• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰদীপ দত্ত ৰয়ে মুখ চম্ভালি কথা ক’ব লাগে : অনুপ চেতিয়া

বংলাভাষী লোকসকলৰ সৈতে শান্তিৰে বসবাস কৰিব বিচাৰো : চেতিয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 12, 2019 3:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“প্ৰদীপ দত্তৰয়ে মুখ চম্ভালি কথা ক’ব লাগে। তেওঁ বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত থকা শান্তি-সম্প্ৰীতি বিনষ্ট থকাৰ পৰা যেন বিৰত থাকে, তাৰ বাবে আহ্বান জনাইছো।” বৰাক উপত্যকাৰ বিজেপি নেতা প্ৰদীপ দত্তৰয়ৰ প্ৰতি আজি এই সকীয়নি দিছে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই।

দুদিন পূৰ্বে বৰাকৰ বিজেপি নেতাজনে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰ-ছাত্ৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলে ভৱিষ্যতে নামভৰ্তি কৰিবলৈ দিয়া নহ’ব বুলি যি অগণতান্ত্ৰিক কৰিছিল, তাৰ উত্তৰ হিচাপে আলফা নেতাজনে আজি এইদৰে কয়।

Apply Now

আজি দিচপুৰ আৰক্ষীয়ে চেতিয়াৰ বিৰুদ্ধে নিজাববীয়াকৈ ৰুজু কৰা গোচৰত ভাষ্য প্ৰদান কৰিবৰ বাবে থানাখনলৈ আহিছিল আলফাৰ সাধাৰণ সম্পাদকজন। তেতিয়াই সংবাদ মাধ্যমৰ আগত প্ৰদীপ দত্তৰয়ক সকীয়নি দিয়ে চেতিয়াই।

উল্লেখযোগ্য যে যোৱা ৮ জানুৱাৰিৰ দিনা অসম বিজেপিৰ মুখ্য কাৰ্য্যালয় ঘেৰাও কৰা কাৰ্য্য খিলঞ্জীয়া মঞ্চ, অসমৰ নেতাসকলৰ উচটনিত হোৱা বুলি অভিযোগ তুলি নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল দিচপুৰ আৰক্ষীয়ে।

দিচপুৰ থানাৰ সেই অভিযোগ অস্বীকাৰ কৰি অনুপ চেতিয়াই কয়, “প্ৰতিবাদৰ অন্তত চাবুৱা বিধানসভা সমষ্টিৰ পৰা অহা কেইগৰাকীমান মহিলাই বিয়লি ৪ মান বজাত হাতীগাওঁস্থিত খিলঞ্জীয়া মঞ্চ, অসমৰ কাৰ্য্যালয়ৰ সন্মুখত বাহনখন ৰখাই মুখ-হাত ধুবৰ বাবে সোমাইছিল। তাৰ ভিত্তিতে খিলঞ্জীয়া মঞ্চ জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। খিলঞ্জীয়া মঞ্চৰ উচটনি নাছিল। এয়া জনগণৰ স্বতঃস্ফূৰ্ত প্ৰতিবাদ আছিল।”

ইপিনে দিচপুৰ আৰক্ষীৰ ওচৰত ভাষ্য দিয়াৰ সময়তে সংবাদ মাধ্যমৰ জৰিয়তে অসমত অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা নকৰিবলৈ প্ৰদীপ দত্তৰয়ক সকীয়াই দিয়ে আলফাৰ নেতাজনে।

“প্ৰদীপ দত্তৰয়ক আমি সাৱধানবাণী দিব বিচাৰো। আপুনি বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত বিভাজন আনিবলৈ চেষ্টা নকৰিব। সেইটো কৰিলে ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা বাঙালী লোকসকলেই ক্ষতিগ্ৰস্ত হ’ব।” প্ৰদীপ দত্তৰয়ক সকীয়নি দি এই তাৎপৰ্য্যপূৰ্ণ মন্তব্য চেতিয়াৰ। চেতিয়াই লগতে অভিযোগ কৰে যে প্ৰদীপ দত্তৰায়ক চৰকাৰৰ এটা মহলে উদগনি যোগাই আছে।

সেই উদগনি যোগোৱা পক্ষটোৰ প্ৰতি আহ্বান জনাই কয়, “আপোনালোকে প্ৰদীপ দত্তৰয়ৰ দৰে ব্যক্তিক প্ৰেৰণা যোগাই অসমৰ সম্প্ৰীতি বিনষ্ট নকৰিব।”

ইয়াৰোপৰি, ‘বাংলাভাষী লোকসকলৰ সৈতে শান্তিৰে বসবাস কৰিব বিচাৰো।‘ বুলি মন্তব্য কৰি চেতিয়াই কয়, “আৰু তাৰ বাবেই বাংলাভাষী, মাৰোৱাৰী আৰু বিহাৰী ইত্যাদি লোকক একত্ৰিত কৰি ‘সম্প্ৰীতি’ নামৰ এক সংগঠন ইতিমধ্যে গঢ়ি তুলিছো।”

“শিলাদিত্য দেব, প্ৰদীপ দত্তৰয়, তপোধৰ ভট্টাচাৰ্য্য আৰু কমলাক্ষ পুৰকায়স্থই কিছুদিন পূৰ্বে অসমত সাম্প্ৰদায়িক বিষবাষ্পৰ পৰিস্থিতি সৃষ্টি কৰিছিল। সেই পৰিস্থিতিক কেন্দ্ৰ কৰি বক্তব্য প্ৰদান কৰাৰ অপৰাধত জিতেন দত্ত আৰু মৃণাল হাজৰিকাক কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।” আক্ষেপ প্ৰকাশ কৰি চেতিয়াই এইদৰে কয়।

অসমত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবৰ বাবে চেষ্টা কৰা ওপৰোক্ত তিনিজন ব্যক্তিৰ বিৰুদ্ধে চৰকাৰে সময়ত ব্যৱস্থা গ্ৰহণ কৰাহেঁতেন, পিছৰকেইজনে এনে ধৰণৰ মন্তব্য দিবলৈ নাপালে হেঁতেন বুলিও মন্তব্য কৰে চেতিয়াই।

ইয়াৰোপৰি, প্ৰদীপ দত্ত ৰয়ৰ দৰে ব্যক্তিক গ্ৰেপ্তাৰ কৰিব লাগে বুলিও সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনায় চেতিয়াই।

উল্লেখযোগ্য যে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত যোৱা ৯ জানুৱাৰিত একাংশ ছাত্ৰ-ছাত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত এটা ভিডিঅ’যোগে প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীসকলক সকীয়নি দিছিল বিজেপিৰ নেতাজনে। ভিডিঅ’টোত তেওঁ অসমীয়া ছাত্ৰ-ছাত্ৰীক ভৱিষ্যতে বিশ্ববিদ্যালয়খনত নামভৰ্তি কৰিবলৈ দিয়া নহ’ব বুলি সকীয়াই দিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd