আত্মহত্যা ৰোধ কৰা আৰু মানসিক স্বাস্থ্যৰ ওপৰত এটা সজাগতা সৃষ্টিৰ বাবে ১০ ছেপ্টেম্বৰৰ পৰা একক বাইক ৰাইডিং কৰি টিকাৰাম ছাপকোটা নামৰ স্বাস্থকৰ্মীগৰাকী ১৯ ছেপ্টেম্বৰত গেংটকত আহি উপস্থিত হৈছে। তেওঁ ইষ্ট ছিকিমৰ ছিংটাম জিলা চিকিৎসালয়ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল।
উল্লেখ্য যে শ্ৰী ছাপকোটা হৈছে চিকিৎসা বিভাগৰ এগৰাকী বহুমুখী স্বাস্থ্যকৰ্মী। বৰ্তমান তেওঁ মাখা প্ৰাথমিক স্বাস্থ্য উপকেন্দ্ৰত কৰ্মৰত। ১০ দিনীয়া ভ্ৰমণকালত ছাপকোটাই ইষ্ট ডিষ্ট্ৰিক্টৰ ৭খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু ৪৭খন প্ৰাথমিক স্বাস্থ্য উপকেন্দ্ৰ আৰু শিক্ষানুষ্ঠান সামৰি লৈছিল আৰু মানসিক স্বাস্থ্য আত্মহত্যা আদি বিষয়ৰ ওপৰত জনসাধাৰণৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো লগ কৰিছিল আৰু সজাগতাৰ সৃষ্টি কৰিছিল।
জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ (DMHP) অধীনত জিলা চিকিৎসালয় ছিংটামে ছাপকোটাৰ বাইক ৰাইডিঙৰ ব্যয় বহন কৰিছিল।
একক বাইক ৰাইডিঙৰ সমাপ্তিৰ পাছত ছাপকোটাক স্বাস্থ্য বিভাগৰ বিষয়ববীয়া, বেচৰকাৰী সন্থাৰ সদস্য,বাইকাৰ আৰু গেংটকৰ জনসাধাৰণে এমজি মাৰ্গৰ পৰ্যটন তথ্য কেন্দ্ৰৰ সন্মুখত তেওঁক উষ্ম আদৰণি জনায়। ছাপকোটাক তেওঁৰ বাইকাৰ ক্লাব অ’পেন ৰ’ড ৱাণ্ডাৰাৰ্ছে বজ্ৰৰ পৰা এমজি মাৰ্গলৈ আগবঢ়াই লৈ যায়।