• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিচপুৰত আৰক্ষীৰ ৰণচালি : সংকল্পত অটল নাচোৰবান্দা প্ৰতিবাদকাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2018 12:11 pm
87b1ccf2-e658-467b-9471-a28bdf06fb8a

গণেশগুৰিৰ গণেশ উদ্যানত ৭০ টা সংগঠনৰ উত্তাল প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰত্যাশিতভাৱেই দিচপুৰত প্ৰতিবাদ আৰম্ভ কৰিলে সংকল্প যাত্ৰাৰ প্ৰতিবাদকাৰীসকলে। গণেশগুৰিৰ গণেশ উদ্যানত পাঁচ শতাধিক প্ৰতিবাদকাৰী সমৱেত হৈ ইতিমধ্যে প্ৰতিবাদ আৰম্ভ কৰে। কৃষক নেতা অখিল গগৈৰ নেতৃত্বত আৰম্ভ হোৱা এই প্ৰতিবাদত ৭০ টা জাতীয় সংগঠনৰ প্ৰতিনিধিও উপস্থিত থাকে।

ইপিনে, সংকল্প যাত্ৰাৰ বিক্ষোভ কাৰ্যসূচী প্ৰতিৰোধ কৰিবলৈ মহানগৰ আৰক্ষীয়ে জনতা ভৱনৰ সন্মুখত শতাধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰি নিছিদ্ৰ বেষ্টনি গঢ়ি তুলিছে। যিকোনো উপায়ে প্ৰতিবাদকাৰীক দিচপুৰত প্ৰৱেশত বাধা দিয়াৰ বাবে আৰক্ষী-প্ৰশাসনে গ্ৰহণ কৰিছে কটকটীয়া সুৰক্ষা ব্যৱস্থা।

Apply Now

উল্লেখযোগ্য যে ৭০ টা জাতীয় সংগঠনৰ সংকল্প যাত্ৰাৰ প্ৰতিবাদকাৰীসকলে দিচপুৰ ঘেৰাও কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। প্ৰতিবাদকাৰীসকলক এইক্ষেত্ৰত প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে প্ৰশাসনে মহানগৰীত ১৪৪ ধাৰা জাৰি কৰিছে।

আনহাতে, আৰক্ষীয়ে সংকল্প যাত্ৰাৰ বাবে গুৱাহাটী অভিমুখী প্ৰতিবাদকাৰীসকলক ৰাজ্যৰ বিভিন্ন স্থানত আটক কৰাৰ কথা জানিব পৰা গৈছে।

বঙাইগাঁৱত সংকল্প যাত্ৰাৰ অৰ্দ্ধ শতাধিক প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰিছে। বঙাইগাঁও জিলাৰ মাণিকপুৰত সংকল্প যাত্ৰালৈ অহাৰ পথত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰকে ধৰি সংগঠনটোৰ প্ৰতিবাদকাৰী দলটোক আটক কৰে।

সেইদৰে, গোৱালপাৰাতো দিচপুৰৰ গণবিক্ষোভ কাৰ্যসূচীলৈ আহি থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ২০ জন সদস্যক আৰক্ষীয়ে আটক কৰিছে।

আনহাতে, জাগীৰোডত সংকল্প যাত্ৰাৰ প্ৰতিবাদকাৰী দলক আৰক্ষীয়ে বাধা প্ৰদান কৰা বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদকাৰীক বাধা দিয়াৰ বাবে বেৰিকেড স্থাপন কৰা হৈছে। অৱশ্যে প্ৰতিবাদকাৰীৰ ওচৰত সেও মানি পাছত আৰক্ষীয়ে এখন এখনকৈ বাইক অহাৰ অনুমতি প্ৰদান কৰে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে ১১ নৱেম্বৰৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৭০ টা সংগঠনে ৰাজ্যখনৰ মুঠ ৪টা স্থানৰ পৰা আৰম্ভ কৰিছিল সংকল্প শিখা যাত্ৰা।

ৰাজ্যখনৰ শদিয়া, জোনাই, ডিফু আৰু ধুবুৰীৰ পৰা এক বৃহৎ বাইক ৰেলীৰে এই সংকল্প যাত্ৰাৰ শুভাৰম্ভ ঘটোৱা হৈছিল। তদুপৰি, এই সংকল্প যাত্ৰাৰ সময়ত বিভিন্ন স্থানত পথ সভা, বিক্ষোভ আদি অনুষ্ঠিত কৰি সংগঠন কেইটাই নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছিল।

ইয়াৰ পাছতে শুকুৰবাৰে এই সংকল্প যাত্ৰাৰ প্ৰতিবাদী সমদল গুৱাহাটীত উপস্থিত হৈ দিচপুৰত এক বিশাল গণ বিক্ষোভৰ কাৰ্যসূচী ৰূপায়ন কৰি জাতিধ্বংসী বিধেয়কখন বাতিলৰ বাবে চৰকাৰক শেষ সকীয়নি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd