• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলঘাট মৰাপাট কলৰ বাবে অহা ৩৩ কোটি টকাৰ অংক কাৰ? বিধায়ক কেশৱ মহন্তলৈ সন্দেহৰ আঙুলি!

বিধায়ক কেশৱ মহন্তৰ সাংগোপাংগ কিয় লাগিছে দ্বিতীয় প্ৰকল্পটো বান-খহনীয়া আক্ৰান্ত অঞ্চললৈ নিয়াৰ বাবে

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
January 25, 2019 9:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ একমাত্ৰ লাভদায়ক সমবায় উদ্যোগ শিলঘাট মৰাপাট কলৰ বাবে যোৱা বছৰ ডিচেম্বৰতে ৰাজ্য চৰকাৰৰ কেবিনেটে ৩২.৭২ কোটি টকাৰ ঋণ মঞ্জুৰ কৰাৰ পিছত এই টকাখিনিক লৈ এতিয়া অংকত ব্যস্ত হৈ পৰিছে এচাম স্বাৰ্থলোভী তথা সুবিধাবাদী। ধাৰাবাহিক উৎপাদনেৰে সফলতাৰ মুখ দেখুৱাই অহা নগাওঁ জিলাৰ এই উদ্যোগটোৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ আনিছে খোদ স্থানীয় ৰাইজ আৰু ইয়াত কৰ্মৰত কৰ্মচাৰীসকলে।

কৰ্মচাৰীসকলে এই ষড়যন্ত্ৰৰ উমান পাই দ্বিতীয় প্ৰকল্পটো বৰ্তমানৰ কলটোৰ কাষতে স্থাপন কৰাৰ দাবীত যোৱা ২৩, ২৪, ২৫ আৰু ২৬ ডিচেম্বৰত ওচৰৰ কেইবাখনো গাওঁৰ পৰা গণস্বাক্ষৰ সংগ্ৰহ কৰে।

এই সন্দৰ্ভত এজন স্থানীয় লোকে কয়, “বিহডুবি হ’ল গোটেই বালিৰে ভৰা। আগৰ পলিয়েষ্টাৰ মিলটো যেতিয়া চলাইছিল, আমাৰ বাৰীলৈকে কঁপি আছিল। গতিকে তাত মৰাপাট কলৰ দ্বিতীয়টো প্ৰকল্প স্থাপন সম্ভৱ নহয়।”

“বিহডুবি বান আৰু খহনীয়া অধ্যূষিত অঞ্চল। এনেকুৱা অঞ্চলত এটা উদ্যোগ হ’ব নোৱাৰে। তাৰ জ্বলন্ত উদাহৰণ হ’ল অসম পলিয়েষ্টাৰ উদ্যোগ, যিটো আজিও চলোৱা সম্ভৱ হৈ নুঠিল।”, এগৰাকী মহিলা কৰ্মচাৰীয়ে কয়।

তেওঁ লগতে কয়, “বৰ্তমানৰ যিটো মূল উদ্যোগ তাতে যথেষ্ট মাটি আছে। ইয়াৰ কাষতে নতুন প্ৰকল্পটো স্থাপন কৰক। ইয়াক লৈ কোনো ৰাজনীতি, ব্যৱসায় হ’ব নালাগে।”

আনহাতে মৰাপাট কল কৰ্মী পৰিষদৰ সভাপতি জয়ন্ত বৰকাকতীয়ে কয়, “অসম চৰকাৰৰ কেবিনেটে ৩২.৭২ কোটি টকা ঋণ মঞ্জুৰ কৰাত কলটোৰ পৰিয়াল আনন্দিত হৈছে যদিও ইয়াত যথেষ্ট মাটি থকাৰ পিছতো প্ৰস্তাৱিত দ্বিতীয়টো প্ৰকল্পৰ বাবে বিহডুবিৰ দৰে অনুপযুক্ত অঞ্চল এটাক বাছি লোৱাটো দুৰ্ভাগ্যজনক। সেই অঞ্চলটোত পূৰ্বে পলিয়েষ্টাৰ উদ্যোগটো স্থাপন কৰিছিল যদিও মেচিন চলোৱাৰ লগে লগে অঞ্চলটো কঁপিছিল। ফলত সেইটো বন্ধ হৈ পৰে। ইয়াৰ পিছতো কিয় এটা চক্ৰই আঁকোৰগোজভাৱে বিহডুবিত মৰাপাট কলৰ দ্বিতীয়টো প্ৰকল্প স্থাপনৰ বাবে উঠি-পৰি লাগিছে সেয়া এক ৰহস্য।”

“আমি মিল পৰিচালনা সমিতিক কৈ আহিছো। যদিহে দ্বিতীয় প্ৰকল্পটো ইয়াতে, অৰ্থাৎ মিলটোৰ বৰ্তমানৰ স্থানতে স্থাপন কৰে তেন্তে অতি কম খৰচতে আৰু কম সময়তে এইটো উৎপাদনক্ষম কৰি তুলিব পৰা যাব। ফলত সহজেই লাভৰ মুখ দেখিব।” সভাপতিজনে কয়।

“ইয়াত যথেষ্ট ঠাই আছে। ইমান সহজ হৈ থকাৰ পিছতো কিহৰ স্বাৰ্থত বিহডুবিলৈ নিব বিচৰা হৈছে নাজানো। দ্বিতীয়টো প্ৰকল্প দূৰদৰ্শিতাৰে নিৰ্মাণ কৰিব লাগিব। অদূৰদৰ্শিতা আৰু মিছমেনেজমেণ্টৰ বাবেই বহুতো উদ্যোগ বন্ধ হৈ গৈছে। এইটোও তেনেকুৱা হোৱাটো নিবিচাৰো।” তেওঁ লগতে কয়।

তেওঁ বিহডুবি অঞ্চলৰ মানুহৰ নিবনুৱা সমস্যা দূৰ হোৱা, লোকসকলৰ সংস্থাপনৰ যুক্তিক “আমিও সন্মান কৰো” বুলি কৈ যুক্তি দিয়ে, “কিন্তু উদ্যোগটো স্থাপন কৰাৰ পিছতে বন্ধ হৈ পৰিলে উদ্যোগটোও নাবাচে, সংস্থাপনো নহ’ব। আনহাতে এতিয়া মৰাপাট কলটোতো বিহডুবিৰ বহুতো লোক নিয়োজিত হৈ আছে।”

মৰাপাট কল কৰ্মী পৰিষদৰ লোকসকলৰ লগতে স্থানীয় কিছু সংখ্যক লোক আৰু কল পৰিচালনা সমিতিৰ একাংশই জনোৱা মতে, বৰ্তমান সংকটৰ দিশত গৈ থকা সমবায় উদ্যোগটোৰ দ্বিতীয় এটা গোট বা প্ৰকল্প স্থাপনৰ জৰিয়তে উন্নয়নৰ সাধনৰ বাবে ৰাজ্য চৰকাৰে এই ঋণ মঞ্জুৰ কৰিছে। কিন্তু এতিয়া ধনখিনি উপযুক্তভাৱে কামত নলগাই এচামে কৌশলগতভাৱে ইয়াক প্ৰকৃত উন্নয়নৰ পৰা আঁতৰাই নিজৰ সুবিধা হোৱাকৈ ব্যয় কৰিব খুজিছে।

এই ষড়যন্ত্ৰৰ অংশস্বৰূপেই কলটোৰ দ্বিতীয় গোটটো ইয়াৰ বৃহৎ পৰিসৰৰ ভিতৰত অনেক ঠাই থকা সত্ত্বেও তাৰ পৰা আঁতৰাই নি বিহডুবি নামৰ আন এডোখৰ ঠাইত স্থাপন কৰিবলৈ ওলাইছে মিল কৰ্তৃপক্ষ।

মন কৰিব লগীয়া যে কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত হ’ল মিল পৰিচালনা সমিতিৰ সভাপতি। তেওঁৰ বহুকেইজন সাংগোপাংগই প্ৰকল্পটো বান-খহনীয়া আক্ৰান্ত বিহডুবিলৈ নিয়াৰ ষড়যন্ত্ৰ কৰি আছে। কিন্তু মিল পৰিচালনা কৰ্তৃপক্ষৰ এই  সন্দেহৰ গোন্ধ পাইছে স্থানীয় ৰাইজে।

অঞ্চলটোৰ কিছু সংখ্যক সচেতন নাগৰিকে অভিযোগ কৰামতে, এনেকুৱা স্থানত প্ৰকল্পটো স্থাপন কৰি আচলতে টকাখিনি সৰকোৱাৰ পাংহে পাতিছে স্বাৰ্থলোভী মহলটোৱে। “প্ৰকল্পটো স্থাপনৰ পিছতে বা স্থাপনৰ আধা কাম হওঁতেই যদি কিবা অজুহাতত বন্ধ হৈ পৰে তেতিয়া তাৰ বাবে অনুমোদিত ধনৰাশি সহজে আত্মসাৎ কৰিব পৰা যাব। এয়াই অন্তৰ্নিহিত কৌশল।” স্থানীয় সচেতন নাগৰিকজনে কয়।

স্থানীয় লোকজনে জনোৱামতে, যোৱা ১৮ জানুৱাৰিত কেশৱ মহন্তৰ সভাপতিত্বত পৰিচালনা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। ইয়াত কৰ্মচাৰীসকল আৰু স্থানীয় লোকৰ আপত্তিৰ বিষয়টো আলোচনাৰ বাবে উঠোৱা হয় যদিও কোনো সিদ্ধান্ত কৰা নহ’ল। পৰৱৰ্তী আন এটা দিনত আটাইকেইটা স্বাৰ্থজড়িত পক্ষৰ সৈতে এখন বৈঠক পতাৰ সিদ্ধান্ত কৰা হয়।

মৰাপাট কল কৰ্মী পৰিষদ আৰু কলটোৰ সমূহ কৰ্মচাৰীয়ে শংকা প্ৰকাশ কৰিছে যে বিহডুবিৰ উক্ত বান-খহনীয়া আক্ৰান্ত অঞ্চলত দ্বিতীয়টো গোট স্থাপন কৰিলেও ই পূৰ্বৰ পলিয়েষ্টাৰ উদ্যোগটোৰ দৰে বন্ধ হৈ পৰিব। ফলত ধনখিনি অপচয় হোৱাৰ লগতে উদ্যোগটোৰ উন্নয়নৰ যি লক্ষ্য সি বিফল হ’ব আৰু ই মূল উদ্যোগটোলৈ সংকটত মাতিব পাৰে।

উল্লেখ কৰিব পাৰি যে শিলঘাট মৰাপাট কল হৈছে ৰাজ্যৰ সমবায় ভিত্তিক একমাত্ৰ উদ্যোগ, যি লাভৰ মুখ দেখুৱাই আছে। ২০১৭ চনত কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু সমবায় বিভাগে ৰাজ্যখনৰ ভিতৰতে শ্ৰেষ্ঠ সমবায় সমিতিৰ বঁটা দিছিল এই উদ্যোগটোক। ১৯৬৭ চনৰ ১৪ আগষ্টত তদানীন্তন কলিয়াবৰৰ বিধায়ক প্ৰয়াত লীলাকান্ত বৰাই এই উদ্যোগটোৰ আধাৰশিলা স্থাপন কৰিছিল। ১৯৭০ চনৰ ১ জানুৱাৰিত তদানীন্তন অসমৰ বিত্ত মন্ত্ৰী ফকৰুদ্দিন আলী আহমেদে কলটোৰ শুভ উদ্বোধন কৰিছিল।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd