• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থীৰে মোকাবিলা কৰিবলৈ কেন্দ্ৰই লৈছে বহু দিশীয়া ৰণকৌশল : ৰিজিজু

সভাপতি সামম by সভাপতি সামম
January 4, 2018 7:58 pm
কিৰেন ৰিজিজু
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাত মঙলবাৰে এক লিখিত বক্তব্য যোগে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে বাওঁ চৰমপন্থা আৰু উত্তৰ পূৰ্বাঞ্চল আৰু জম্মু কাশ্মীৰৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক বহুদিশীয়া ৰণকৌশল অৱলম্বন কৰিছে।

তাৰকাচিহ্নিত এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়, ‘বহুদিশীয়া ৰণকৌশলে নিৰাপত্তাজনিত আৰু উন্নয়ন সম্পৰ্কীয় দুয়োবিধ ব্যৱস্থাকে সামৰি লৈছে। জম্মু কাশ্মীৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত হিংসাৰ পথ ত্যাগ কৰিব খোজা আৰু ভাৰতৰ সংবিধানৰ গণ্ডীৰ ভিতৰত তেওঁলোকৰ দাবী সমূহৰ শান্তিপূৰ্ণ সমাধান বিচৰা দলসমূহৰ সৈতে কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ এক নীতি গ্ৰহণ কৰিছে।’

Apply Now

এন ই নাওলৈ ইমেইল কৰা এক বিবৃতি অনুসৰি দেশত উগ্ৰপন্থা আৰু নক্সালবাদৰ শান্তিপূৰ্ণ  অৱসান ঘটোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নীতি সন্দৰ্ভত মণিপুৰৰ কংগ্ৰেছ সাংসদ ড০ থকচম মেইন্যাই সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনাই যে এনে দলসমূহৰ সৈতে আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰতিনিধি নিয়োগ কৰিছে।

ৰিজিজুৱে লগতে জনাই কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন, ৰাজ্যিক আৰক্ষী আৰু চোৰাংচোৱা বিভাগ সমূহক শক্তিশালী কৰাৰ বাবে আৰ্থিক সহায়, ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন গঠন, আত্মসমৰ্পণকাৰী উগ্ৰপন্থীক পুনৰ সংস্থাপন আৰু অন্যান্য নিৰাপত্তাজনিত খা-খৰচ যোগান আদি ব্যৱস্থাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহৰ প্ৰচেষ্টাৰ সৈতে সহযোগিতা আগবঢ়াইছে।

হিংসা আৰু সশস্ত্ৰ সংগ্ৰাম পৰিহাৰ কৰা উগ্ৰপন্থী সকললৈ পুনৰসংস্থাপন ব্যৱস্থাৰ লগতে সাধাৰণ ক্ষমাদানৰো প্ৰস্তাৱ আছেনেকি জানিব খোজা এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে উগ্ৰপন্থীসকলক সাধাৰণ ক্ষমাদান আগবঢ়োৱাৰ কোনো প্ৰস্তাৱ নাই।

লিখিত উত্তৰযোগে মন্ত্ৰীগৰাকীয়ে লগতে জনাই যে আত্মসমৰ্পণকাৰী উগ্ৰপন্থী পুনৰসংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে কৰা ব্যয় কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তাজনিত ব্যয় আঁচনিৰ অধীনত ৰাজ্য চৰকাৰলৈ মোকলাই দিয়ে।

এককালীন অনুদান, মাহিলী ভাত্তা, জমা দিয়া অস্ত্ৰ-শস্ত্ৰৰ বাবে পুৰস্কাৰ আৰু স্বনিয়োজনৰ বাবে আত্মসমৰ্পণকাৰী উগ্ৰপন্থীক বৃত্তিমুখী প্ৰশিক্ষণ প্ৰদান কৰাকে ধৰি বিভিন্ন অনুদান/পুৰস্কাৰমূলক ব্যৱস্থা এই আঁচনিখনৰ অধীনত গ্ৰহণ কৰা হৈছে।

 

 

সভাপতি সামম

সভাপতি সামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd