• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংঘাতিক কাণ্ড : গোপনে ৰোগীৰ পেট ফালিলে লখিমপুৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 29, 2018 2:40 pm
Patient
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লখিমপুৰ নগৰৰ নকাড়িত থকা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় মিডটাউন হস্পিটেলত সংঘটিত হৈছে এটা অভাৱনীয় ঘটনা। চিকিৎসালয়খনত গলব্লাডাৰৰ চিকিৎসা কৰাবলৈ অহা এগৰাকী মহিলাৰ তেওঁৰ বা তেওঁৰ পৰিয়ালৰ অনুমতি নোলোৱাকৈয়ে পেট ফালি চিকিৎসা কৰিলে চিকিৎসকে, যিটো চিকিৎসা আইনৰ পৰিপন্থী।

এই ঘটনাক লৈ ২৮ আগষ্টত চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰোগীৰ আত্মীয় আৰু অন্যান্য দল-সংগঠনে। ফলত আৰক্ষীয়ে চিকিৎসালয়খনৰ স্বত্বাধিকাৰীসহ লগতে থকা ফাৰ্মাচিখনৰ স্বত্বাধিকাৰী আৰু ছেল্‌ছমেনজনক আটক কৰে।

Apply Now

ৰোগীৰ পৰিয়ালটোৰ সূত্ৰই জনোৱামতে, গোগামুখৰ বিশ্বজিত সাহাৰ পত্নী তৰা সাহাৰ গলব্লাডাৰত পাথৰ হোৱাত যোৱা ২৫ আগষ্টত চিকিৎসালয়খনত ভৰ্তি হৈছিল। মহিলাগৰাকীয়ে দুবছৰৰ পূৰ্বে ছিজাৰিয়ান পদ্ধতিৰে সন্তান জন্ম দিয়াৰ বাবে অপে’ন ছাৰ্জাৰিৰ পৰিৱৰ্তে লেপাৰোস্ক’পি পদ্ধতিৰে গলব্লাডাৰৰ পাথৰ উলিওৱাৰ বাবে চিকিৎসকে পৰামৰ্শ দিছিল। সেই অনুসৰি ২৬ আগষ্টত চিকিৎসা কৰা হয়। লেপাৰোস্ক’পি পদ্ধতিৰে এই কাম সম্পূৰ্ণ কৰা হয় বুলি চিকিৎসালয় কৰ্তৃপক্ষই ৰোগী আৰু ৰোগীৰ আত্মীয় জানিবলৈ দিয়ে।

ইয়াৰ পিছতে ২৮ আগষ্টত চিকিৎসাৰ বাবত চিকিৎসালয়খনত সাতত্ৰিচ হেজাৰ টকা আদায় দি ৰোগী ঘৰলৈ যায়। কিন্তু ৰোগী ঘৰলৈ যোৱাৰ পিছতহে নাৰ্ছে যেতিয়া ৰোগীক ড্ৰেছিং কৰে তেতিয়া লেপাৰোস্ক’পি পদ্ধতিৰ পৰিৱৰ্তে অ’পেন ছাৰ্জাৰি কৰা বুলি ধৰা পেলায়।

খবৰটো ৰাষ্ট্ৰ হৈ পৰাত ৰোগীৰ আত্মীয়সহ বিভিন্ন দল-সংগঠন চিকিৎসালয়খনত উপস্থিত হৈ চিকিৎসাৰ নামত কৰা এনে অনৈতিক কাৰ্যৰ বিৰুদ্ধে চিকিৎসালয়খনৰ স্বত্বাধিকাৰীক জবাবদিহি কৰে। লগতে ৰোগীক অ’পেন ছাৰ্জাৰি কৰা উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ শল্য চিকিৎসক ডাঃ প্ৰবীণ মিলিৰ লগত ৰোগীৰ স্বামীয়ে ফোনযোগে যোগাযোগ কৰে। কিন্তু চিকিৎসকগৰাকীয়ে বিষয়টো কোনো গুৰুত্ব নিদিয়ে।

আনহাতে আন এটা অভিযোগমতে, ২৬ আগষ্টৰ নিশা ৰোগীক দিয়া ছেলাইন আৰু দৰব ম্যাদ ওকলা আছিল বুলিও ৰোগীৰ পৰিয়ালে দাবী কৰিছে।

মন কৰিব লগীয়া যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনে তাত সুচিকিৎসাৰ আন সুবিধা নথকাৰ সুযোগ লৈ ৰোগী আৰু ৰোগীৰ আত্মীয়ক দীৰ্ঘদিনৰ পৰা লুণ্ঠন কৰি আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰি আহিছে।

চিকিৎসালয়খনৰ বিভিন্ন অনৈতিক আৰু বেআইনী কাৰ্য্যৰ বিৰুদ্ধে এটা ন্যায়িক তদন্ত দিবলৈ অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে দাবী জনাইছে।

জানিব পৰামতে, চিকিৎসালয়খনত উপস্থিত হৈ লখিমপুৰৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ হৰপাল সিং সুৰী, ঔষধ পৰিদৰ্শক পুলিন চন্দ্ৰ বৰা আৰু কাৰ্যবাহী দণ্ডাধীশ মনজিৎ বৰকাকতী, উত্তৰ লখিমপুৰ সদৰ থানাৰ অ’ চি ঘনকান্ত ভূঞাই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

দুগৰাকী ৰোগীৰ অভিভাৱক আৰু একাধিক সংগঠনৰ উমৈহতীয়া এজাহাৰৰ ভিত্তিত মিডটাউন হাস্পিতালৰ স্বত্বাধিকাৰী ডাঃ টিটু মেদক, নাৰ্ছিংহোমখনত থকা ফাৰ্মাচিৰ স্বত্বাধিকাৰী চামিৰুল হুছেইন খণ্ডকাৰ আৰু এজন ছেল্‌ছমেনক সোধা-পোছাৰ বাবে উত্তৰ লখিমপুৰ সদৰ থানালৈ নিয়া হৈছে।

আনহাতে, ম্যাদ ওকলা ঔষধ বিক্ৰী কৰাৰ অপৰাধত ফাৰ্মাচিখন জিলা প্ৰশাসনে ছীল কৰি দিয়ে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd