• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশী মুছলমানক লৈ আন্দোলন চলাইছে মাওবাদী অখিলে : শিলাদিত্য

অখিল গগৈ আৰু মৃণাল হাজৰিকাৰ বিৰুদ্ধে ধুবুৰীত বিধায়ক শিলাদিত্যৰ বিস্ফোৰণ

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
October 28, 2018 12:24 pm
Shiladitya

শিলাদিত্য দেবৰ ফাইল ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ধুবুৰীৰ আৱৰ্ত ভৱনত সংবাদ মাধ্যমৰ আগত বিধায়ক শিলাদিত্য দেৱে শেহতীয়াভাৱে সৃষ্টি হোৱা বিতৰ্কত এক নতুন মাত্ৰা প্ৰদান কৰি কৃষক নেতা অখিল গগৈ আৰু আলোচনা পন্থী আলফা নেতা মৃণাল হাজৰিকাৰ বিৰুদ্ধে কিছু বিস্ফোৰক মন্তৱ্য আগবঢ়ায়।

আলোচনাপন্থী আলফা হাজৰিকাই অলপতে কৰা মন্তৱ্য সম্পৰ্কত বক্তৱ্য দাঙি ধৰে শিলাদিত্যই কয় যে শান্তিৰ বাবে আহি অৱস্থান কৰা উগ্ৰপন্থীসকলে শান্তিৰ পক্ষত কথা ক’ব লাগে। কিছুমান আত্মসমৰ্পনকাৰী আলফাই ৰাজহুৱা সভা, টি ভিত টক শ্ব’ত ভাগ লৈ উগ্ৰ মন্তৱ্য আগবঢ়াই উত্তেজনাৰ সৃষ্টি কৰিছে। কিন্তু সেয়া তেওঁলোকে কৰিব নোৱাৰে।

Apply Now

শান্তি আলোচনাৰ বাবে অহা এই লোকসকলে শান্তিৰ কথা ক’ব লাগে বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে তেওঁলোকে কোৱা কথাবোৰ চহৰৰ মাজ মজিয়াত কোৱা কথা নহয়, সেয়া জংঘলৰ পৰা কোৱাটো আন কথা। এইটোৱে আইন-শৃংখলাৰ সমস্যাৰ সৃষ্টি কৰিছে। তেওঁলোকে যদি এইদৰে উগ্ৰপন্থীৰ দৰে কথা কয় সেইটোতো ভাৰতবৰ্ষত হ’ব নোৱাৰে বুলি সদৰী কৰি তেওঁ কয় যে ইয়াৰ বিৰুদ্ধে আমি থিয় দিব লাগিব।

আশীৰ দশকৰ পৰিস্থিতি এতিয়া নাই বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ পৰিস্থিতি বৰ্তমান সলনি হৈছে। লক্ষ্যণীয়ভাৱে, তেওঁ কয় যে ডিঙিত গামোচা আৰু মুখত অসমীয়া ভাষা ক’লেই অসমীয়া হৈ নাযায়। বাংলাদেশী মুছলমানে বৰপেটা, ধুবুৰী, নগাঁও, মৰিগাঁও আদি দখল কৰাৰ কথা উল্লেখ কৰি আগন্তুক দিনত গোটেই অসমখনেই তেওঁলোকে দখল কৰিব বুলিও বিধায়কগৰাকীয়ে বিতৰ্কিত মন্তৱ্য আগবঢ়ায়।

শিলাদিত্যই অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে অখিল গগৈয়ে আহি এবাৰ ধুবুৰী, গোৱালপাৰ, বৰপেটাৰ পৰিস্থিতি চাই যাওক। ধুবুৰীৰ চৌদিশে দেৱাল, লাইট প’ষ্ট আদিত মিঞালেণ্ড, মিঞা স্বায়ত্ত পৰিষদ বিচাৰি প্ৰচাৰৰ চলাইছে।  ধুবুৰীত আশী-নব্বৈ শতাংশ জনসংখ্যা হোৱাৰ লগে লগে যেনেকৈ মিঞালেণ্ড বিচাৰিছে, এদিন জনসংখ্যা বৃদ্ধি হোৱাৰ পাছত তেওঁলোক ডিব্ৰুগড়, যোৰহাট আদিতো গে এদিন গোটেই অসমতে তেওঁলোকে মিঞালেণ্ড বিচাৰিব। অখিল গগৈয়ে তেতিয়া কি কৰিব।

তেওঁ কয়, অখিল গগৈয়ে আহি চাই যাওক কিয় ইয়াৰ পৰা অসমীয়া মানুহৈ গৈ গুৱাহাটীত ফ্লেট লৈ থাকিবলগীয়া হৈছে, ইয়াৰ পৰা গুচি যাবলগীয়া হৈছে।

অখিল গগৈয়ে তেওঁক অসমীয়া বিৰোধী হিচাপে প্ৰজেক্ট কৰিলে অখিল গগৈৰ আন্দোলনত লাভ হয় বুলি উল্লেখ কৰি কয় যে অখিলে মিঞাসকলক লৈ যি আন্দোলন কৰিছে সি অসমীয়া জাতিক ক্ষতি কৰিব বুলি কয়। গতিকেই এতিয়াও সময় আছে অখিল গগৈয়ে আহি চাই যাওক।

অখিল গগৈয়ে তেওঁ কোনটো নীতি, আদৰ্শত বিশ্বাস কৰে সেয়া স্পষ্ট কৰাৰ আহ্বান জনাই শিলাদিত্যই কয় অখিল গগৈয়ে অসমীয়াৰ নহয়, মিঞাসকলৰ স্বাৰ্থত আন্দোলন কৰি আছে। অখিল গগৈৰ আন্দোলনে অসমীয়াক সহায় নকৰে বুলিও

নিজকে হিন্দুৰ স্বাৰ্থত কাম কৰাৰ লগতে এগৰাকী বিজেপি কৰ্মী বুলি প্ৰকাশ কৰি শিলাদিত্যই অখিল গগৈক মাওবাদী, কমিউনিষ্ট বুলি অভিহিত কৰে। তেওঁ কয় যে অখিলে জাতীয়তাবাদী কথা কৈ অসমীয়াক প্ৰভাৱিত কৰিব বিচাৰিছে যদিও আমি জানো যে অখিলে বাংলাদেশী মুছলমানৰ বাবে কাম কৰি আছে।

শিলাদিত্যই অসমীয়া জাতিৰ হ’কে কথা কৈ অহা বুলি দাবী কৰি কয় যে অখিল সুবিধাবাদী। তেওঁ কোনো জাতীয়তাবাদী নহয় কিন্তু জাতীয়তাবাদী কথা কিছুমান কৈ কিছু মানুহৰ সমৰ্থন লাভ কৰি ৰাজনীতি কৰিব পাৰে।

সত্ৰৰ মাটি কোনে বেদখল কৰিছে, অসমীয়া মহিলাক কোনে বলাৎকাৰ কৰি আছে, অসমীয়া জাতিৰ প্ৰতি কোনে প্ৰত্যাহ্বান জনাইছে সেয়া সকলোৱে জানে বুলি ব্যক্ত কৰি শিলাদিত্যই কয় যে বঙালীসকলে সত্ৰৰ মাটি দখল কৰা নাই। বঙালীসকল অসমীয়াৰ বাবে ভাবুকি হোৱা নাই।

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত শিলাদিত্যই কয় যে এন আৰ চিৰ পৰা বহু ভাৰতীয় লোকৰ নাম বাদ পৰিছে। সেই নামবোৰ এন আৰ চিত অন্তৰ্ভুক্ত হ’লেই নাগৰিকত্ব বিধায়কৰ প্ৰয়োজন নাথাকিব।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd