুতি দিছিল। ‘কিন্তু এতিয়ালৈকে এই ধন মুকলি কৰি দিয়া নাই,’ দাবী দাসৰ।

Ramen Das general secretary all India trade union congress, assam state committee addressing media peoples at Guwahati press club on 23-08-18.pix by ub photos
এ আই টি ইউ চিৰ সংবাদমেল

কেৱল ইমানেই নহয় কৰ্মচাৰীসকলৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয়ভাৱে মানি চলা শ্ৰম আইনো কোম্পানিটোৱে উলংঘা কৰাৰ অভিযোগো উত্থাপন কৰিছে সংগঠনটোৱে।

‘GVK-EMRIয়ে কৰ্মচাৰীসকলক ৮ ঘন্টাৰ পৰিৱৰ্তে ১২ ঘন্টাকৈ  কাম কৰোৱাই শ্ৰম আইন উলংঘা কৰিছে। লগতে উচিত কামৰ বিনিময়ত উচিত মূল্য প্ৰদানৰ ক্ষেত্ৰতো কৰ্মচাৰীসকলক বঞ্চিত কৰি আহিছে,’ শ্ৰমিক নেতাজনৰ অভিযোগ।

কৰ্মচাৰীসকলৰ ক্ষেত্ৰত হৈ থকা অন্যায়ৰ লগতে এই জৰুৰীকালীন সেৱাটোত দুৰ্নীতি সংঘটিত হৈ থকাৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।

এম্বুলেন্সৰ বাবে জনসাধাৰণে হাবাথুৰি খোৱা বুলি বহুসময়ত উঠা ৰাজহুৱা অভিযোগক মান্যতা প্ৰদান কৰি শ্ৰমিক নেতাজনে অভিযোগ কৰে যে একোখন এম্বুলেন্সৰ বাবে মাহে এক নিৰ্দিষ্ট ধন নিৰ্ধাৰিত কৰি ৰখা হয় আৰু সেই ধন শেষ হ’লে গাড়ীবোৰ বন্ধ কৰি ৰখা হয়।

‘একোখন ১০৮ আৰু ১০২ এম্বুলেন্সৰ ইন্ধনৰ বাবদ প্ৰতিমাহে ২০ হাজাৰ টকা প্ৰতিষ্ঠানটোৱে ধাৰ্য্য কৰে। মাহৰ শেষলৈ টকাৰ নাটনি হোৱা এম্বুলেন্সখন বন্ধ কৰি থয়,’ দাবী সংগঠনটোৰ।

তাৰোপৰি মাহত ৩০টা সেৱা সম্পূৰ্ণ কৰিলেও ‘বন্ধ কৰি থয়’ সংশ্লিষ্ট এম্বুলেন্সখন!

ইপিনে এই জৰুৰীকালীন সেৱাৰ কল চে’ন্টাৰৰ বৈদ্যুতিক সা-সৰঞ্জামসমূহো দীৰ্ঘদিন ধৰি মেৰামতি আৰু নবীকৰণ নোহোৱাৰ ফলত বিকল হোৱা বুলিও সংগঠনটোৱে জানিবলৈ দিয়ে।

স্বাস্থ্যৰ দৰে ২৪ ঘণ্টীয়া জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীসকলৰ কৰ্মবিৰতি The Essential Services Maintenance Actৰ জৰিয়তে নিষিদ্ধ। কিন্তু কোম্পানিৰ শোষণ আৰু চৰকাৰৰ উদাসীনতাত বিতুষ্ট এই বৃহৎসংখ্যক কৰ্মচাৰী আন্দোলনত নামিলে ৰাজ্যজুৰি জনসাধাৰণ যুদ্ধসদৃশ অনিশ্চয়তাত কটাব লগা হোৱাটো নিশ্চিত।

কি পদক্ষেপেৰে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে কোম্পানিক নাকী লগাব আৰু কৰ্মচাৰীক অসন্তুষ্টি আৰু ৰাইজক বিপদ শংকাৰ পৰা মুক্ত কৰিব?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd