• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

নাগা বিদ্ৰোহী জেনেৰেল খ’লিলৈ ডিমাপুৰত বিদায় সম্ভাষণ; একাকাৰ চৰকাৰ-বিৰোধী, সতীৰ্থ-গুণমুগ্ধ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2018 8:33 pm
Condolence meeting of Late Gen(retd) Kholi KONYAK VP GPRNat Agri Expo, Dimapur

ডিমাপুৰত খ’লিলৈ বিদায় সম্ভাষণৰ সভা। ছবি- ফে’চবুকৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগা জাতীয় সেৱা (Naga National Service)ত আজীৱন সেৱা আগবঢ়াই ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা এন এচ চি এন (আই এম)ৰ চৰকাৰৰ উপাধ্যক্ষ, অৱসৰপ্ৰাপ্ত জেনেৰেল খ’লি কন্যাকক অসংখ্য গুণমুগ্ধ আৰু সতীৰ্থই শুকুৰবাৰে ডিমাপুৰত জ্ঞাপন কৰে বিদায় সম্ভাষণ।

অৱসৰপ্ৰাপ্ত জেনেৰেলজনৰ বিদায় সভাত একগোট হয়হি অভ্যন্তৰীণ গোষ্ঠীগত শত্ৰুতা আৰু একে সময়তে দৃঢ়, চিৰকলীয়া জাতীয় ঐক্যৰ বাবে জনাজাত নাগাসকলৰ বিভিন্ন জাতীয় মঞ্চ। নাগালেণ্ড চৰকাৰৰ লগতে বিৰোধী এন পি এফৰ মুৰব্বী তথা প্ৰাক্তন মুখ্য মন্ত্ৰী তি আৰ জেলিয়াঙেও সভাখনত বিদ্ৰোহী নেতাজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Apply Now

“তেওঁ শেষ মুহূৰ্তলৈকে নিজৰ মতত অবিচল থাকিল,” ১৯৫৬ চনৰ পৰা আমৃত্যু নাগা জাতীয় সেৱাৰ বিভিন্ন দায়িত্ব পালন কৰা উপাধ্যক্ষ কন্যাকৰ মৃত্যুত এইদৰে শ্ৰদ্ধাঞ্জলি জনালে এন এচ চি এন (আই এম)এ।

এন এচ চি এন (আই এম)ৰ নাগালিম জন গণতান্ত্ৰিক চৰকাৰ (Government of the People’s Republic of Nagalim)ৰ সহযোগত সভাখন আয়োজন কৰিছিল নাগা হোহো আৰু নাগা কাউন্সিলে।

nagaland cm rio bids NSCN-IM VC kholi konyak farewell in new delhi
নতুন দিল্লীত ১৩ ডিচেম্বৰত কন্যাকলৈ বিদায় সম্ভাষণ নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ। ছবি- ফে’চবুক।

লগতে পঢ়ক– ‘মৰমেৰে সুঁৱৰিম আমি’, খ’লি কন্যাকৰ মৃত্যুত আলফা (স্বাঃ) সেনাপ্ৰধান পৰেশ

কন্যাকৰ মৃতদেহ নতুন দিল্লীৰ পৰা শুকুৰবাৰে ডিমাপুৰত আহি পোৱাৰ পিছতে তেওঁলৈ শ্ৰদ্ধা জ্ঞাপনৰ উদ্দেশ্যে চহৰখনৰ এগ্ৰি এক্সপ’ ফিল্ডত ৰাজহুৱা অনুষ্ঠানটোৰ আয়োজন কৰিছিল নাগা জাতীয় সংগঠনসমূহে।

নতুন দিল্লীৰ নাগালেণ্ড হাউছতো বিদ্ৰোহী নেতাজনলৈ শ্ৰদ্ধাঞ্জলি জনাই ১৩ ডিচেম্বৰত এক অনুষ্ঠানৰ আয়োজন কৰিছিল নাগা সমাজে। নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’, নাগা শান্তি আলোচনাৰ মধ্যস্থতাকাৰী, ভাৰতৰ চোৰাংচোৱা বিষয়া আৰ এন ৰৱিয়েও অনুষ্ঠানটোত কন্যাকলৈ বিদায় সম্ভাষণ জ্ঞাপন কৰিছিল।

১৯২৮ চনত নাগালেণ্ডৰ ৱাংচু গাঁৱত জন্ম লোৱা খ’লিক অন্যতম বৃহৎ নাগা গোষ্ঠী কন্যাকসকলৰ সৰ্বোচ্চ নেতা বুলি মান্যতা দিয়া হৈছিল।

২০১৭ চনৰ মাৰ্চত ৮৯ বছৰীয়া কন্যাকক আৰু ৬টা বছৰৰ বাবে উপাধ্যক্ষৰূপে দায়িত্ব দিছিল এন এচ চি এন (আই এম)ৰ সাধাৰণ পৰিষদে।

এসময়ৰ অবিভক্ত এন এচ চি এনৰ সেনাপ্ৰধান খ’লি কন্যাক সংগঠনটো বিভক্ত হোৱাৰ পিছত ১৯৮৮ চনত খাপলাং-পন্থীৰ উপাধ্যক্ষ পদত অধিস্থিত হৈছিল।

২০১১ চনত এন এচ চি এন (কে)ৰ পৰাও ফালৰি কাটি আহি কন্যাকে এন এচ চি এন (ইউ) গঠন কৰিছিল। কিন্তু তেওঁ আই এম-গোটলৈ উভটি আহি ২০১৬ চনৰ ১৯ মে’ত সংগঠনটোৰ উপাধ্যক্ষৰূপে দায়িত্ব গ্ৰহণ কৰিছিল।

যোৱা ১২ ডিচেম্বৰত নতুন দিল্লীত ষ্ট্ৰ’কত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত ফৰ্তিছ হস্পিতেলত মৃত্যু হৈছিল অৱসৰপ্ৰাপ্ত নাগা জেনেৰেলজনৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd