• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰ্বানন্দ সোণোৱাল ক’মাত আছে, হিমন্ত বিশ্বই চৰকাৰ চলাইছে : দুৰ্নীতি বিৰোধী যুৱ শক্তি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 22, 2018 8:03 pm
Himanta VS Dharmakanta
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’সৰ্বানন্দ সোণোৱাল ক’মাত আছে, হিমন্ত বিশ্বই চৰকাৰ চলাইছে,‘- আজি দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে।

উক্ত সংবাদমেলত তেওঁ কয়, ‘’নাগৰিকত্ব সংশোধনী বিধেয়কখন কেন্দ্ৰীয় চৰকাৰে অনাৰ পাছৰে পৰা সৰ্বানন্দ সোণোৱাল ক’মালৈ গুচি গ’ল তথা তেওঁ আই চি য়ুত সোমাই গ’ল। ক’মাত থকা মানুহ এজনে কেতিয়া জ্ঞান ঘূৰাই পাব ধৰিব নোৱাৰি।‘’

সেই সুযোগ গ্ৰহণ কৰি দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজকে মুখ্য মন্ত্ৰী বুলি ভাবি লৈছে বুলি মন্তব্য কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতিগৰাকীয়ে।

তেওঁ লগতে কয়, ‘’মুখ্য মন্ত্ৰী ক’মাত থকাৰ বাবে তেঁৱেই অসমৰ প্ৰত্যেকটো সমস্যাৰ কাউন্টাৰ দিবলৈ আৰম্ভ কৰিছে।‘’

তাৎপয্যপূৰ্ণভাৱে সৰ্বানন্দ সোণোৱালক ‘ল’ৰাৰজা’ ৰ সৈতে তুলনা কৰি ধৰ্মকান্ত গগৈয়ে লগতে কয়, ‘‘হিমন্তই ‘লালুকসোলা’ৰ দৰে যি মন যায় তাকে কৰি আছে।‘’

তদুপৰি ধলাৰ হত্যাকাণ্ডৰ পাছতো মুখ্য মন্ত্ৰীগৰাকী নিজে উপস্থিত নহৈ ‘তেওঁ সেই ঘটনাৰ পৰা নিজকে দূৰত ৰাখিছে’ বুলি গগৈয়ে মন্তব্য কৰে।

আনহাতে, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৯ দিনত ২০ টা শিশুৱে মৃত্যুক সাবটি লোৱাৰ পাছতো স্বাস্থ্য মন্ত্ৰীগৰাকী নিজে তাত উপস্থিত নোহোৱা বাবে উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে গগৈয়ে কয়, ‘‘সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হৈ থকাৰ পাছতো শিশু মৃত্যুৰ ক্ষেত্ৰত কোনোধৰণৰ উচ্চস্তৰীয় তদন্তৰ কথা ঘোষণা নকৰিলে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।‘’

আনহাতে, হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদমাধ্যমত কৰা মন্তব্যৰ বিৰোধিতা কৰি তেওঁ কয়, ‘’আলফাৰ পৰিয়ালৰ মানুহ যদি আলফালৈকে যায় তেনেহলে তেওঁ সন্তানে আদা বেপাৰ কৰিব।‘

উক্ত সংবাদ মেলত উচ্চ শিক্ষিত তথা চাকৰিয়াল যুৱকে আলফাত যোগদান কৰা বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰে গগৈয়ে।

তেওঁ কয়, ‘’ৰাজনৈতিক আৰু সমাজ ব্যৱস্থাৰ প্ৰতি যুৱপ্ৰজন্মৰ আস্থা আৰু বিশ্বাস নাইকিয়া হৈ গৈছে। সেয়েহে আলফালৈ নৱপ্ৰজন্মৰ বহুতো ধাৱমান হৈছে।‘’

তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱক-যুৱতী সকল আলফালৈ  যোৱাৰ বাবে কেন্দ্ৰীয় তথা অসম চৰকাৰক জগৰীয়া কৰে দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতিগৰাকীয়ে।

তেওঁ কয়, ‘’ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ শোষণ আৰু বঞ্চনা বৃদ্ধি হোৱাৰ বাবেই আলফালৈ ধাৱমান অসমৰ নৱ প্ৰজন্ম।‘’

‘এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে গৃহ বিভাগ তথা অসম আৰক্ষীয়ে?’ এইদৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক প্ৰশ্ন কৰে গগৈয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

August 15, 2025 1:05 pm
দেশজুৰি হ্ৰাস পাব কৰৰ বোজা! স্বাধীনতা দিৱসত জি এছ টি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

দেশজুৰি হ্ৰাস পাব কৰৰ বোজা! স্বাধীনতা দিৱসত জি এছ টি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

August 15, 2025 12:26 pm
দেশজুৰি এইমছ এৰি গুচি গৈছে চিকিৎসকসকল! ২০২২-২৪ চনত এই সংখ্যা ৪০০ৰো অধিক

দেশজুৰি এইমছ এৰি গুচি গৈছে চিকিৎসকসকল! ২০২২-২৪ চনত এই সংখ্যা ৪০০ৰো অধিক

August 15, 2025 11:26 am
জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

August 15, 2025 10:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

August 15, 2025 1:05 pm
দেশজুৰি হ্ৰাস পাব কৰৰ বোজা! স্বাধীনতা দিৱসত জি এছ টি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

দেশজুৰি হ্ৰাস পাব কৰৰ বোজা! স্বাধীনতা দিৱসত জি এছ টি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

August 15, 2025 12:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd