• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাহিনী-চিত্ৰনাট্যৰ সৰ্বভাৰতীয় প্ৰতিযোগিতাত উজলিল অসমৰ ৰাজদ্বীপ, বঁটা দিলে আমিৰ খানে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 26, 2018 10:31 pm
Rajdeep-Amir Khan
547
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ অাগশাৰীৰ প্ৰযোজনা প্ৰতিষ্ঠান চিনেস্তানৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজিত ভাৰতৰ সৰ্ববৃহৎ কাহিনী-চিত্ৰনাট্য প্ৰতিযোগিতাত দেশ-বিদেশৰ সহস্ৰাধিক প্ৰতিযোগীক চেৰ পেলাই ৰাজ্যৰ জনপ্ৰিয় যুৱ নাট্যকাৰ-পৰিচালক ৰাজদ্বীপে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলাই তুলিছে।

আজি নিশা মুম্বাইৰ জুহু বীচ্চস্থিত নভটেল হোটেলত আয়োজিত এক বৰ্ণাঢ্য অনুষ্ঠানত প্ৰতিযোগিতাখনৰ শীৰ্ষৰ পাঁচগৰাকী বিজয়ীৰ নাম ঘোষণা কৰা হয়। য’ত প্ৰায় ৪০০০ প্ৰতিযোগীক চেৰ পেলাই ৰাজদ্বীপে চতুৰ্থস্থান দখল কৰে।

আমিৰ খানৰ লগতে ‘পিকে’, ‘মুন্নাভাই এম বি বি এছ’, ‘থ্ৰী ইডিয়টছ’ আদি ছবিৰ নিৰ্মাতা ৰাজকুমাৰ হিৰাণী তথা চিত্ৰনাট্যকাৰ আঞ্জুম ৰাজাবালী আৰু জুহি চতুৰ্বেদী জুৰি হিচাপে থকা প্ৰতিযোগিতাখনত চতুৰ্থস্থান দখল কৰা ৰাজদ্বীপক ৪ লাখ টকাৰে পুৰস্কৃত কৰা হয়।

এই সাফল্যৰ বাবে আমিৰ খানে ৰাজদ্বীপক অভিনন্দন জনোৱাৰ লগতে তেওঁক বলিউডলৈ স্বাগতম জনায়।

উল্লেখযোগ্য যে ইতিপূৰ্বে ৰাজদ্বীপে বলিউডত কংকনা সেনশৰ্মাৰ ‘এ ডেথ ইন দ্য গাঞ্জ’ ছবিখনৰ ‘জিৰি জিৰি’ শীৰ্ষক গীতটোৰ লগতে অনুৰাগ বসু পৰিচালিত ‘জগ্গা জাছুছ’ৰ বহুচৰ্চিত বিহুগীতটো ৰচনা কৰিছিল।

২০১৩ চনত ভ্ৰাম্যমাণ থিয়েটাৰ জগতত সৰ্বকনিষ্ঠ নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰা ৰাজদ্বীপৰ ২০১৫ চনত অশোক কুমাৰ বিষয়া পৰিচালিত তথা বৰষাৰাণী বিষয়া, অংকুৰ বিষয়া অভিনীত ‘খেল-দ্য গেম’ নামৰ ছবিখনৰ জৰিয়তে কাহিনীকাৰ তথা চিত্ৰনাট্যকাৰ হিচাপে অসমীয়া ছবিজগতত অভিষেক ঘটিছিল।

তদুপৰি গীতিকাৰ হিচাপে অসমৰ ছবি জগতত প্ৰতিষ্ঠা লাভ কৰা ৰাজদ্বীপে ‘দূৰণিৰ নিৰলা পঁজা’ৰ বাবে ২০১৭ চনত অসম চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

Recent News

ছত্তীশগড়ত আন এক বৃহৎ অভিযান : সেনাৰ গুলীত নিহত নিহত মাওবাদী নেত্ৰী

ছত্তীশগড়ত আন এক বৃহৎ অভিযান : সেনাৰ গুলীত নিহত নিহত মাওবাদী নেত্ৰী

১০ অক্টোবৰত ৪০ হাজাৰ নিৱনুৱাই লাভ কৰিব চৰকাৰী চাকৰি : ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

১০ অক্টোবৰত ৪০ হাজাৰ নিৱনুৱাই লাভ কৰিব চৰকাৰী চাকৰি : ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

আজি ৰাজ্যৰ এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

আজি ৰাজ্যৰ এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

ইৰাণত ইজৰাইলৰ সামৰিক অভিযানক আমেৰিকাৰ সমৰ্থনৰ বিৰুদ্ধে প্ৰতিবাদঃ হায়দৰাবাদৰ আমেৰিকান দূতাবাসৰ বাহিৰত আটক ৭০ জন

ইৰাণত ইজৰাইলৰ সামৰিক অভিযানক আমেৰিকাৰ সমৰ্থনৰ বিৰুদ্ধে প্ৰতিবাদঃ হায়দৰাবাদৰ আমেৰিকান দূতাবাসৰ বাহিৰত আটক ৭০ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd