• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিলাদিত্য দেবৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী থানাত গোচৰ ধুবুৰী যুৱ কংগ্ৰেছ কমিটীৰ

by
October 15, 2018 6:51 pm
IMG-20181015-WA0005
316
VIEWS
Share on FacebookShare on Twitter

ধুবুৰী যুৱ কংগ্ৰেছ কমিটীয়ে ধুবুৰী আৰক্ষী থানাত বিজেপি দলৰ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেবৰ বিৰুদ্ধে এখন এজাহাৰ দিছে। যুৱ কংগ্ৰেছ কমিটীখনে বিধায়কগৰাকীৰ গ্ৰেপ্তাৰৰ দাবী জনাইছে।

কমিটীৰ সভাপতি আলতাফ মণ্ডল  স্বাক্ষৰ কৰা এজাহাৰখনত কোৱা হৈছে যে অভিযুক্ত বিধায়কগৰাকীয়ে ধুবুৰী ভ্ৰমণ কৰাৰ সময়ত সাম্প্ৰদায়িক উচতনিমূলক বক্তব্য ৰাখিছিল। অসমত বাস কৰা ইছলামধৰ্মী লোকৰ মাজত বিধায়ক শিলাদিত্যৰ বক্তব্যই আঘাত কৰিছে। বিগত কেইদিন মানৰ পৰা বিধায়ক শিলাদিত্য দেবে ধৰ্মৰ ভিত্তিত সমাজক বিভাজিত কৰাৰ প্ৰচেষ্টাত আছে বুলি এজাহাৰখনত কোৱা হৈছে।

গুৱাহাটীত শেহতীয়াভাৱে আলফাই সংঘটিত কৰা বোমা বিষ্ফোৰণৰ আঁত ধৰি বিধায়কগৰাকীৰ উক্তিৰে এজাহাৰখনত আৰু কোৱা হৈছে, ‘‘ঈদৰ পূৰ্বে বোমা বিষ্ফোৰণ কৰিবলৈ তেওঁৰ (পৰেশ বৰুৱা) সাহস হ’বনে? ধুবুৰী, বৰপেটা আৰু গোৱালপাৰাৰ দৰে স্থানত তেওঁ বোমা বিষ্ফোৰিত কৰিবলৈ সাহস কৰিব পৰিবনে?” এই ধৰণৰ মন্তব্যৰে বিধায়কগৰাকীয়ে বোমা বিষ্ফোৰণৰ ঘটনাক সামপ্ৰদায়িকতাৰ ৰং দিবলৈ চেষ্টা কৰিছে বুলি আৰু সন্ত্ৰাসবাদী সংগঠনসমূহক মুছলিম সম্প্ৰদায়ক লক্ষ্য কৰি ল’বলৈ প্ৰৰোচিত কৰিছে বুলি এজাহাৰখনত কোৱা হৈছে।

এজাহাৰখনত আৰু কোৱা হৈছে যে বিধায়কগৰাকীয়ে এনআৰচিৰ বৈধতাৰ ওপৰত প্ৰশ্ন তুলি মহামান্য সৰ্বোচ্চ ন্যায়ালয়ক অৱমাননা কৰিছে। হোজাইৰ বিধায়কগৰাকীয়ে মন্তব্য কৰিছে যে লাখ লাখ বাংলাদেশীৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হৈছে। ইয়ে ৰাজ্যখনৰ ইছলামধৰ্মী লোকসকলক আঘাত কৰিছে বুলি এজাহাৰখনত কোৱা হৈছে।

গতিকে এজাহাৰখনৰ মতে বিধায়ক শিলাদিত্য দেবে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত আছে।  ধুবুৰী যুৱ কংগ্ৰেছ কমিটীয়ে শিলাদিত্য দেবক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ বুলি দাবী জনাইছে।

Recent News

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd