• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত ৰাইজমেল : যিকোনো উপায়ে আন্দোলন চলাই নিয়াৰ আহ্বান বুদ্ধিজীৱীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 4, 2018 1:50 pm
public-meet-citizenship-750x375

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত অনুষ্ঠিত ৰাইজমেলত ভাষণ দিছে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাইয়ে। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি কটন মহাবিদ্যালয়ৰ ছুডমাৰ্ছন প্ৰেক্ষাগৃহত ৬০টা জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাইজ মেল অনুষ্ঠিত হৈছে। পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত ৰাইজ মেলত বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁই, দীনেশ বৈশ্য, লক্ষ্মীনাথ তামুলী, ড০ দীনেশ বৈশ্য, ড০ অপূৰ্ব বৰুৱা, নেকিবুৰ জামানকে ধৰি কেইবাজনো বিশিষ্ট বুদ্ধিজীৱী উপস্থিত থাকে।

ৰাইজমেলত ভাষণ দি বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাইয়ে কয় যে বিধেয়কখন সংসদত গৃহীত হ’লে অসমীয়া জাতিৰ কফিনত শেষ গজালটো মৰা হ’ব। কেন্দ্ৰই সদায় নিজৰ স্বাৰ্থত অসমক হেঁচা দি অহা বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনে ৰাজ্যখনৰ আইন-শৃংখলা বিধ্বস্ত কৰিবলৈ সম্পূৰ্ণৰূপে ব্ৰতী হৈ পৰিছে।

ড০ গোহাইয়ে কয়  যে কেন্দ্ৰই ৰাজ্যখনৰ তথা ইয়াৰ জনসাধাৰণৰ উন্নয়নৰ কথা গুৰুত্ব নিদিয়ে। বৰ্তমান চৰকাৰৰ শাসনত ৰাজ্যখনৰ ভৱিষ্যত বিপদৰ সন্মুখীন হোৱা বুলিও তেওঁ দোহাৰে।

বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে যিকোনো উপায়ে আন্দোলনটো চলাই নিব লাগিব বুলি কয়। ৰাজ্যখনত বাস কৰা অনা অসমীয়া লোকসকলে বিধেয়কখনৰ বিৰুদ্ধে মাত নমতাটো উদ্বেগজনক বুলি উল্লেখ কৰি পৰিস্থিতিটোৱে অসম আন্দোলনৰ সময়ৰ কথা সোঁৱৰাই দিয়া বুলি কয়।

191e00fe-16f0-4747-9e3f-3c8fef19f315
নাগৰিকত্ব বিধেযকৰ বিৰুদ্ধে ৰাইজমেলত ভাষণ দিছে ড০ অপূৰ্ব বৰুৱাই। ফটো : নৰ্থইষ্ট নাও

ৰাইজমেলত উপস্থিত থকা বিশিষ্ট চিন্তাবিদ লক্ষ্মীনাথ তামুলীয়ে জাতিধ্বংসী বিধেয়কখন বাতিল নকৰা পৰ্যন্ত অসমৰ জনসাধাৰণক ৰাজনৈতিক দলৰ সভাত উপস্থিত নাথাকিবলৈ আহ্বান জনায়। তেওঁ লগতে বিধেয়কখন বাতিল নকৰা পৰ্যন্ত চৰকাৰী কাৰ্যসূচীৰ পৰাও আঁতৰি থাকিবলৈ ৰাইজক আহ্বান জনায়।

বঙালীসকল অসমীয়াৰ শত্ৰু নহয় বুলি উল্লেখ কৰি চিন্তাবিদগৰাকীয়ে কয় যে আছুৱে খিলঞ্জীয়াৰ স্বাৰ্থত স্থিতি ল’ব নোৱাৰাৰ বাবে কিয় খলনায়ক আখ্যা দিয়া নাই? তদুপৰি, ২৩ অক্টোবৰৰ বন্ধক আছুৱে কিয় সমৰ্থ নকৰিলে বুলিও তেওঁ প্ৰশ্ন কৰে। এই বিষয়ত যদি আছু উদ্বিগ্ন তেনেহ’লে মৌন হৈ থকাৰ কাৰন কি বুলিও প্ৰশ্ন কৰে তামুলীয়ে।

আছুৱে ভুল কৰাৰ বাবে বেছিভাগ সময়ত মৌন থকা বুলি মন্তব্য কৰি তামুলীয়ে বিজেপিয়ে নিজৰ দেশৰ মানুহক মাৰি হ’লেও  সংসদত বিধেয়কখন গৃহীত কৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে মোডীয়ে পৰৱৰ্তী লোকসভাত পুনৰ নিৰ্বাচিত হৈ শাসনলৈ আহিলে ভাৰতীয় সংবিধানখন মোহাৰি পেলাই নতুন সংবিধান প্ৰণয়ন কৰিব।

ৰাইজ মেলত বিশিষ্ট শিক্ষাবিদ ড০ দীনেশ বৈশ্যই কয় যে বিধেয়কখনে ভাৰতীয় সংবিধানৰ ধৰ্ম নিৰপেক্ষতাৰ মূল নীতি সম্পূৰ্ণৰূপে অঁতৰাই পেলাব। বাংলাদেশত কোনো হিন্দু নিৰ্যাতিত হোৱা নাই বুলি উল্লেখ কৰি বৈশ্যই কয় যে কেন্দ্ৰই হিন্দু বাংলাদেশী অনাৰ বাবে ষড়যন্ত্ৰ কৰিছে।

বিধেয়কখনক লৈ সমগ্ৰ বিষয়টো এতিয়া ৰাজনৈতিকভাৱে প্ৰণোদিত বুলি বৈশ্যই উল্লেখ কৰে। বৰ্তমানো চৰকাৰখনত থকাটো অগপৰ এক নাটক বুলি উল্লেখ কৰি তেওঁ কয় যে যদি তেওঁলোকে বিধেয়কখনৰ বিৰোধিতা কৰে তেনেহ’লে মিত্ৰতা ভংগ কৰা উচিত।

অনুষ্ঠানত আন এগৰাকী বিশিষ্ট ব্যক্তি ড০ অপূৰ্ব বৰুৱাই বিধেয়খনৰ বিৰুদ্ধ আন্দোলনটো সক্তিশালী ৰূপে গঢ়ি তোলাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য সংগঠনৰ সৈতেও যোগাযোগ কৰাৰ আহ্বান জনায়। বৰুৱাই লগতে হিংসাক প্ৰশ্ৰয় নিদিয়াৰ বাবেও আহ্বান জনায়।

ৰাইজমেলত উপস্থিত থাকি আন এগৰাকী বুদ্ধিজীৱী ড০ উদয়াদিত্য ভৰালীয়ে কয় যে আমি অসম চুক্তিত নিৰ্দ্ধাৰিত কৰা তাৰিখৰ পৰা এক ইঞ্চিও আঁতৰি যাব নোৱাৰো। চৰকাৰে এই কথা মনত ৰখা উচিত।

আমি সাম্প্ৰদায়িকতা তথা উগ্ৰ জাতীয়তাবাদৰ বিৰোধী বুলি উল্লেখ কৰি এইটোৱে আন্দোলনটোৰ মূল নীতি বুলি ব্যক্ত কৰে।

ৰাইজমেলত উপস্থিত থাকি জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে কয় যে বিধেয়কখন বাতিলৰ দাবীত বহুতেই প্ৰতিবাদ কৰিছে।

জামানে বৰ্তমান বিজেপি নেতৃত্বৰ চৰকাৰখনে ‘গুপ্ত হত্যা’ আৰম্ভ কৰিছে বুলি অভিযোগ কৰি খেৰবাৰীৰ হত্যাকাণ্ডৰ বাবে চৰকাৰকে জগৰীয়া কৰে।

তেওঁ লগতে কয় যে আন্দোলনটোক মষিমূৰ কৰাৰ বাবে ৰাজ্যখনত ইতিমধ্যে কিছুমান সমাজ বিৰোধী তথা অসমীয়া বিৰোধী লোকৰ প্ৰৱেশ ঘটিছে। তদুপৰি, জামানে বিজেপিৰ চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি অগপৰ নেতাসকলক অসমীয়া জাতি আৰু ভেটিৰ স্বাৰ্থত আপোচ নকৰিবলৈ আহ্বান জনায়।

ৰাইজমেলত ভাষণ দি কৃষক নেতা অখিল গগৈয়ে কয় যে অসমীয়া লোক নিজৰ ভূমি আৰু সম্প্ৰদায়ৰ প্ৰতি উদ্বিগ্ন নহয় বুলি উল্লেখ কৰে। গেৰুৱা দলটোৱে অসমত হিন্দুত্ব আৰোপ কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। এই ৬০ টা সংগঠনে ৰাজ্যখনত বিজেপিয়ে প্ৰয়োগ কৰিব খোজা হিন্দুত্বক প্ৰতিৰোধ কৰিব বুলি তেওঁ কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm
অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

September 14, 2025 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd