• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অধ্যাপক ড০ অমৰেশ দত্তলৈ সন্মানীয় কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 7, 2018 10:04 am
Amaresh-750x375

প্ৰথিতযশা পণ্ডিত অধ্যাপক ড০ অমৰেশ দত্ত। ফটো : নৰ্থইষ্ট নাও

457
VIEWS
Share on FacebookShare on Twitter

২০১৮’ বৰ্ষৰ ‘কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা’ বিশিষ্ট শিক্ষাবিদ অধ্যাপক ড০ অমৰেশ দত্তলৈ আগবঢ়োৱা হৈছে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে বিগত ২০১৫ বৰ্ষৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে। চলিত বৰ্ষত এই বঁটা লাভ কৰা অধ্যাপক ড০ অমৰেশ দত্ত বৰ্তমান ডিব্ৰুগড়ৰ নালিয়াপুলৰ বাসিন্দা।

বৃহস্পতিবাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এইকথা ঘোষণা কৰি জানিব দিয়ে যে অহা ১১ ডিচেম্বৰত এক গাম্ভীৰ্যপূৰ্ণ  অনুষ্ঠানত অধ্যাপক দত্তক এই বঁটা প্ৰদান কৰিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সম্প্ৰতি শতবৰ্ষ গৰকা অধ্যাপকগৰাকীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি উক্ত বঁটা প্ৰদান অনুষ্ঠানটো ডিব্ৰুগড়তে আয়োজন কৰা হৈছে।

উক্ত বঁটাত থাকিব নগদ পাঁচ লাখ টকাৰ লগতে এখন প্ৰশস্তি পত্ৰ আৰু এটি স্মাৰক।

বিগত সময়ত বিশ্ববিদ্যালয়খনে প্ৰদান কৰি অহা ‘কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা’ লাভ কৰিছিল দেশৰ বিশিষ্ট মহাকাশ বিজ্ঞানী জিতেন্দ্ৰনাথ গোস্বামী, বিশিষ্ট শিক্ষাবিদ তথা দাৰ্শনিক মৃণাল মিৰি আৰু দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত হৰিশংকৰ ব্ৰহ্মই।

চলিত বৰ্ষত এই বঁটা প্ৰদানৰ বাবে উপযুক্ত ব্যক্তিক নিৰ্বাচন কৰিবৰ বাবে বিশ্ববিদ্যালয়খনে বিশিষ্ট শিক্ষাবিদ অধ্যাপক টাবু টাইড, প্ৰাক্তন উপাচাৰ্য প্ৰদ্যুৎ কুমাৰ গোস্বামী, আমাৰ অসম কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুক লৈ এখন তিনিজনীয়া বাছনি সমিতি গঠন কৰি দিছিল।

উল্লেখযোগ্য যে বিগত শতিকাৰ পঞ্চাশৰ দশকত মধ্য প্ৰদেশত শিক্ষকতাৰ পাতনি মেলা অধ্যাপক অমৰেশ দত্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক পদৰ পৰা আশীৰ দশকত অৱসৰ গ্ৰহণ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ে ড০ দত্তক প্ৰফেছাৰ এমেৰিটাছ সন্মান প্ৰদান কৰিছিল।

অধ্যাপক দত্তৰ জীৱনৰ অন্যতম কৃতি হ’ল ‘শ্বেইক্সপিয়েৰ্ছ ট্ৰেজিক ভিজন এণ্ড আৰ্ট’ নামৰ আন্তৰ্জাতিক সমাদৰ লাভ কৰা গ্ৰন্থখন। তেওঁ এন্‌চাইক্ল’পেডিয়া অব্‌ ইণ্ডিয়ান লিটাৰেচাৰৰ তিনিটা খণ্ডৰ মুখ্য সম্পাদক হিচাপেও বিশেষ কৃতিত্ব অৰ্জন কৰিছিল।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd