• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰী মোদীৰ ‘সু-শাসন’ৰ নীতি মানি চলা নাই অসমৰ বিজেপি চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 6, 2018 4:33 pm
Rajib-Prakash-Baruah-1140x570

ৰাজীৱ প্ৰকাশ বৰুৱা। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতা আৰু দায়বদ্ধতা ‘সু-শাসন’ৰ পূৰ্ব চৰ্তৰূপে দাবী কৰি অহাৰ সময়ত তেওঁৰ সেই শ্ৰুতলিপি সামগ্ৰিকভাৱে মানি চলা নাই বিজেপি নেতৃত্বাধীন অসম চৰকাৰে।

অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বৃ্হস্পতিবাৰে দাবী কৰে যে ৰাজ্যৰ চৰকাৰ পৰিচালনাত বিভাগীয় নিৰ্দেশনা নিশ্চিতভাৱে মানি চলা নাই অসমৰ বিজেপি চৰকাৰে।

কংগ্ৰেছ নেতাজনে কয় যে দিচপুৰৰ ক্ষমতাৰ কৰিদৰৰ প্ৰভাৱশালী ব্যক্তিৰ ‘ঘনিষ্ঠ’ একাংশ আমোলাৰ কাৰ্য্যকাল বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে।

তথ্য আৰু জন সংযোগ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়াৰূপে ৰাজীৱ প্ৰকাশ বৰুৱাৰ চুক্তিভিত্তিক নিযুক্তিক লৈ ২৮ ছেপ্তেম্বৰত এক জাননী (No. IPRD.62/2018/1)  জাৰি কৰিছিল বিভাগটোৱে।

“ৰাজ্যিক কৰ্তৃত্বশীল সমিতিৰ অনিৰ্ণীত অনুমোদন আৰু ৰাজহুৱা সেৱাৰ স্বাৰ্থত, শ্ৰী ৰাজীৱ প্ৰকাশ বৰুৱাক…, ইয়াৰ দ্বাৰা ০১/১০/২০১৮ৰ পৰা এবছৰলৈ কাৰ্য্যকৰী হোৱাকৈ অসম চৰকাৰৰ অতিৰিক্ত সচিবৰ পদমৰ্য্যাদাৰে তথ্য আৰু জনসংযোগ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়াৰূপে চুক্তিভিত্তিত নিযুক্তি দিয়া হৈছে,” জাননীত উল্লেখ।

এই প্ৰসংগত প্ৰতিক্ৰিয়া কৰি দেৱব্ৰত শইকীয়াই কয় বিজেপি শাসনলৈ আহিছিল অসমৰ ২৫ লাখ শিক্ষিত নিবনুৱাক ৫ বছৰৰ ভিতৰত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে। “বিভিন্ন বিভাগত বৃ্হৎসংখ্যক পদ খালী হৈ আছে। কিন্তু কোনো বিজ্ঞাপন প্ৰকাশ নকৰাকৈ বা কেবিনেট অনুমতি নোহোৱাকৈ বহু বিষয়া তেওঁলোকৰ কাৰ্য্যকাল শেষ হোৱাৰ পিছতো বিশেষ কৰ্তব্যৰত বিষয়া বা উপদেষ্টাৰূপে নিযুক্ত হৈছে। ই ৰাজ্যখনৰ অৰ্থনীতিত বোজা হৈ পৰিছে,” নৰ্থ ইষ্ট নাও-ক জনালে শইকীয়াই।

অসম প্ৰশাসনিক সেৱাৰ বিষয়া বৰুৱাই কাৰ্য্যকাল শেষ হোৱাত ৩০ ছেপ্তেম্বৰত অৱসৰ লৈছিল। অতিৰিক্ত সচিব হোৱাৰ উপৰি তেওঁ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকৰূপেও দায়িত্বত আছিল।

লগতে পঢ়ক– বিনা অনুমোদনত নতুনকৈ নিযুক্তি পাইছে এ চি এছ আমোলাই

কিন্তু ১ অক্তোবৰৰ দিনৰ ১০ বজাত বৰুৱাই বিভাগটোৰ বিশেষ বিষয়াৰূপে কৰ্তব্যত যোগ দিছে। যোৱা ১৮ জুলাইত জাৰি কৰা OM No.AAP.98/2017/30 অনুসৰি চুক্তিভিত্তিক এই সময়চোৱাত তেওঁৰ দৰমহা আৰু আন সুবিধা নিৰ্ধাৰিত হ’ব। জাননী আৰু কৰ্মত যোগ দিয়াৰ প্ৰতিবেদন দুয়োটাই অসমৰ মুখ্য গাণনিক {Accountant General (A&E)} লৈ প্ৰেৰণ কৰা হৈছে বুলি চিহ্নিত কৰা হৈছে।

দেৱব্ৰত শইকীয়াই কয় যে যদি চৰকাৰে অৱসৰপ্ৰাপ্ত বিষয়াসকলক পুনৰ নিযুক্তি দিয়াতো অব্যাহত ৰাখে তেন্তে ই এক কেবিনেট সিদ্ধান্তৰ যোগেদি কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি কৰিব লাগে।

‘‘চৰকাৰে ৰাজ্যৰ নিবনুৱা সমস্যাৰ ক্ষেত্ৰত কেৱল বাধাৰহে সৃষ্টি কৰিছে,” শইকীয়াৰ মন্তব্য।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd