ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী অসমৰ চলচ্চিত্ৰ নিৰ্মাতা হীৰেন বৰাই নিৰ্মাণ কৰি উলিয়াইছে আৰু এখন নতুন অসমীয়া ছবি ‘’সীমা-দ্য ষ্ট’ৰী আনট’ল্ড’’।
হীৰেন বৰাই প্ৰযোজনা তথা পৰিচালনা কৰা ছবিখনত ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত অসমীয়া আৰু বাংলা চলচ্চিত্ৰৰ অভিনেতা তথা সাংসদ জৰ্জ বেকাৰ, নিপন গোস্বামী আৰু অৰুণ নাথে অভিনয় কৰিছে। ছবিখনত অভিনয় কৰা আন শিল্পীসকল হৈছে ৰীতা বৰা, জাহানাৰা বেগম, ৰুদালি বৰা আৰু মঞ্জু বৰকটকী।
১৯৭৫ চনত মুক্তি পোৱা আব্দুল মজিদ পৰিচালিত তথা ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচ্চিত্ৰ ‘চামেলি মেমচাহেব’ত বাৰ্কলে চাহাবৰ ভূমিকাত অভিনয় কৰিছিল।
সীমা-দ্য ষ্ট’ৰী আনট’ল্ড’’ ছবিখনৰ এটা প্ৰম’ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। পৰিচালক হীৰেন বৰাই ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যও লিখিছে।
সত্য ঘটনাৰ ওপৰত নিৰ্মিত ‘’সীমা-দ্য ষ্ট’ৰী আনট’ল্ড’’ ছবিখন সুৰভি এন্টাৰপ্ৰাইজৰ আধীনত নিৰ্মাণ কৰি উলিওৱা হৈছে। ছবিখনত ১৯৬২ চনৰ চীনা আক্ৰমণৰ সময়ত অসমৰ মানুহৰ মাজত সৃষ্টি হোৱা আতংকৰ বিষয় উপস্থাপন কৰা হৈছে।
ছবিখনত চীনা আক্ৰমণৰ সময়ত অৰুণাচল প্ৰদেশৰ সীমান্তৰ অসমৰ তেজপুৰ চহৰ খালী কৰিবলৈ দিয়া প্ৰক্ৰিয়াৰ সময়ত মানুহৰ বেদনা তথা যন্ত্ৰণাৰ কাহিনীও দাঙি ধৰা হৈছে।
লক্ষণীয়ভাৱে, চীনা আগ্ৰাসনৰ সময়ত তেজপুৰক খালী কৰি দিবলৈ জনোৱা আহ্বান তথা তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অনাতাঁৰ যোগে অসমৰ প্ৰতি আগবঢ়োৱা সহানুভুতিৰ বিপৰীতে যুৱ সমাজৰ দেশপ্ৰেমৰ চানেকি প্ৰতিফলিত হৈছে ছবিখনত।
ছবিখনে লগতে কাৰাবন্দীৰ মুক্তি তথা মানসিক ভাৰাক্ৰান্ত আৱাসী তথা মিছন হাস্পাতালৰ মানবীয় কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰিছে।
ছবিৰ কাহিনী সমাপ্ত হৈছে সৰ্বসন্মত যুদ্ধ বিৰতি আৰু চীনা সৈন্য প্ৰত্যাগমনৰ লগতে ঠাই এৰি যোৱা বাসিন্দাসকলৰ প্ৰত্যাৱৰ্তনৰ লগতে প্ৰেমিক যুগলৰ সপ্ৰতিভ মিলনৰ মাজেৰে।
চলচ্চিত্ৰ নিৰ্মাতা হীৰেন বৰাই ২০০৯ চনত তেওঁৰ প্ৰথমখন ছবি ‘বসুন্ধৰা’ৰ বাবে ৫৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ৰজত কমল বঁটা লাভ কৰিছিল। তেওঁ বিগত কেইবাবছৰো ধৰি চলচ্চিত্ৰ, ধাৰাবাহিক তথা মঞ্চৰ প্ৰযোজনা, পৰিচালনা, চিত্ৰনাট্য তথা অভনয়ৰ সৈতে জড়িত হৈ আহিছে।