• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৪ বছৰ শিক্ষকতা কৰি বিনা বেতনে অৱসৰ শিক্ষক সতীন্দ্ৰ নাথ বৰাৰ : আৱেগিক হৈ পৰিল সতীৰ্থ আৰু ছাত্ৰ-ছাত্ৰী

মিণ্টু দাস by মিণ্টু দাস
August 26, 2018 1:25 pm
Retired teacher What's ahead of non-provincialised school teachers in Assam?

২৪ বছৰ ধৰি শিক্ষকতা কৰি বিনা বেতনৰে অৱসৰ গ্ৰহণ কৰা বটদ্ৰৱা সমষ্টিৰ জাজৰি বেলতল মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সতীন্দ্ৰ নাথ বৰাক বিদায় সম্বৰ্দ্ধনা। ফটো : নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিনা বেতনৰে দীৰ্ঘদিন শিক্ষকতা কৰি চকু পানী টুকি অৱসৰ গ্ৰহণ কৰিলে আকৌ এজন শিক্ষকে। এই দুৰ্ভগীয়া শিক্ষকগৰাকীৰ নাম সতীন্দ্ৰ নাথ বৰা। নগাঁৱৰ চকলাঘাট নিবাসী এই গৰাকী শিক্ষকে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ জাজৰি বেলতল মধ্য ইংৰাজী বিদ্যালয়ত ২৪ বছৰ ধৰি ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি জ্ঞানৰ পোহৰ বিলাই অৱসৰৰ সময়ত নিজে অন্ধকাৰ ভৱিষ্যতৰ সন্মুখীন হ’বলগীয়া হৈছে।

২৪ বছৰীয়া শিক্ষকতাৰ কাৰ্যকালত এদিনৰো চৰকাৰী দৰমহা নোপোৱাকৈ কেইদিনমান পূৰ্বে অৱসৰ গ্ৰহণ কৰা শিক্ষকগৰাকীক শনিবাৰে বিদ্যালয়খনত অনুষ্ঠিত এক সভাত আনুষ্ঠানিকভাবে বিদায় জনোৱা হয়। সুদা হাতে এগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুক বিদায় দিবলগীয়া হোৱাত সকলো আৱেগিক হৈ পৰে।স্থানীয় ৰাইজে শৰাই, প্ৰশস্তি পত্ৰ, কিতাপৰ টোপোলাৰে শিক্ষকগৰাকীক বিদায় সম্ভাষণ জনায়।

সভাত দিয়া বিদায়ী ভাষণত শিক্ষকগৰাকীয়ে কয়, ‘’চৰকাৰী ধনৰে মোৰ অৱসৰৰ পিচত এটা নিজা ঘৰ বনোৱাৰ সপোন আছিল। কিন্তু সেয়া হৈ নুঠিল। বিনা পেঞ্চনৰে বৃদ্ধ বয়সত মোৰ ৰুগীয়া পত্নী আৰু মোৰ কি হ’ব সেইয়া কি মই নাজানো। কিন্তু চৰকাৰলৈ মোৰ অনুৰোধ মোৰ দৰে দুৰ্ভীয়া শিক্ষকসকলক দীৰ্ঘজীৱন শিক্ষকতাৰ বিনিময়ত অৱসৰৰ পিছত যাতে অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিব নালাগে তাৰ প্ৰতি গুৰুত্ব দিয়ক।‘’

এই বিদায়ী সভাখনত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অকন চন্দ্ৰ ডেকা, বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিপিন চন্দ্ৰ বৰা প্ৰমুখ্যে শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

উল্লেখ্য যে, জাজৰি বেলতলত ১৯৮৮ চনত বীৰ চিলাৰায় মধ্য ইংৰাজী বিদ্যালয়খন স্থানীয় ৰাইজে প্ৰতিষ্ঠা কৰিছিল। ১৯৯৪ চনত বিদ্যালয়খনে চৰকাৰী স্বীকৃতি লাভ কৰে। বিদ্যালয়খনে ২০১৩ চনত প্ৰাদেশীকৰণ হোৱাৰ পথত আগবাঢ়িছিল যদিও সেই সময়ৰ শাসকীয় কংগ্ৰেছ দলৰ কুটিল ৰাজনীতিৰ বাবে বিদ্যালয়খন প্ৰাদেশীকৰণ নহ’ল। তাৰ ফলত শিক্ষকতাৰ দৰে মহান বৃত্তিত জৰিত হৈয়ো বিদ্যালয়খনৰ শিক্ষকসকলে প্ৰাপ্য লাভ নকৰি পেটত গামোচা বান্ধিব লগীয়া হৈছে।

এই দুৰ্ভগীয়া শিক্ষকসকলৰ প্ৰতি সদয় হোৱাৰ বাবে স্থানীয় ৰাইজে চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm
অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

September 14, 2025 5:33 pm
সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm
ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

September 14, 2025 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm
অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

September 14, 2025 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd