• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2026 6:31 pm
396
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত কৰ্পৰেট জালিয়াতিৰ ঘটনা হ্ৰাস পোৱা নাই। এইবাৰ দেশত ধৰা পৰিছে আন এক বৃহৎ কেলেংকাৰী। সৌজন্যত ৰাজেশ এক্সপ’ৰ্টছ লিমিটেড। বজাৰ নিয়ন্ত্ৰক সংস্থা ছেবিৰ দাবী অনুসৰি কোম্পানীটোত ১৫ লাখ কোটি টকাৰ বিত্তীয় জালিয়াতি সংঘটিত হৈছে। এই খবৰ ওলোৱাৰ লগে লগে কেইবাটাও ৰাষ্ট্ৰীয়কৃত সংস্থা  ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। তাৰ ভিতৰত প্ৰথমটো হৈছে এল আই চি। এই কোম্পানীত বীমা কোম্পানীটোৰ ১০ শতাংশতকৈ অধিক শ্বেয়াৰ আছিল।

ভাৰতীয় শ্বেয়াৰ বজাৰৰ তথ্য অনুসৰি দেশৰ সৰ্ববৃহৎ সোণ শোধনাকাৰী আৰু গহনা নিৰ্মাতা কোম্পানী হৈছে ৰাজেশ এক্সপ’ৰ্টছ লিমিটেড (আৰ ই এল)। বজাৰ নিয়ন্ত্ৰক সংস্থা ছেবিয়ে এই কোম্পানীটোৰ বিৰুদ্ধে চৰম ব্যৱস্থা গ্ৰহণ কৰিছে। ছেবিয়ে কোম্পানীটোৰ পৰিচালন সঞ্চালক ৰাজেশ মেহতা আৰু কোম্পানীটোৰ বিৰুদ্ধে বিত্তীয় অনিয়ম, ভুৱা ৰাজহ হিচাপ দেখুওৱা আৰু তদন্তত সহযোগ নকৰাৰ অভিযোগত অন্তৱৰ্তীকালীন আদেশ জাৰি কৰিছে।

Apply Now

আজি (বৃহস্পতিবাৰে) এই খবৰ ওলোৱাৰ লগে লগে বজাৰত পতন ঘটে ৰাজেশ এক্সপ’ৰ্টছৰ শ্বেয়াৰ। বজাৰ খোলাৰ লগে লগে কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য প্ৰায় ৫ শতাংশ হ্ৰাস পাই ১০৩ টকা হয়। যোৱা এবছৰত এই শ্বেয়াৰৰ মূল্য প্ৰায় ৪০ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে।

ছেবিৰ অন্তৱৰ্তীকালীন প্ৰতিবেদনত যি তথ্য পোহৰলৈ আহিছে, সেয়া এক কথাত চকু কপালত তুলিব পৰা। ছেবিয়ে দাবী কৰিছে যে ৰাজেশ এক্সপ’ৰ্টছে ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ভিতৰত তেওঁলোকৰ সমন্বিত ৰাজহত প্ৰায় ১৫.১৫ লাখ কোটি টকাৰ অমিল বা ভুল তথ্য দাখিল কৰিছে। এই সংখ্যাটো সেই নিৰ্দিষ্ট সময়ছোৱাত কোম্পানীটোৱে দেখুওৱা মুঠ ৰাজহৰ প্ৰায় ৯৯.৮০ শতাংশ!

কেনেকৈ সংঘটিত হ’ল এই আৰ্থিক প্ৰৱঞ্চনা? তদন্তত প্ৰকাশ পাইছে যে কোম্পানীটোৰ মুঠ আয়ৰ ৯৭ৰ পৰা ৯৯ শতাংশ বিদেশী সহযোগী কোম্পানী বিশেষকৈ ‘ভালকাম্বি এছ এ’ৰ পৰা আহিছে। কিন্তু ভালকাম্বিৰ নিজৰ অডিট কৰা বিত্তীয় প্ৰতিবেদন পৰীক্ষা কৰাৰ পিছত ছেবিয়ে গম পালে যে মূল গোট পৰ্যায়ত দেখুওৱা বিশাল আয়ৰ এটা সৰু অংশহে প্ৰকৃততে তাত আছিল।

ছেবিয়ে অভিযোগ কৰে যে কোম্পানীটোৱে সোণ শোধন বা প্ৰক্ৰিয়াকৰণৰ প্ৰকৃত আয়ৰ পৰিৱৰ্তে সমগ্ৰ সোণৰ লেনদেনৰ মূল্য বা মুঠ মূল্য ৰাজহ হিচাপে দেখুৱাই বিনিয়োগকাৰীক বিপথে পৰিচালিত কৰিছিল। ইয়াৰ সমৰ্থনত তেওঁলোকে কোনো সঠিক চালান, গ্ৰাহকৰ তথ্য বা একাউণ্টিং নথি দেখুৱাব পৰা নাই।

ছেবিয়ে ৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিবেদন কৰ্তৃপক্ষক (NFRA) এই বিষয়টো চাবলৈ আৰু কোম্পানীটোৰ বিধিগত অডিটৰসকলৰ ভূমিকা পৰীক্ষা কৰিবলৈও পৰামৰ্শ দিছে।

ৰাজেশ এক্সপোৰ্টছৰ এই চৰম সংকটত ভাৰতীয় জীৱন বীমা নিগম বা এল আই চিয়ে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। দেশৰ সৰ্ববৃহৎ প্ৰতিষ্ঠানিক বিনিয়োগকাৰী সংস্থাৰ ৰাজেশ এক্সপোৰ্টছত প্ৰায় ১০.৮০ শতাংশ শ্বেয়াৰ আছে। ২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা এল আই চিয়ে এই শ্বেয়াৰৰ ক্ৰয়-বিক্ৰয় কৰা নাই।

শ্বেয়াৰৰ মূল্য তীব্ৰ হ্ৰাসৰ বাবে এল আই চিৰ বিনিয়োগৰ মূল্য ভয়ংকৰভাৱে হ্ৰাস পাইছে। ২০২৬ চনৰ আৰম্ভণিতে ৰাজেশ এক্সপ’ৰ্টছত এল আই চিৰ অংশীদাৰিত্বৰ মূল্য ৬৩৭ কোটি টকা আছিল যদিও এতিয়া ই মাত্ৰ ৩৪৭ কোটি টকালৈ হ্ৰাস পাইছে।

কেৱল এল আই চিয়েই নহয়, বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীও (এফ আই আই) ক্ষতিগ্ৰস্ত হৈছে। কিন্তু কোম্পানীটোৰ অৱস্থা অনুভৱ কৰি তেওঁলোকে যোৱা তিনি বছৰ ধৰি নিজৰ অংশীদাৰিত্ব অহৰহ হ্ৰাস কৰি আহিছে। ২০২৩ চনৰ মাৰ্চ মাহত এফ আই আইৰ হোল্ডিং ১৭.৬০ শতাংশ আছিল যদিও ২০২৬ চনৰ মাৰ্চ মাহত ই ১৪.২৬ শতাংশলৈ হ্ৰাস পাইছে। বৰ্তমান কোম্পানীটোত মূলতঃ ব্ৰীজ ইণ্ডিয়া ফাণ্ড (৮.৪৬ শতাংশ) আৰু শ্বাব ফাণ্ডামেণ্টেল ইমাৰ্জিং মাৰ্কেটছ ইকুইটি ই টি এফে (২.৭০ শতাংশ) ডাঙৰ বিনিয়োগ কৰিছে। কিন্তু বৰ্তমানৰ শ্বেয়াৰৰ পতনৰ বাবে এফ আই আইৰ হোল্ডিংছৰ মূল্যও ৮৩৮ কোটিৰ পৰা ৪৫৬ কোটিলৈ হ্ৰাস পাইছে।

ৰাজেশ এক্সপ’ৰ্টছৰ বিত্তীয় প্ৰতাৰণাক লৈ প্ৰশ্ন উত্থাপন হোৱাটো এয়া প্ৰথম নহয়। ২০২৩ চনত নেশ্যনেল ষ্টক এক্সচেঞ্জে ২০২৩ চনৰ বিত্তীয় বৰ্ষৰ নগদ ধনৰ প্ৰবাহৰ বিৱৰণ দাখিল নকৰাৰ বাবে কোম্পানীটোক জবাবদিহি কৰিছিল। ২০২৩ চনৰ ছেপ্টেম্বৰ ত্ৰৈমাসিকতো কোম্পানীটোৱে অডিট প্ৰতিবেদন আৰু নগদ ধনৰ প্ৰবাহৰ সঠিক তথ্য লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছিল। এতিয়া ছেবিৰ এই কঠোৰ ব্যৱস্থাৰ অন্তত আগন্তুক দিনত ৰাজেশ মেহতা আৰু তেওঁৰ কোম্পানীৰ ভৱিষ্যত কোনফালে ঢাল খায়ব তালৈ সচেতন মহলে দৃষ্টি ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd