অহা ৫ ডিচেম্বৰ অৰ্থাৎ বুধবাৰে ৰাজ্যত হ’ব লগীয়া প্রথম পৰ্যায়ৰ পঞ্চায়ত নির্বাচনৰ আজি প্ৰচাৰ কাৰ্যৰ অন্তিম দিনা হাজো বিধানসভা সমষ্টিৰ বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াক দেখা পোৱা গ’ল এক ব্যতিক্ৰমী ৰূপত।
হাজোৰ ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই বিজেপি কৰ্মী তথা সমৰ্থকসকলৰ সৈতে কঁকাল ভাঙি নাচি আনন্দ উল্লাস কৰে। প্ৰচাৰৰ অন্তিম দিনা বিধায়িকাগৰাকীয়ে বিজেপি দলৰ মনোনীত প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ কাৰ্যত অংশ লৈ হাজোৰ দিহিনা দামোদৰ দেৱ সত্ৰৰ চৌহদত প্ৰাৰ্থীসকলৰ সমৰ্থনৰ প্ৰতি সহাৰি দেখি আনন্দত মতলীয়া হৈ নৃত্য কৰা দেখা যায়।
শ-শ দলীয়া সমৰ্থকৰ সৈতে ঢোল-তালৰ চেওত বিহু, ঝুমুৰৰ লগতে মডাৰ্ণ নৃত্য কৰা সুমন হৰিপ্ৰিয়াক সাংবাদিকে এই হৰ্ষোল্লাসৰ কাৰণ কি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে হাজো সমষ্টিত বিজেপিৰ এয়া আগতীয়া বিজয় উল্লাস।
তেওঁ লগতে কয় যে হাজো সমষ্টিৰ অন্তৰ্গত যিটো অঞ্চলতে আমি প্ৰচাৰৰ বাবে গৈছো তাৰ জনসাধাৰণে আমাক সুন্দৰ ভাৱে আঁকোৱালি লৈছে। সকলোৱে পঞ্চায়ত নিৰ্বাচনত পৰিৱৰ্তনৰ স্বাৰ্থত আমাকে ভোট দিব। এইটো সমষ্টিৰ ২০ খন গাঁও পঞ্চায়তৰ ১৯ খনতে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি জয়ী হ’ব বুলিও বিধায়িকাগৰাকীয়ে উল্লেখ কৰে।
উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰৰ অন্তিম দিনটোত বিজেপিৰ লগতে অগপ আৰু বিৰোধী কংগ্ৰেছেও নিজৰ নিজৰ শক্তি প্ৰদৰ্শনেৰে বাইক ৰেলী তথা বিশাল নিৰ্বাচনী সভাৰ জৰিয়তে ভোটাৰ ৰাইজক আকৰ্ষণ কৰা পৰিলক্ষিত হয়।