অন্তিমখন মেচত অবিশ্বসনীয় বিজয়েৰে দৰ্শকক চমক দিয়া নৰ্থ-ইষ্ট য়ুনাইটেড দলে আজি আই এছ এলৰ আন এখন মেচত এফ চি পুনে চিটীৰ বিপক্ষে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
পুনেৰ শ্ৰীশিৱ ছত্ৰপতি ক্ৰীড়া প্ৰকল্পৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া আজিৰ মেচখন ঘৰুৱা দলটোৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো এই পৰ্যন্ত পুনে চিটিয়ে আঠখন মেচৰ পৰা সংগ্ৰহ কৰিছে মাত্ৰ পাঁচ পইণ্ট। সেয়ে লীগত নিজৰ নৱমখন মেচত অংশ ল’বলগীয়া ঘৰুৱা দল পুনেৰ বাবে জয় অপৰিহাৰ্য।
আনহাতে লীগত আজি অষ্টমখন মেচত ভাগ ল’ব নৰ্থ-ইষ্ট য়ুনাইটেডে। দলটোৱে এতিয়ালৈকে সাতখন মেচৰ পৰা ১৪ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে।
যোৱা মেচখনৰ সফলতাৰ পৰা অত্যন্ত আত্মবিশ্বাসী হৈ থকা নৰ্থ-ইষ্টৰ শিৱিৰ তথা খেলুৱৈয়ে আজিৰ মেচখনৰ পৰাও সম্পূৰ্ণ পইণ্ট অৰ্জনৰ বাবে আপ্ৰাণ চেষ্টা চলাব। চলিত চিজনত পুনে এফ চিয়ে হতাশাজনক প্ৰদৰ্শন কৰি আছে যদিও আজিৰ মেচখন কোনো পধ্যে সহজভাৱে নলয় বুলি দলটোৰ প্ৰশিক্ষক এলকো চছাই’ৰিয়ে জনায়।
আনহাতে ঘৰুৱা দল পুনেৰ প্ৰশিক্ষকে আজিৰ মেচখনৰ বাবে সকলো ধৰণৰ ৰণনীতি প্ৰস্তুত কৰা হৈছে বুলি সংবাদ মাধ্যমত জনায়। তদুপৰি পুনেৰ বাবে প্ৰতিখন মেচেই গুৰুত্বপূৰ্ণ বুলি প্ৰশিক্ষকে মন্তব্য কৰে।