• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত ওলাইছে ১.৪ মিলিয়ন ভুৱা শিশু, মহিলা: কেন্দ্ৰীয় মন্ত্ৰী মানেকা

দিবাকৰ বৰুৱা by দিবাকৰ বৰুৱা
August 26, 2018 11:47 am
Cabinet Minister maneka gandhi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনি ঠিকেই পঢ়িছে, অসমত ওলাইছে ১.৪ মিলিয়ন ভুৱা শিশু, মহিলা! বাস্তৱত নথকা এই বৃহৎ সংখ্যক শিশু-মহিলাই অসমৰ অংগনৱাড়ী কেন্দ্ৰত প্ৰতিদিনে ভক্ষণ কৰে ১ কোটি ১২ লাখ টকাৰ খাদ্য!

ৰাজ্যৰ সমাজ কল্যাণ বিভাগে পৰিচালনা কৰা অংগনৱাড়ী কেন্দ্ৰত ৬ বছৰৰ তলৰ শিশু, গৰ্ভৱতী আৰু গাখীৰ খুৱাই থকা মহিলাক খুওৱা আহাৰৰ ক্ষেত্ৰত হোৱা এই ভয়ংকৰ লুন্ঠন চৰকাৰী সমীক্ষাত প্ৰকাশ পোৱাৰ কথা নতুন দিল্লীত ঘোষণা কৰিছে কেন্দ্ৰীয় নাৰী আৰু শিশু বিকাশ মন্ত্ৰী মানেকা গান্ধীয়ে।

Apply Now

‘অসমত আমি ১৪ লাখ ভুৱা শিশু বা হিতাধিকাৰী পাইছো। পূৰ্বতে চলোৱা এক সমীক্ষাত ৰাজ্যখনত ৩ লাখ ভুৱা শিশু পোৱা গৈছিল,’ যোৱা বৃহস্পতিবাৰে এক বিভাগীয় সভাত ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।

দেশৰ অগণন দুখীয়া পৰিয়ালৰ শিশু আৰু গৰ্ভৱতী মহিলাৰ অপুষ্টি গুচোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা, ইউনিছেফ (UNICEF)ৰ দ্বাৰা উচ্চ প্ৰশংসিত এই খাদ্য যোগান আঁচনিখনত প্ৰতিগৰাকী হিতাধিকাৰীৰ খাদ্যৰ বাবদ দৈনিক ৮ টকাকৈ ব্যয় কৰা হয়। সেই হিচাপত দেশৰ আন ৰাজ্যৰ কথা বাদেই, কেৱল অসমতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ৬০:৪০ অনুদানত পৰিচালিত এই আঁচনিত ১৪ লাখ ভুৱা হিতাধিকাৰীৰ বাবদ প্ৰতিদিনে লুন্ঠন হৈ আছে ১ কোটি ১২ লাখকৈ টকা!

‘আপুনি প্ৰতিজন হিতাধিকাৰীৰ বাবদ ৮ টকাকৈ ধৰে, তেন্তে সেই হিচাপে বহু কোটি টকাৰ ইতিমধ্যেই হৰলুকি ঘটিছে,’ দাবী মানেকা গান্ধীৰ।

পুষ্টিহীনতাত ভাৰাক্ৰান্ত দেশৰ বহুকেইখন জিলাৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া, ৰাজ্য চৰকাৰৰ প্ৰতিনিধি আৰু জিলা উপায়ুক্তৰ সৈতে হোৱা সভাখনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ দৰে আন ৰাজ্যসমূহতো হিতাধিকাৰীৰ সত্যাসত্যতা নিৰূপণৰ বাবে তদন্ত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।

‘ইমানখিনি ধন (ভুৱা হিতাধিকাৰীৰ নামত সৰকোৱা) ভাল খাদ্যৰ বাবে খৰচ কৰিব পৰা গ’লহেঁতেন। আচলতে কিমান শিশুক খাদ্য যোগানৰ প্ৰয়োজন আপোনালোকে বিচাৰি উলিয়াওক,’ বিষয়াসকলক আহ্বান মন্ত্ৰীগৰাকীৰ।

‘পুষ্টি মাহ’ হিচাপে অহা ছেপ্তেম্বৰ মাহটো উদযাপন কৰিবলৈ লোৱাৰ প্ৰস্তুতি হিচাপে আয়োজিত এই সভাখনত দেশৰ অংগনৱাড়ী কৰ্মীসকলৰ ভূমিকা ‘নিয়াৰি’ কৰাৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।

আনহাতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছতে বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। গগৈ চৰকাৰৰ দিনৰ পৰাই বিষয়টোৰ চিবিআই তদন্ত দাবী কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

‘মানেকা গান্ধীয়ে নিজেই কেলেংকাৰিৰ কথা স্বীকাৰ কৰিছে যেতিয়া চিবিআই তদন্ত হ’ব লাগে। মোৰ দিনটো যদি কেলেংকাৰি হৈছিল, তেন্তে তদন্ত কৰক। মোৰ কোনো আপত্তি নাই,’ শুকুৰবাৰে এক সংবাদমেলযোগে মন্তব্য গগৈৰ।

প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে কুখ্যাত জৰুৰীকালীন অৱস্থাত ১৯৭৫ চনত আৰম্ভ কৰা সংহত শিশু উন্নয়ন আঁচনি (Integrated Child Development Scheme)ৰ অধীনত পৰিচালিত হৈ আহিছে এই খাদ্য যোগান অভিযান।

প্ৰাক্তন প্ৰধান মন্ত্ৰী মোৰাৰ্জী দেশাইৰ দিনত বন্ধ কৰি দিয়া এই আঁচনিখন অটল বিহাৰী বাজপেয়ীৰ কাৰ্য্যকালত ১০ম পঞ্চবাৰ্ষিক পৰিকল্পনাত পুনৰ আৰম্ভ কৰা হৈছিল।

দিবাকৰ বৰুৱা

দিবাকৰ বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

June 27, 2026 9:05 pm
সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

June 27, 2026 8:59 pm
প্ৰশ্নকাকত ফাদিলৰ সন্দেহ: পৰীক্ষাৰ এদিন পূৰ্বেই স্থগিত মহাৰাষ্ট্ৰৰ টেট

প্ৰশ্নকাকত ফাদিলৰ সন্দেহ: পৰীক্ষাৰ এদিন পূৰ্বেই স্থগিত মহাৰাষ্ট্ৰৰ টেট

June 27, 2026 8:56 pm
হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

June 27, 2026 7:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

June 27, 2026 9:05 pm
সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

June 27, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd