ভাৰতৰ শৈক্ষিক মানদণ্ড উন্নীত কৰাৰ বাবে মাধ্যমিক শিক্ষাৰ কেন্দ্ৰীয় পৰিষদে (Central Board of Secondary Education) অলপতে এটা অভিলাষী প্ৰকল্প হাতত লৈছে। এই আঁচনি অনুসৰি, চিবিএছইৰ পাঠ্যক্ৰমত কৃত্ৰিম বুদ্ধমত্তা (artificial intelligence) বিষয়ক ঐচ্ছিক বিষয় হিচাপে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হ’ব।
হিন্দুস্তান টাইমছ কাকতত প্ৰকাশিত এটা প্ৰতিৱদনত প্ৰকাশ পাইছে যে চিবিএছইৰ কৰিলে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৃথিৱীখনক প্ৰযুক্তিয়ে কেনেদৰে গঢ় দি আছে তাৰ সম্পৰ্কে অৱগত হ’ব পাৰিব।
চিবিএছইৰ পৰিচালনা সমিতিয়ে ব্যক্ত কৰিছে যে পৰিষদৰ শেহতীয়া বৈঠক এখনত কৃত্ৰিম বুদ্ধমত্তা বিষয়টোক ‘দক্ষতা বিষয়’ হিচাপে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। পৰিষদে বিষয়টো অষ্টম, নৱম আৰু দশম শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
দশম মানৰ ছাত্ৰ-ছাত্ৰীৰ গাণিতিক সামৰ্থ্যৰ পৰীক্ষা লোৱাৰ বাবে এটা উদ্ভাৱনী পদ্ধতি গ্ৰহণ কৰিছে। ইয়াত এখন উজু আৰু আনখন মানক (standard) প্ৰশ্নকাকতৰ ব্যৱস্থা কৰা হ’ব। প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে সহজ প্ৰশ্ন কাকত বাছনি কৰা শিক্ষাৰ্থীয়ে ইচ্ছা কৰিলে মানক প্ৰশ্নকাকত বাছনি কৰিব পাৰিব। উক্ত প্ৰস্তাৱৰ ওপৰত এখন বিতং চাৰ্কুলাৰ অতি সোনকালে প্ৰকাশিত কৰা হ’ব বুলি আশা কৰা হৈছে।
উল্লেখ্য যে কৃত্ৰিম বুদ্ধিমত্তা হৈছে এটা যন্ত্ৰই চিন্তা কৰা, শিকা আৰু কোনো এটা কাৰ্য সম্পাদন কৰাৰ সামৰ্থ্য। এয়া সাধাৰণতে মানৱীয় বুদ্ধিমত্তা, দৃশ্য সংৱেদন (visual perception), বক্তব্য চিনাক্তকৰণ (speech recognition) আৰু সিদ্ধান্ত গ্ৰহণৰ দক্ষতাৰ (decision-making skills) দ্বাৰা সম্পাদন কৰা হয়।
এই নতুন বিষয়টোৰ সূচনা কৰাৰ বিষয়ত চিবিএছইয়ে ব্যক্ত কৰিছে যে কৃত্ৰিম বুদ্ধমত্তা, তথ্য বিশ্লেষণ (data analytics) আৰু বিৰাট তথ্য (big data) নিৰ্মাণ আদি প্ৰযুক্তিয়ে আদিয়ে বিশ্বত বিৰাট প্ৰভাৱ পেলাইছে আৰু এই প্ৰযুক্তিগত পৰিৱৰ্তনৰ সৈতে তাল মিলাই পাঠ্যক্ৰমৰ আধুনিকীকৰণ অতীৱ প্ৰয়োজনীয় হৈ পৰিছে।