• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘সাৰদা’ গ্ৰুপৰ সোণাপুৰত থকা ৪৭ বিঘা মাটি জব্দ কৰিলে আইন বলৱৎকাৰী সঞ্চালকালয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2018 12:22 am
saradha2

প্ৰতিনিধিত্বমূলক ফটো।

117
VIEWS
Share on FacebookShare on Twitter

চীট ফাণ্ডৰ জৰিয়তে ৰাজ্যজুৰি সাধাৰণ মানুহৰ কোটি কোটি টকা লুট কৰা সাৰদা গ্ৰুপৰ নামত থকা সোণাপুৰৰ এটুকুৰা মাটি আজি আইন বলৱৎকাৰী সঞ্চালকালয়ে (এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট) জব্দ কৰিছে। এই স্থানত সাৰদা গোষ্ঠীৰ মুঠ ৪৭ বিঘা মাটি আছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে কেইবা হাজাৰ কোটি টকাৰ কেলেংকাৰি কৰা সাৰদা গ্ৰুপৰ বিৰুদ্ধে গোচৰ চলি থকা আৰু কেলেংকাৰিৰ নায়কসকল বৰ্তমান জেইলত থকাৰ সুযোগ লৈ ৰাজ্যৰ বিভিন্ন ঠাইত এই গোষ্ঠীটোৰ সম্পত্তিবোৰ বিভিন্ন দুষ্টশক্তিয়ে নিজৰ দখললৈ নিছিল। কিন্তু শেহতীয়াকৈ আইন বলৱৎকাৰী সঞ্চালকালয়ে সাৰদা গ্ৰুপৰ বিভিন্ন ঠাইত থকা সম্পত্তি জব্দৰ অভিযান আৰম্ভ কৰিছে।

আজিও আইন বলৱৎকাৰী সঞ্চালকালয়ে সোণাপুৰৰ মেধিকুছিত থকা সাৰদা গোষ্ঠীৰ মুঠ ৪৭ বিঘা মাটি পি কে শৰ্মা নামৰ এজনে দখল কৰি থকা অৱস্থাৰ পৰা জব্দ কৰে।

মন কৰিব লগীয়া যে সাৰদা গ্ৰুপে মাটিখিনি পদুম বৰঠাকুৰ নামৰ লোক এজনৰ পৰা কিনিছিল। কিন্তু কেলেংকাৰিটোৰ মূল অভিযুক্ত, অৰ্থাৎ সাৰদাৰ মালিক সুদীপ্ত সেন জেইললৈ যোৱাৰ পিছতে শৰ্মা উপাধিৰ গুৱাহাটীৰ এই ব্যৱসায়ীজনে হস্তগত কৰিছিল। পি কে শৰ্মাই মাটিখিনি দখল কৰি তাত থকা বহু সংখ্যক চেগুন গছ কাটি বিক্ৰী কৰে বুলি জানিব পৰা গৈছে। আইনে এই পি কে শৰ্মাৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব।

Recent News

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd