• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

সন্মুখত নিৰ্বাচন : মেঘালয়ত উন্নয়নমূলক আঁচনি হৈ পৰিছে ৰাজনৈতিক আহিলা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2018 4:27 pm
MUKUL_Scheme

মুকুল চাংমা আৰু বিদ্যালয়ী শিক্ষা মন্ত্ৰীয়ে টেবলেট বিতৰণ কৰাৰ মুহূৰ্তত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মেঘালয়ত শাসনাধিষ্ঠিত কংগ্ৰেছ দলে জনসাধাৰণৰ আস্থা ধৰি ৰখাৰ আপ্ৰাণ চেষ্টা কৰা দেখা গৈছে। বিসম্বাদত জুৰুলা হোৱা দলটোৱে এতিয়া তাৰ বাব সহায় লৈছে চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ। স্বয়ং মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বিভিন্ন উন্নয়নমূলক আঁচনি উদ্বোধন, নিৰ্মাণকাৰ্য্যৰ আধাৰশিলা স্থাপন আদিত দিনে ৰাতিয়ে ব্যস্ত হৈ পৰিছে।

আজি মুখ্য মন্ত্ৰী মুকুল চাংমায়ে পূব গাৰো পাহাৰত নৱনিৰ্মিত ৱিলিয়ামনগৰ পলিটেকনিক প্ৰতিষ্ঠান উদ্বোধন কৰে। তেওঁ আজি আমপাটি ইঞ্জিনীয়াৰিং মহাবিদ্যালয় আৰু কলেজ অব আৰ্বান প্লেনিং এণ্ড আৰ্কিটেকচাৰৰো আধাৰশিলা স্থাপন কৰে। ৱিলিয়ামনগৰ পলিটেকনিক প্ৰতিষ্ঠান উদ্বোধন কৰি দিয়া ভাষণত উপস্থিতসকলক উদ্দেশ্যি তেওঁ কয় যে তেওঁৰ চৰকাৰে বিশেষকৈ স্বাস্থ্য আৰু শিক্ষা খণ্ডত অগ্ৰাধিকাৰ দিয়া অব্যাহত ৰাখিব। শিক্ষাখণ্ডত দিয়া গুৰুত্বৰ বাবেই কেপ্টেইন ৱিলিয়ামছন চাংমা টেকনিকেল য়ুনিভাৰ্ছিটিৰ ৰূপত প্ৰথমখন ৰাজ্যিক বিশ্ববিদ্যালয় ৰাজ্যখনে লাভ কৰিলে।

Apply Now

শিক্ষা ব্যৱস্থাটোৱে যাতে সংস্থাপনৰ যোগ্যতাৰ বিকাশ কৰে আৰু সংস্থাপনৰ বাট মুকলি কৰে সেইটো নিশ্চিত কৰাটো চৰকাৰৰ এটা গধুৰ দায়িত্ব। তেওঁ লগতে কয় যে শিক্ষা বিভাগক নতুন নতুন সম্ভাৱনা থকা ক্ষেত্ৰবোৰ চিনাক্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, যাতে মেঘালয়ৰ নতুন প্ৰজন্মই চাকৰিৰ বাবে হাবাথুৰি খাই মাজবাটতে ৰৈ থাকিব নালাগে। ‘আমি পৰম্পৰাগত পাঠ্যক্ৰমবোৰতে লাগি থাকিব নালাগে আৰু এইবোৰক নকল কৰিব নালাগে। তাৰ পৰিৱৰ্তে এটা নতুন ধাৰাৰ সৃষ্টি কৰিব লাগে আৰু বৃত্তি উপযোগী দক্ষতাৰ বিকাশ কৰিব লাগে।’ চাংমাই কয়।

 

আনহাতে কাৰ্য্যসূচীকেইটাত মুখ্য মন্ত্ৰীক সংগ দিয়া বিদ্যালয়ী শিক্ষা আৰু সাক্ষৰতা মন্ত্ৰী দেবোৰা মাৰাকে কয়, ‘যোৱা দহ বছৰত মুখ্য মন্ত্ৰী মুকুল চাংমাৰ সুনেতৃত্বত চৰকাৰখন বহুখিনি উন্নয়ন সাধিবলৈ সক্ষম হৈছে।’

উল্লেখযোগ্য যে গাৰো পাহাৰত এইখন আছিল দ্বিতীয়খন পলিটেকনিক প্ৰতিষ্ঠান। আনহাতে দুয়োজন মন্ত্ৰীয়ে ৱিলিয়ামছন নগৰৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত টেবলেট কম্পিউটাৰ বিতৰণ কৰে। মুখ্য মন্ত্ৰীজনে ঘোষণা কৰে যে অহা বছৰৰ পৰা একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলকো টেবলেট কম্পিউটাৰ দিয়া হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd