বিগত প্ৰায় পয়ত্ৰিশ বছৰ ধৰি অসমীয়াই কেৱল বিদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাক লৈয়েই ব্যস্ত থাকিবলগীয়া হৈছে। ঐতিহাসিক ছবছৰীয়া অসম আন্দোলনৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কলৈ অসমীয়াই আন্দোলনৰ পথ ল’বলগীয়া হৈছে বিদেশীৰ আগ্ৰাসনৰ শংকাৰ বাবেই। কিন্তু সুদীৰ্ঘকাল ৰাজপথত আন্দোলন কৰা জাতি এটাৰ বাবে সুফল লাভৰ কোনো সম্ভাৱনাই স্পষ্ট নহয়। অসমীয়া নৱ প্ৰজন্মই সীমাহীন দল-সংগঠনৰ আহ্বানত ৰাজপথত ব্যস্ত থাকিলে জাতিটোৰ সৰ্বাত্মক বিকাশৰ স্তৰত অৰিহনা যোগোৱাৰ পৰা বঞ্চিত হৈ ৰোৱাৰ সম্ভাৱনাহে অধিক স্পষ্ট হৈ পৰিব ধৰিছে।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ অত্যন্ত প্ৰয়োজনীয়তাৰ কথা স্বীকাৰ কৰিও ক’ব পাৰি যে বৰ্তমান সময়ত প্ৰতিবাদত ব্যস্ত হৈ থকা এপিনে ৭০টা আৰু আনপিনে ৩০ টা জাতীয় সংগঠনৰ ভূমিকা জাতিটোক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত প্ৰশ্নাতীত নহয়। এপিনে আমি অসমীয়া জাতিটো শেষ হৈ যাব বুলি শংকিত হৈ পৰিছো আৰু আনপিনে নিজৰ মাজতে প্ৰতিদিনে একোটাকৈ সংগঠন খুলি ৰাজপথত আন্দোলনত নামিছো। ইয়াৰ পৰা আমাৰ জাতিটোৰ মাজতে থকা সীমাহীন ভিন্নতাহে পৰিলক্ষিত হৈ পৰা নাইনে?
এই মুহূৰ্তত অসমৰ কোনো এজন ব্যক্তিয়ে আন্দোলনত ব্যস্ত হৈ পৰা ৭০ টা সংগঠনৰ সকলোবোৰৰ পৰিচয় উদ্ধাৰ কৰিব পাৰিব বুলি মনে নধৰে।ইয়াৰ কিছুমানৰ হয়তো নামটোহে আছে, সদস্য বুলিবলৈ বিষয়ববীয়াকেইজনৰ বাহিৰে কোনো নাই।ইমানবোৰ সংগঠনে এটা মাত্ৰ সংগঠন কৰি মূল ইচ্ছ্যুটোৰ বিৰুদ্ধে যুঁজ দিব নোৱাৰাটোৱে হয়তো এদিন আমাক এটা ব্যৰ্থ আন্দোলনৰ ইতিহাসহে সোঁৱৰাব।কোনো নেতাৰ ৰাজনৈতিক অভিলাষ যদি আন্দোলনৰ জীৱনী শক্তি হয় তেতিয়াহ’লে সেই আন্দোলনে সুফল কঢ়িয়াই অনাৰ সম্ভাৱনা তেনেই ক্ষীণ।
ভাৰতীয় মূলসুঁতিৰ ৰাজনীতিৰ সৈতে অসমৰ ৰাজনৈতিক পৰিক্ৰমা কোনোমতেই তুলনা কৰিব নোৱাৰি। অসমৰ ৰাজনীতিত জাতি-মাটি-ভেটিৰ স্বাৰ্থত তাহানিৰ গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক সময়লৈকে অসমীয়াই যুঁজ অব্যাহত ৰাখিবলগীয়া হৈছে।প্ৰতিটো মুহৰ্ততে অসম তথা উত্তৰ-পূৰ্বাঞ্চলে নিজকে সুকীয়া বুলি পৰিচয় দাঙি ধৰিবলৈ বাধ্য থাকিবলগীয়া হৈছে।কিয়নো ভাৰতীয় ৰাষ্ট্ৰয়তাবাদী ৰাজনীতিৰ মূল লক্ষ্যই হৈছে ক্ষুদ্ৰ জাতিসত্ত্বাসমূহ ধ্বংস কৰি ক্ষমতা কেন্দ্ৰীভূত কৰা। ইয়াৰ বাবে আমাৰ শক্তিশালীভাৱে আৰম্ভ হোৱা জাতীয়তাবাদী আঞ্চলিক ৰাজনীতিৰ পুতৌজনক পৰিণতিয়েও এই ধাৰাক খোপনি পোতাত সহায় কৰিছে।
এতিয়া কথা হ’ল অসমীয়াই ৰাজপথৰ আন্দোলনতে ব্যস্ত থাকিব নে জাতিটোৰ সৰ্বাংগীণ বিকাশৰ বাবে সৰ্বাত্মক বৌদ্ধিক আন্দোলনৰো সূচনা কৰিব।কৰ্ম সংস্কৃতিৰ আন্দোলনৰ পাতনি মেলি জাতিটোৰ সৰ্বস্তৰতে বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ দল-সংগঠনবোৰৰ সময় হ’বনে? ব্যৱসায় বাণিজ্যত অসমীয়াৰ প্ৰভুত্ব কেতিয়া দেখা পাম?এই সকলো পৰ্যায়তে এতিয়া দপদপাই থকা বহিৰাগত শ্ৰেণীৰ আগ্ৰাসনৰ পৰা অসমীয়াক উদ্ধাৰ কৰাৰ পণ ল’বলৈ কেতিয়া সাজু হ’ব অসমৰ দল-সংগঠনবোৰ?
এই মুহূৰ্তত বিদেশীৰ পৰা শংকিত হৈ পৰা অসমীয়াই এইকথাও উপলব্ধি কৰা উচিত যে সমান্তৰালভাৱে ৰাজ্যখনৰ সৰ্বদিশত ছানি ধৰা বহিৰাগতৰ আগ্ৰাসনো কিন্তু অসমীয়াৰ বাবে শুভদায়ক নহয়। জাতিটো ৰক্ষা কৰিবলৈ অসমীয়াই নিজৰ মাটিখিনিও ৰক্ষা কৰিব পাৰিব লাগিব।বহিৰাগতক মাটি বিক্ৰী বন্ধ নকৰিলে জাতি-মাটি-ভেটি ৰক্ষা পৰাৰ কোনো পথ নাই।ৰাজ্যখনৰ ৰাজধানীৰ চৌদিশে বহিৰাগত বণিয়াৰ দপদপনি যদি কোনোৱে উপলব্ধি কৰা নাই, ব্যৱসায়-বাণিজ্য-উদ্যোগ আদিত যদি বহিৰাগত বণিয়াৰ উমান পোৱা নাই, তেতিয়াহ’লে ৰাজপথৰ আন্দোলনে আমাক কেতিয়াও সকাহ দিব নোৱাৰে।
আনহাতে, অসমীয়া জাতিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমাক এটা বৌদ্ধিক আন্দোলনৰ প্ৰয়োজন।এই বৌদ্ধিক আন্দোলনৰ নেতৃত্ব দিব পৰা মানুহখিনি যদি ৰাজপথত ব্যস্ত থাকে, তেনেহ’লে আমাৰ জাতিটোৰ বাবে আন এক সংকট দেখা দিয়াটো অৱশ্যম্ভাৱী।ৰাজ্যখনৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহক ৰক্ষা কৰাৰ লগতে ইয়াক প্ৰতিযোগিতামূলক পৰিস্থিতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ গঢ়ি তোলাৰ বাবে পৰিৱেশ সৃষ্টি কৰা হওক। অসমীয়া ভাষাৰ চৰ্চা সৰ্বাত্মক ৰূপত বিয়পাই তুলি ভাষাটোৰ মৰ্যাদা বৃদ্ধি কৰা হওক। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়াৰ ক্ষেত্ৰত অসমীয়া ভাষাটোৱে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰে।তদুপৰি, আমাৰ পৰম্পৰা-সংস্কৃতিক সমৃদ্ধ কৰি সমগ্ৰ বিশ্বকে আকৰ্ষিত কৰাৰ প্ৰযত্ন কৰা হওক। এই সকলোবোৰেই কিন্তু আমাৰ জাতীয় আন্দোলনৰ বিষয় হোৱা উচিত।