• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৬টা জনগোষ্ঠীৰ জনজাতিকৰণ কোনোপধ্যে নহয়: অখিল গগৈ

উত্তৰ-পূৰ্বাঞ্চলৰ আইন শৃংখলা নিয়ন্ত্ৰণহীন হোৱাৰ ‘খাটাং’ সকিয়নী অখিল গগৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 13, 2019 7:48 pm
24-12-18-Guwahati-Akhil-Gogoi-Press-Meet-3-1-750x375

অখিল গগৈ। ফাইল ছবি।

4.2k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ইতিহাসত কেতিয়াও কোনোপধ্যেই ৬টা জনগোষ্ঠীক দিয়া নহ’ব জনজাতিকৰণ। দেওবাৰে সংবাদমেলযোগে এই ঘোষণা অখিল গগৈৰ।

‘এইবাৰ সংসদত কোনোধৰণৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো উত্থাপন নহয় বুলি কালি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।‘ ক’লে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনে।

বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে সৰ্বানন্দ সোণোৱালক “ধমক দি” অসমৰ পৰা হিমন্ত আৰু সৰ্বাক লগত লৈ দিল্লীলৈ গৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বিধেয়কখন নহাৰ সম্পূৰ্ণ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিলে বুলি সংবাদমেলত সদৰী কৰে গগৈয়ে।

কোনোপধ্যেই আগন্তুক অধিৱেশনত জনজাতিকৰণৰ বিষয়টো উত্থাপন নহয় বুলি দাবী কৰি অখিলে কয়, ‘এইটো এটা ‘খাটাং’ খবৰ, কোনো লুক-ঢাক নাই।‘

এনেকুৱা পৰিস্থিতিত ৬টা জনগোষ্ঠীৰ নেতৃত্বক আহ্বান জনাই অখিলে কয়, ‘এই সময়ত তেওঁলোক মনে মনে বহি থকাটো উচিত নহ’ব। তেওঁলোক সংগ্ৰামৰ বাবে ওলাই আহিব লাগে।‘

একেখন সংবাদমেলতে উত্তৰ-পূবৰ আইন-শৃংখলা পৰিস্থিতি চৰম নিয়ন্ত্ৰণহীন হ’ব বুলিও গগৈয়ে ঘোষণা কৰে।

‘এটা কথা খাটাংকৈ কেন্দ্ৰীয় চৰকাৰক জনাই দিয়া হৈছে যদিহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয়, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব, এইটো একেবাৰে ১০০ শতাংশই খাটাং।’

তদুপৰি দীৰ্ঘসময় ধৰি বিধেয়কখনৰ বিৰুদ্ধে সবল প্ৰতিবাদ কৰি লোকসভাত গৃহীত হোৱাৰ পাছত বিধেয়কখনৰ সন্দৰ্ভত নীৰৱ ভূমিকা লোৱা অতুল বৰাকে ধৰি বিজেপিৰ নেতাসকল মনে-মনে বহি থকাটো অতি দুৰ্ভাগ্যজনক কথা বুলি উল্লেখ কৰে গগৈয়ে।

অখিলৰ মতে ‘দিচপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে বহু লম্ফ-জম্ফ কৰিছিল, কিন্তু এতিয়া তেওঁলোকে জাতিৰ স্বাৰ্থত ওলাই আহিব পৰা নাই।’

অতুল বৰাৰ লম্ফ-জম্ফবোৰ এতিয়ালৈকে কাৰ্য্যকৰী হোৱা নাই বুলি দাবী কৰি অখিলে লগতে কয়, ‘মন্ত্ৰীসভাত আসন পাওঁ বুলি চাগে মাত মতা নাই। মন্ত্ৰীসভাত আসন নাপালেই আকৌ মাত মাতিব অতুল বৰাই।‘

তদুপৰি, উক্ত সংবাদমেলৰ জৰিয়তে জাতি-মাটি আৰু দেশক ভালপোৱা সকলো বিজেপিৰ বিধায়কক দল ত্যাগ কৰি ওলাই আহিবৰ বাবে অখিলে আহ্বান জনায়।

Recent News

তিনি শতাধিক লোকৰ উপস্থিতিৰে আমবাৰী-দীঘলীপুখুৰী অঞ্চলৰ বৃক্ষ ধ্বংসৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰ সফল ৰূপায়ণ

তিনি শতাধিক লোকৰ উপস্থিতিৰে আমবাৰী-দীঘলীপুখুৰী অঞ্চলৰ বৃক্ষ ধ্বংসৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰ সফল ৰূপায়ণ

এনেকৈয়ো আহে মৃত্যু! চাহৰ দোকানতে আছিল শুই; বিমান ভাঙি পৰাৰ পিছত মাকৰ সন্মুখতে অগ্নিদগ্ধ হৈ মৃত্যু কিশোৰৰ

এনেকৈয়ো আহে মৃত্যু! চাহৰ দোকানতে আছিল শুই; বিমান ভাঙি পৰাৰ পিছত মাকৰ সন্মুখতে অগ্নিদগ্ধ হৈ মৃত্যু কিশোৰৰ

অভিলেখ ভংগ কৰি ১৪ হাজাৰ কোটি টকাত জাৰ্মান মিডফিল্ডাৰক ক্ৰয় কৰিলে লিভাৰপুলে

অভিলেখ ভংগ কৰি ১৪ হাজাৰ কোটি টকাত জাৰ্মান মিডফিল্ডাৰক ক্ৰয় কৰিলে লিভাৰপুলে

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! টেল আভিভত প্ৰত্যাক্ৰমণ ইৰাণৰ; ইজৰাইলেও অব্যাহত ৰাখিছে আক্ৰমণ

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! টেল আভিভত প্ৰত্যাক্ৰমণ ইৰাণৰ; ইজৰাইলেও অব্যাহত ৰাখিছে আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd