• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়াৰ আন্দোলনৰ মাজতে মন্ত্ৰী হিমন্তই ক’লে : নাগৰিকত্ব বিধেয়কখনক লৈ গৰ্বিত

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নকৰিলে ২০২১-ত বদৰুদ্দিন আজমল মুখ্য মন্ত্ৰী হ'লহেঁতেন : হিমন্ত বিশ্ব শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 8, 2019 8:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিসময়ত নাগৰিকত্ব সংশোধনী বিধেয়কখনক জাতিধ্বংসী আখ্যা দি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আটাইবোৰ অসমীয়া ওলাই আহিছে, সেই সময়ত আজি বিধেয়কখন লোকসভাত পাছ হোৱাৰ পিছ মুহূৰ্ততে তাৰ বাবে আনন্দিত আৰু গৰ্বিত হোৱা বুলি সংবাদ মাধ্যমক জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীজনে এনে মন্তব্য কৰে যেন বদৰুদ্দিন আজমলক মুখ্য মন্ত্ৰী হোৱাৰ পৰা বাধা দিবলৈহে জাতিটোক এই বিপৰ্য্যয়ৰ মাজলৈ ঠেলি দিয়া হৈছে।

“নাগৰিকত্ব সংশোধনী বিধেয়কখন গ্ৰহণ নকৰিলে ২০২১ চনত আজমল মুখ্য মন্ত্ৰী হ’লহেঁতেন।” হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আজি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰসকলৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠকৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত এই মন্তব্য কৰে।

তেওঁ স্পষ্ট ভাষাৰে কয়, “মই আজিৰ দিনটোত গৌৰাম্বাৱিত অসমীয়া। এইখিনি কাম কৰাৰ কাৰণে কোনোবাই যদি আমাৰ কাৰ্য্যালয় জ্বলাই, কোনোবাই যদি আমাৰ ঘৰ জ্বলাই, সেইখিনি জাতিটোৰ কাৰণে কৰা বুলি মানি ল’ম।”

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নকৰাহেঁতেন ১৮টা বিধানসভাৰ সমষ্টিৰ বদৰুদ্দিন আজমলৰ হাতলৈ গ’লহেঁতেন বুলি বিতৰ্কতি মন্তব্য কৰে মন্ত্ৰীজনে।

“এই নাগৰিকত্ব সংশোধনী বিধেয়কখন আনি নৰেন্দ্ৰ মোদীয়ে অসমৰ ১৮টা বিধানসভা সমষ্টি অসমীয়াৰ হাতত থৈ গ’ল।” মন্ত্ৰী হিমন্তৰ মন্তব্য।

তেওঁ কয়, “নাগৰিকত্ব সংশোধনী বিধেয়ক, ৬ জনগোষ্ঠীক জনজাতিকৰণ, ৬ নং দফা সংশোধনীৰ জৰিয়তে অসমীয়া জাতিটোক এক অভেদ্য দুৰ্গলৈ পৰিগণিত কৰিলে। গতিকে আমি গৌৰৱান্বিত।”

তেওঁ ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াটো সমৰ্থন কৰে নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত উভতি ধৰি কয়, “অঁ, ধৰ্মৰ ভিত্তিত নিদি কিহৰ ভিত্তিত দিব লাগে?”

মন্ত্ৰী হিমন্তৰ মতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সম্পূৰ্ণ ভুল বাখ্যা কৰি থকা হৈছে। তেওঁ কয়, “নাগৰিকত্ব সংশোধনী বিধেয়কখন নহাহেঁতেন সৰভোগ, জাগীৰোড, বৰপেটা, বিলাসীপাৰা পূব সমষ্টি, লামডিং, সোণাই, বৰখলা, মঙলদৈ সমষ্টি বদৰুদ্দিন আজমলৰ হাতলৈ গ’লহেঁতেন।”

“নৰেন্দ্ৰ মোদী শাসনলৈ নহাহেঁতেন এবছৰত অসমীয়াৰ কাৰণে ইমানখিনি নহ’ল হেঁতেন আৰু ২০২১-ত বদৰুদ্দিন আজমলে মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলেহেঁতেন।” এসময়ত গুজৰাটত পানীৰ পাইপেৰে মুছলমানৰ তেজ বয় বুলি মোদীৰ বিৰুদ্ধে থকা গণহত্যাৰ অভিযোগক ন্যায্যতা দিয়া হিমন্তৰ মন্তব্য।

“১ কোটি ৭০ লাখ বাংলাদেশী অসমলৈ আহিব বুলি কোৱাসকলে বদৰুদ্দিন আজমলক মুখ্য মন্ত্ৰী পাতিব বিচাৰিছে বুলিও কয় হিমন্তই।

হিমন্তই আৰু কয়, “৮ লাখ বঙালী হিন্দু মানুহ আছে, তাৰ ভিতৰত ৫ লাখৰ ভোটাৰ কাৰ্ড আছে, সেইসকলৰ বাবে ৰঞ্জিত দাস সৰভোগত বিধায়ক হৈ থাকিব পাৰিব। এইসকলে আজমলক মুখ্য মন্ত্ৰী হ’বলৈ দিয়া নাই। তেওঁলোকে কেৱল ভোট দিয়ে, মন্ত্ৰী-বিধায়ক হ’বলৈ মন নেমেলে। যদি এইসকল লোকক আঁতৰাই দিয়া হয়, আজমল মেজৰিটি হ’ব আৰু অসমীয়া মাইন’ৰিটি হ’ব।”

আনহাতে, অসম গণ পৰিষদক লৈ হিমন্তই নিজৰ প্ৰতিক্ৰিয়াত কয়, “অসম চুক্তিৰে প্ৰফুল্ল মহন্তই যিদৰে ঐতিহাসিক ভুল কৰিলে, আজিৰ দিনটোত সেই ভুলকে অগপই পুনৰ কৰিলে। অসম গণ পৰিষদে ঐতিহাসিক সময়খিনিত অসমীয়াৰ পক্ষত থিয় নহৈ মাৰাত্মক ভুল কৰিলে। তেওঁলোকে অসম চুক্তিৰ সময়ত কৰা ভুলৰ দৰেই ঐতিহাসিক ভুলৰ চিকাৰ হ’ব।”

ইফালে হীৰেন গোহাঁইক লৈও হিমন্তই বাক্যবাণ এৰে, “হীৰেন গোহাঁই অসম আন্দোলনৰ সময়ৰ পৰাই অসম-বিৰোধী মানুহ। তেওঁ এদিন মোৰ লগত সন্মুখৰ পৰা কথা পাতক, তেতিয়া ওলাই পৰিব তেওঁ কাৰ এজেণ্ট হয়?”

উল্লেখযোগ্য যে আজি লোকসভাত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন পাছড হয়। কাইলৈ ৰাজ্যসভাত এইখন পাছ কৰাৰ চেষ্টা কৰিব শাসক দল বিজেপিয়ে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে নাগৰিকত্ব বিধেয়ক এতিয়াও গৃহীত হোৱা নাই; ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক আনিব বুলিহে কোৱা হৈছে। একেদৰে অসম চুক্তিৰ ৬ নং দফাৰ বাবে কমিটী গঠন কৰিবহে। এতিয়াও সেইবোৰ মৌখিক প্ৰতিশ্ৰুতি হৈয়ে আছে। গতিকে সজাগ মানুহৰ বুজিবলৈ বাকী নাই যে সকলোবোৰ বিজেপিৰ নিৰ্বাচন আৰু ভোটৰ অংকহে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

September 12, 2025 6:05 pm
অসমৰ ছয় জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন চিপিআই(এম)ৰ

অসমৰ ছয় জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন চিপিআই(এম)ৰ

September 12, 2025 5:18 pm
পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সহায়ত দিল্লী উচ্চ ন্যায়ালয়ত বোমা বিস্ফোৰণৰ ভাবুকি : আতংক, খালী আদালতৰ চৌহদ

পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সহায়ত দিল্লী উচ্চ ন্যায়ালয়ত বোমা বিস্ফোৰণৰ ভাবুকি : আতংক, খালী আদালতৰ চৌহদ

September 12, 2025 4:17 pm
বোকাখাতত আৰক্ষীৰ চকুত ধূলি দি দিনদুপৰতে চোৰে লুটি নিলে তিনি লক্ষাধিক মুল্যৰ সোণৰ গহণা আৰু নগদ ধন

বোকাখাতত আৰক্ষীৰ চকুত ধূলি দি দিনদুপৰতে চোৰে লুটি নিলে তিনি লক্ষাধিক মুল্যৰ সোণৰ গহণা আৰু নগদ ধন

September 12, 2025 3:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

September 12, 2025 6:05 pm
অসমৰ ছয় জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন চিপিআই(এম)ৰ

অসমৰ ছয় জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন চিপিআই(এম)ৰ

September 12, 2025 5:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd