• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰোগবিহীন শৰীৰৰ বাবে যুৱ অৱস্থাতে শিক্ষা দান: পহিলা ডিচেম্বৰত গ্ৰহণ কৰা হ’ব সংকল্প

এন ই নাও নিউজ by এন ই নাও নিউজ
November 30, 2018 6:43 am
2 (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰ, শিক্ষা বিভাগৰ উল্লেখনীয় পদক্ষেপ ‘প্লেডজ ফৰ লাইফ’ত অসমৰ ৩৩ খন জিলাৰ ব্লক আৰু পঞ্চায়ত পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক ১ ডিচেম্বৰ, ২০১৮ত অংগীকাৰবদ্ধ কৰোৱা হ’ব। এই পদক্ষেপ অসম চৰকাৰৰ শিক্ষা বিভাগে সম্বন্ধ হেল্থ ফাউণ্ডেশ্যন, আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন, টাটা ট্ৰাষ্ট, কাছাৰ কেন্সাৰকেয়াৰ হাস্পতাল, ৰটাৰী ক্লাৱ আৰু ইণ্ডিয়ান ডেন্টেল এছ’চিয়েশ্যনৰ সহযোগত  গ্ৰহণ কৰিছে।

এই সন্দৰ্ভত অসমৰ শিক্ষা বিভাগৰ আয়ুক্তই কয়, “অসমৰ ৫০,১৩১ খন চৰকাৰী বিদ্যালয়ত ৪৫ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰী আছে । আমি বিচাৰোঁ যে ছাত্ৰ-ছাত্ৰীসকলে এক সুস্থ জীৱন-যাপন কৰাৰ লগতে ধঁপাতৰ ফলত হোৱা ৰোগৰ পৰা যাতে মুক্ত হয়।”

Apply Now

শিক্ষা বিভাগৰ নিৰ্দেশনা মৰ্মে, এই অংগীকাৰ হ’ব এনেধৰণৰ, “মই তামোল বা ধঁপাতৰ কোনো ধৰণৰ দ্রব্য যেনে চিগাৰেট, বিড়ি বা অন্যান্য চোঁবাই খোৱা ধঁপাত যেনে গুটখা আদি মোৰ জীৱনত কেতিয়াও সেৱন নকৰোঁ আৰু লগতে মোৰ পৰিয়ালৰ লোক আৰু বন্ধুবৰ্গকো সেৱন নকৰিবলৈ উপদেশ দিয়াৰ অংগীকাৰ গ্ৰহণ কৰিছোঁ।”

সম্বন্ধ হেল্থ ফাউণ্ডেশ্যনে এক এণ্ড্ৰইড এপ্লিকেচন ‘প্লেডজ ফৰ লাইফ’ গঠন কৰিছে। বিদ্যালয়সমূহে এটা ভিডিঅ’ ডাউনলোড কৰিব য’ত দেখুওৱা হৈছে কিদৰে ধঁপাতৰ দ্বাৰা এজন লোকৰ জীৱন আৰু তেওঁৰ পৰিয়ালৰ ক্ষতি সাধন হয়। এই ভিডিঅ’ৰ জৰিয়তে শিক্ষাৰ্থীসকলক ধঁপাত সেৱনৰ ফলত হোৱা ক্ষতিসমূহ জনোৱাৰ পিছত তেওঁলোকক অংগীকাৰবদ্ধ কৰা হ’ব। বিদ্যালয়সমূহে এণ্ড্ৰইড এপ্লিকেচন ‘প্লেডজ ফৰ লাইফ’ত এই অনুষ্ঠানৰ অন্তত একপি ফটোগ্ৰাফ সহ অংগীকাৰ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অন্তৰ্ভুক্ত কৰিব লাগিব।

সম্বন্ধ হেল্থ ফাউণ্ডেশ্যনৰ প্ৰতিস্থাপক আৰু মূখ্য ধঁপাত নিয়ন্ত্ৰক সঞ্জয় শেঠে কয়, “প্লেডজ ফৰ লাইফ অভিযানৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত এনে এক পৰিবেশৰ সৃষ্টি কৰা হ’ব যে তেওঁলোকে ধঁপাত আটাইতকৈ অপ্ৰয়োজনীয় দ্রব্যৰূপে গ্ৰহণ কৰিব। গৱেষণাত পোৱা গৈছে যে যি কাৰ্যত ল’ৰা-ছোৱা‍লী/শিশুসকলে সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰে, তেনে কাৰ্যৰ দ্বাৰা তেওঁলোকক পতিয়ন নিয়া সহজ। এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ শিক্ষা বিভাগক ল’ৰা-ছোৱালীৰ স্বাস্থ্যৰ বাবে গ্ৰহণ কৰা এই মহান পদক্ষেপৰ বাবে ধন্যবাদ জনাইছোঁ।”

উল্লেখযোগ্য যে ধঁপাত সেৱনৰ ফলত ভাৰতত প্ৰত্যেক বছৰে ১৩.৫ লাখতকৈ অধিক লোকৰ জীৱন নাশ হয়। আনহাতে, অসমত ধঁপাত সেৱনৰ ফলত মৃত্য়ু হোৱা  লোকৰ সংখ্যা ভাৰতৰ ভিতৰত  ২৮.৬% আৰু এনে লোকৰ প্ৰায় আধা  অংশৰ বয়স ১৫ বছৰতকৈ অধিক।

ভইচ অৱ টৱাক’ ভিক্টিম (VoTV)ৰ পৃষ্ঠপোষক ড° অশোক দাসে কয়, “কৰ্কট ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে আৰু দুখৰ কথা যে আজিকালি তৰুণ প্ৰজন্মৰ লোকসকলো এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’বলৈ ধৰিছে। যদি আমি ধঁপাত বৰ্জন কৰিব পাৰো তেন্তে আমি ৫০ শতাংশ কৰ্কট ৰোগক বাধা দিব পাৰিম। মুখৰ আৰু শ্বাসযন্ত্ৰৰ কৰ্কট ৰোগৰ ৯০% ধঁপাত সেৱনৰ ফলত হয়। ধঁপাত হৈছে মৃত্য়ুক দূৰত ৰাখিবৰ বাবে এক অন্যতম বৰ্জনীয় দ্রব্য।‘’

ইপিনে, গ্লবেল এডাল্ট টবাক’ চাৰ্ভে ২০১৭ (GATS)ৰ মতে অসমত এক কোটিৰো অধিক ধঁপাত সেৱনকাৰী আছে যাৰ ভিতৰত ১৩.৩ লাখ লোকে ধুমপান কৰে,  ১৮.৮ লাখ লোকে বিড়ি সেৱন কৰে আৰু ৯১ লাখ লোকে ধোঁৱাবিহীন ধঁপাত সেৱন কৰে। তদুপৰি, অসমত ৬২.৯% পুৰুষ, ৩২.৯% মহিলা আৰু ৪৮.২% সকলো প্ৰাপ্তবয়স্ক (১৫ বছৰৰ উৰ্দ্ধৰ) লোকে ধোঁৱাযুক্ত বা ধোঁৱাবিহীন ধঁপাত সেৱন কৰে। তথ্য অনুসৰি ২৫.৩% পুৰুষ, ০.৮% মহিলা আৰু ১৩.৩% প্ৰাপ্তবয়স্ক লোকে ধুমপান কৰে, আনহাতে ৫০.৫% পুৰুষ, ৩২.৫% মহিলা আৰু ৪১.৭% প্ৰাপ্তবয়স্ক লোকে ধোঁৱাবিহীন ধঁপাত সেৱন কৰে।

এই সন্দৰ্ভত আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ (টাটা ট্ৰাষ্টৰ) ড৹ এন কে হাজৰিকাই কয়, “অসমত য’ত প্ৰাপ্তবয়স্কসকলৰ আধা সংখ্যক লোকে ধঁপাত সেৱন কৰে, তাত এনে এটি পদক্ষেপৰ দ্ৱাৰা ইয়াৰ প্ৰচলন হ্ৰাস কৰাত নিশ্চয় সহায়ক হ’ব।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd