৮ জানুৱাৰি মঙলবাৰে বিজেপিৰ জিলা সমিতিয়ে কিছু সংখ্যক বন্ধ সমৰ্থকে তেওঁলোকৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ বিৰুদ্ধে ডিব্ৰুগড় থানাত এজাহাৰ দিছে। এই এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১৪৭/ ১৪৮/ ১৪৯/ ৪৩৬ ধাৰাৰ অধীনত ডিব্ৰুগড় আৰক্ষী থানাত এটা গোচৰ (৫২/১৯) পঞ্জীয়নভুক্ত কৰা হয়।
এই ঘটনাত জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে ইকবাল আনছাৰি, উত্তম চেতিয়া, হীৰা দত্ত, শিল্পী শইকীয়া, খগেন বৰা, গৌৰী দাস, প্ৰদীপ সৰকাৰ, ৰণক গগৈ, উদ্দীপ্ত ৰাজখোৱা, ইন্দ্ৰজিৎ দত্ত, হীৰেন ফুকন, চন্দন পাণ্ডে, বিজয় গগৈ আৰু গিৰিন্দ্ৰ সন্দিকৈ—এই ১৪ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য যে বন্ধ সমৰ্থকে যোৱা ১১ ঘণ্টীয়া অসম বন্ধৰ সময়চোৱাত আমোলাপট্টিত থকা বিজেপি কাৰ্যালয়টো লণ্ডভণ্ড কৰিছিল।
আনহাতে ভাৰতীয় দণ্ডবিধিৰ ৰাজহুৱা সম্পত্তি লণ্ডভণ্ড আইনৰ দফা ৪ৰ ধাৰা ১২০(খ), ১৪৭/ ১৪৮/ ১৪৯/ ৩৪১/ ৩৫৩/ ৩৩৩/ ৪৩৬/ ৪২৭ ধাৰাৰ অধীনত ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড় থানাত এটা নিজাববীয়াকৈ গোচৰ (৫১/১৯) ৰুজু কৰিছে।
উত্তেজিত জনতাই নিৰাপত্তা বাহিনীলৈ লক্ষ কৰি শিল নিক্ষেপ কৰিছিল। অতিৰিক্ত আৰক্ষী অধীক্ষক (প্ৰধান কাৰ্যালয়) সুৰজিৎ সিং পানেশ্বৰে এই আক্ৰমণক অলপ আঘাত পায়। নিৰাপত্তা বাহিনীৰ লোকে প্ৰতিবাদী জনতাক খেদি পঠিয়াবলৈ লাঠিচাৰ্জ কৰে।
কিছু সংখ্যক প্ৰতিবাদকাৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওচৰত চিআৰপিএফৰ বাহন আগচি ধৰে। আৰক্ষীয়ে বন্ধ সমৰ্থকক চত্ৰভংগ কৰিবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰে।পাছত আৰক্ষীয়ে শূন্যলৈও গুলীচালনা কৰে।
অৱশ্যে, ডিব্ৰুগড়ৰ বিভিন্ন অংশতৰ পৰা আৰক্ষীয়ে ২০গৰাকী প্ৰতিবাদকাৰীক আটক কৰে। প্ৰতিবাদকাৰীৰ আক্ৰমণত ২গৰাকী আৰক্ষীৰ লোক আহত হয়। অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰে জনাইছে যে নিৰাপত্তা বাহিনীলৈ নিক্ষেপিত শিলৰ দ্বাৰা তেওঁ আক্ৰান্ত হৈছে। তেওঁ আৰু জনাইছে যে বিজেপিৰ কাৰ্যালয় লণ্ডভণ্ড কৰা বন্ধ সমৰ্থকক তেওঁ চিনাক্ত কৰিব পাৰিছে।
উল্লেখ্য যে, চাবুৱাত বন্ধ সমৰ্থকে ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ঘাইপথত থকা এখন বাছৰ খিৰিকি ভাঙি পেলায়।