• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ঈদ’ত বোমা দিবলৈ নিষিদ্ধ আলফা (স্বাঃ)ক কেনেকৈ প্ৰত্যাহ্বান জনাব পাৰে বিজেপি বিধায়কে?

আলফা ১৯৯০ চনৰে পৰা ভাৰত ৰাষ্ট্ৰৰ নিষিদ্ধ ঘোষিত সংগঠন। পৰেশ বৰুৱাক তেওঁলোকৰ নিজা পথেৰে অসমৰ স্বাধীনতাৰ বাবে যুঁজিবলৈ ভাৰতীয় সংবিধানে নিয়োগ কৰা নাই। আৰু তাৰ বিপৰীতে শিলাদিত্য দেব ভাৰতৰ সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা এজন নিৰ্বাচিত জনপ্ৰতিনিধি।

এন ই নাও নিউজ by এন ই নাও নিউজ
October 14, 2018 7:07 pm
siladitya dev Assam NRC includes names of declared foreigners, claims BJP MLA Shiladitya Dev

শিলাদিত্য দেব। ফটো- ফে’চবুকৰ পৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা (স্বাঃ)এ গুৱাহাটীত শনিবাৰে কৰা বিস্ফোৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঈদত অসমৰ ধুবুৰী, বৰপেটা আদি জিলাত বোমা ফুটুৱাৰ বাবে পৰেশ বৰুৱাক প্ৰত্যাহ্বান জনাইছে বিজেপিৰ বিধায়ক শিলাদিত্য দেবে।

এন আৰ চি, নাগৰিকত্ব বিধেয়ক আদি বিভিন্ন বিষয়ত ধাৰাৱাহিকভাৱে প্ৰৰোচনামূলক বক্তব্যৰে বিতৰ্কৰ সূচনা কৰি অহা হোজাইৰ বিধায়কজনে গুৱাহাটীৰ বিস্ফোৰণটোক লৈয়ো হিন্দু-মুছলমানৰ বিভাজন কৰিছে।

Apply Now

“হিন্দু সমাজৰ উৎসৱৰ আগত এনেধৰণৰ কাৰ্য্যকলাপে কি বুজায়? তাৰ মানে তেওঁ (পৰেশ বৰুৱা) হিন্দু নহয়। তেওঁ পাৰিব নেকি ঈদৰ আগত তেনেকুৱা ধৰণৰ কাৰ্য্যকলাপ কৰিবলৈ? তেওঁৰ সাহস হ’বনে?” আলফা (স্বাঃ)ৰ বিস্ফোৰণক “তীব্ৰ ভাষাৰে গৰিহণা দি” পৰেশ বৰুৱাক দেওবাৰে ধুবুৰী আৱৰ্ত ভৱনৰ পৰা এই প্ৰত্যাহ্বান বিজেপি বিধায়কজনৰ।

আলফা (স্বাঃ)ৰ নেতাজন মুছলমান ৰাষ্ট্ৰ আৰু সংগঠনৰ কব্জাত বন্দী আৰু সেয়ে মুছলমান অধ্যুষিত বাবেই অসমৰ সেইকেইখন জিলাত বোমা ফুটুৱাটো পৰেশ বৰুৱাৰ বাবে সম্ভৱ নহয়– এই ধৰণৰ অতি প্ৰৰোচনামূলক মন্তব্যৰে সংখ্যাগৰিষ্ঠ হিন্দু বিশেষকৈ বাঙালী হিন্দুসকলৰ ৰক্ষাকৰ্তাৰূপে আনুগত্য পোৱাৰ যেন যৎপৰোনাস্তি চেষ্টা কৰিছে বিজেপিৰ বিধায়কজনে।

“তেওঁ পাৰিবনে কি ধুবুৰীৰ নিচিনা ঠাইত এটা ব’ম ব্লাষ্ট কৰাব? তেওঁ পাৰিব নেকি বৰপেটা আৰু গোৱালপাৰাত ব’ম ব্লাষ্ট কৰাবৰ কাৰণে? নোৱাৰিব কাৰণ তেওঁ এতিয়া মুছলিম ৰাষ্ট্ৰ, মুছলিম সংগঠনসকলৰ কবলত আছে,” মন্তব্য শিলাদিত্য দেবৰ।

পৰেশ বৰুৱাই যদি দুৰ্গা পূজা ‘উপলক্ষে’ বোমা ফুটুৱায়, সেয়া গৰিহণাযোগ্য; কিন্তু তাৰ অৰ্থ এইটো নেকি যে এজন জনপ্ৰতিনিধিয়ে (এটা ধৰ্মীয় উৎসৱত) বোমা ফুটাবলৈ নিষিদ্ধ সশস্ত্ৰ সংগঠন এটাক প্ৰত্যাহ্বান জনাব? তাৰ মানে বোমা ফুটাব লাগে নেকি?

আলফা ১৯৯০ চনৰ পৰা ভাৰত ৰাষ্ট্ৰৰ নিষিদ্ধ ঘোষিত সংগঠন। পৰেশ বৰুৱা ভাৰতীয় সংবিধানৰ শপত লৈ অসমৰ ‘স্বাধীনতা’ৰ ৰণলৈ ওলোৱা নাই। আৰু তাৰ বিপৰীতে শিলাদিত্য দেব ভাৰতৰ সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা এজন নিৰ্বাচিত জনপ্ৰতিনিধি।

ই অসমৰ ৰাজনীতিৰো এক সংকট নহয়নে? বিজেপি নেতৃত্বাধীন এইখন কি চৰকাৰ চলিছে য’ত শাসকীয় দলৰ বিধায়ক এজনে বোমা ফুটাবলৈ প্ৰত্যাহ্বান জনায়?

ৰাষ্ট্ৰ-নিষিদ্ধ সংগঠন এটাক বোমা ফুটাবলৈ কেনেকৈ প্ৰত্যাহ্বান জনাব পাৰে এজন বিধায়কে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd