• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ষাঠিবছৰ গৰকা অসম ৰাজ্যিক চিৰিয়াখানা পৰ্য্যায়ক্ৰমে ধ্বংস কৰা শক্তিৰ নেতৃত্ব লৈছে চিৰিয়াখানা ডি এফ অ’ই : অদীপ ফুকন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 28, 2018 10:48 pm
Adip Phukan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ষাঠিবছৰ গৰকা অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰ্য্যায়ক্ৰমে ধ্বংসৰ বাবে এটা শক্তি জড়িত হৈ পৰিছে। এই শক্তিৰ নেতৃত্ব লৈছে স্বয়ং ডি এফ অ’গৰাকীয়ে।”

আজি চিৰিয়াখানা সুৰক্ষা মঞ্চৰ চিৰিয়াখানাৰ সমীপতে থকা কাৰ্য্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি ডি এফ অ’ টেজচ মৰিস্বামীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ তোলে জ্যেষ্ঠ সাংবাদিক অদীপ ফুকনে।

Apply Now

উল্লেখ্য যে, চিৰিয়াখানা সুৰক্ষা মঞ্চই দীৰ্ঘদিন ধৰি চিৰিয়াখানাখনত অনিয়ম তথা কেলেংকাৰি চলি থকাৰ বাবে জীৱ-জন্তুবিলাকে ব্যাপক হাৰত মৃত্যুক সাবটি লোৱা বুলি অভিযোগ তুলি থকা সময়তে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ো চিৰিয়াখানাৰ কেলেংকাৰিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে।

আনহাতে, উক্ত সংবাদমেলতে তেওঁ ১৯৫৮ চনতে স্থাপিত হোৱা চিৰিয়াখানাখন যোৱা ৬০ বছৰে ক্ৰমাৎ ধ্বংসৰ ফালে গতি কৰি আছে বুলি সদৰী কৰি তেওঁ লগতে কয় “চিৰিয়াখানাৰ ভিতৰত থকা ডি এফ অ’ এগৰাকীক লুণ্ঠন চলাবলৈ কৰ্তৃত্ব দিয়া হৈছে।”

ইয়াৰোপৰি এই লুণ্ঠনে এনে এটা পৰ্য্যায় পোৱাৰ বাবে মুখ্য মন্ত্ৰী নিজে আহি চিৰিয়াখানাত আহি চাবলগীয়া হৈছে বুলি তেওঁ কয়। তেওঁ লগতে কয় “এই কথাই এটা কথা স্পষ্ট কৰে অসম ৰাজ্যিক চিৰিয়াখানাত সাংঘাটিক কেলেংকাৰি চলি আছে।”

আনহাতে, এই কেলেংকাৰিৰ বিৰুদ্ধে ৰাজহুৱাভাৱে অভিযোগ কৰি থকা হৈছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তেওঁ কয়।

তেওঁৰ মতে, “এইক্ষেত্ৰত চৰকাৰৰ ষড়যন্ত্ৰ থকা বুলি এটা কাৰণেই বাঢ়ি গৈছে যে এটা সময়ত খানাপাৰাস্থিত কৃষি বিশ্ববিদ্যালয়ৰ মাটি এখন ৫ ষ্টাৰ হোটেল কৰাৰ বাবে চেষ্টা কৰি থকা হৈছিল, আমি প্ৰতিবাদ কৰাৰ পাছতো হোটেলখন খুলিবৰ কাৰণে মাটি দি দিয়া হ’ল। একেই প্ৰক্ৰিয়াৰে চিৰিয়াখানাত থকা ১৭৫ হেক্টৰ মাটি কোনো ব্যক্তিগত খণ্ডৰ হাতত গতাই ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান গঢ় দিয়াৰ চেষ্টা কৰা হৈছে বুলি আমাৰ সন্দেহ আহিছে।”

আনহাতে, ২০১৭ চনৰ ১ ছেপ্তেম্বৰত চিৰিয়াখানা কৰ্তৃপক্ষই দিয়া তথ্য অনুসৰি চিৰিয়াখানাত ১১৮টা প্ৰজাতিৰ ১২২৩টা জীৱ-জন্তু আছিল বুলি তেওঁ সংবাদমেলত কয়। আনহাতে তাৰ বিপৰীতে ইণ্টাৰনেটত থকা তথ্য অনুসৰি মাত্ৰ ১১৪ বিধ প্ৰজাতিৰ জীৱ-জন্তুহে আছে বুলি তেওঁ জানিবলৈ দিয়ে। লগতে আৰ টি আই তথ্যত প্ৰদান কৰা ১২২৩টা জীৱ-জন্তুৰ পৰিৱৰ্তে ৮৯৫টা জীৱ-জন্তু চিৰিয়াখানাত আছে বুলি ইণ্টাৰনেটত উল্লেখ থকা বুলি তেওঁ কয়।

এইক্ষেত্ৰত ১২২৩ টা জীৱ-জন্তুৰ পৰা ৩২৮ টা জীৱ-জন্তু কেনেকৈ কমিল বুলি তেওঁ চিৰিয়াখানা কৰ্তৃপক্ষক প্ৰশ্ন কৰে।

ঠিক সেইদৰে অসম চৰকাৰকো তথ্য বিভ্ৰাট সন্দৰ্ভত স্পষ্টীকৰণ দিয়াৰ বাবে সাংবাদিকগৰাকীয়ে দাবী কৰে ।

তেওঁ লগতে অসম ৰাজ্যিক চিৰিয়াখানাখনৰ জীৱ-জন্তুৰ ৰাজহুৱা গণনা কৰিবৰ বাবে দাবী উত্থাপন কৰাৰ লগতে কয়, “এই ৰাজহুৱা গণনাৰ তথ্য ৰাইজে জনাকৈ চিৰিয়াখানাত ৰাখি থ’ব লাগে।”

আনহাতে, বৰ্তমান অসম ৰাজ্যিক চিৰিয়াখানাখনৰ জীৱ-জন্তু, চৰাই-চিৰিকটিবিলাকক লেতেৰা খোৱাপানী যোগান ধৰা হয় বুলি তেওঁ গুৰুতৰ অভিযোগ তোলে।

ইয়াৰোপৰি, চিৰিয়াখানা কৰ্তৃপক্ষই জনোৱা অনুসৰি কেনাইন ডিচটেম্পাৰ নামৰ ভাইৰাচবিধ কেনেকৈ চিৰিয়াখানালৈ আহিবলৈ পালে বুলি তেওঁ প্ৰশ্ন কৰাৰ লগতে কয় যে কি কাৰণত বাহিৰৰ পৰা জন্তুবিলাক চিৰিয়াখানালৈ আনোতে বাহিৰতে পৰীক্ষা নকৰাকৈ অনা হ’ল?

ইয়াৰোপৰি, কেনাইন ডিচটেম্পাৰ ভাইৰাছ সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে উচ্চস্তৰীয় তদন্ত দাবী কৰাৰ লগতে ইয়াৰ লগত জড়িতসকলক উচিত শাস্তি প্ৰদানৰ বাবে চৰকাৰক দাবী জনায়।

উল্লেখ্য যে, ফুকনে চিৰিয়াখানাৰ জন্তুবিলাকক খাদ্যৰ যোগান কমকৈ ধৰা বুলি অভিযোগ তুলি তেওঁ কয় “জন্তুবিলাকক খাদ্য যোগান কমকৈ ধৰি ধ্বংসৰ গৰাহলৈ থেলি দিব বিচাৰিছে আৰু ইয়াৰ ঠাইত বাণিজ্যিক ক্ষেত্ৰ গঢ়ি তুলিব বিচাৰিছে।”

তেওঁ লগতে তথ্য দাঙি ধৰি কয়, “২০১৭ চনত একেখিনি জীৱ-জন্তুকে যোগান ধৰি অহা খাদ্যসমূহ এতিয়া কমকৈ যোগান ধৰা হৈছে। ২০১৭ চনত প্ৰত্যেক দিনা জীৱ-জন্তুবোৰক ছাগলী মাংসৰ প্ৰয়োজন আছিল ৩৩.৯ কেজি। কিন্তু ২০১৮ চনত সেই মাংসৰ পৰিমাণ আধাতকৈও কমি ১৪.৪ কিল’গ্ৰাম হ’লগৈ। ২০১৭ চনত হাড় নথকা মাংসৰ পৰিমাণ আছিল ৩.৩ কেজি, কিন্তু চলিত বৰ্ষত এই পৰিমাণ কমাই মাত্ৰ ০.৬ কেজি কৰা হৈছে।”

তেওঁ লগতে কয় “হৰিণাৰ কাৰণে প্ৰত্যেকদিনে গছৰ পাতৰ প্ৰয়োজন হয় ৪৭.৭২ কুইণ্টল, কিন্তু এই পৰিমাণ কমাই ১১.৮৬ কুইণ্টললৈ নমাই অনা হৈছে।”

জীৱ-জন্তুবোৰক খাদ্যৰ পৰিমাণ ক্ৰমান্বয়ে কমাই অনাৰ অধিকাৰ চিৰিয়াখানা কৰ্তৃপক্ষ নাইবা চৰকাৰৰ নাই।

আনহাতে, উক্ত সংবাদমেলৰ জৰিয়তে ফুকনে পূৰ্বতে পশু-পক্ষীসকলক প্ৰদান কৰা খাদ্যসমূহ প্ৰদান কৰিবৰ বাবে চিৰিয়াখানা কৰ্তৃপক্ষক আহ্বান জনায়।

তেওঁ লগতে চিৰিয়াখানাখনৰ চাৰিওকাষৰ তিনিটা স্থানত ভাঙি থকা দেৱালসমূহ অনতিপলমে নিৰ্মাণৰ বাবে  চিৰিয়াখানা কৰ্তৃপক্ষক আহ্বান জনায় যাতে হৰিণাকে ধৰি অন্যান্য জীৱ-জন্তুসমূহ চিৰিয়াখানাৰ পৰা বাহিৰ ওলাই যাব নোৱাৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd